Heart attack symptoms: হাৰ্ট এটেক অহাৰ পূৰ্বে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

Heart attack symptoms: বহুতে ভাবে হাৰ্ট এটেক আহিলে কোনো লক্ষণ দেখা নিদিয়ে। কিন্তু বহু সময়ত শৰীৰে ইয়াৰ ইংগিত দিয়ে। গতিকে ইয়াৰ বিষয়ে জানি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

Heart attack symptoms: হাৰ্ট এটেক অহাৰ পূৰ্বে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

হতাশা আৰু ভাগৰৰ ফলত হাৰ্ট এটেক হ'ব পাৰে নেকি?

Updated On: 

22 Sep 2025 | 01:45 PM

আজিকালি মানুহে বহু স্বাস্থ্যজনিত সমস্যাত ভুগি থাকে। কিন্তু সাধাৰণ লক্ষণবোৰ আওকান কৰাৰ বাবে বহুতে ইয়াৰ বিষয়ে নাজানে। যিকোনো ৰোগৰ লক্ষণৰ বিষয়ে জানিলে ইয়াৰ পৰা হাত সৰা সহজ হয়। আমাৰ সকলোৰে বাবে হৃদযন্ত্ৰ অতি প্ৰয়োজনীয়। কিন্তু আপুনি জানেনে, হাৰ্ট এটেক অহাৰ পূৰ্বে শৰীৰে কিছুমান সংকেত দিয়ে? যিবোৰ মানুহে আওকান কৰি চলে।

এই সন্দৰ্ভত দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰস্পেচিয়েলিটি হস্পিতালৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে সবিশেষ জনাইছে। তেওঁ কৈছে যে, কিছুমান লোকে বুকুত চাপ অনুভৱ কৰে। যাক এঞ্জাইনা বুলি কোৱা হয়। এই সময়চোৱাত উশাহত কষ্ট আৰু আন সমস্যাও হয়। যেতিয়া হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণে অক্সিজেন লাভ নকৰে তেতিয়া বিষ অনুভৱ হয়। ইয়াক মানুহে আওকান কৰে যদিও ইয়াৰ ফলত হাৰ্ট এটেক হ’ব পাৰে। আনকিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

ঠাণ্ডা ঘামঃ যদি আপোনাৰ বাৰে বাৰে ঠাণ্ডা ঘাম ওলাই আৰু ভাগৰ লাগি থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

ভাগৰঃ অনবৰতে ভাগৰ লাগি থকা হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। কিন্তু বহুতে এয়া সাধাৰণ বুলি আওকান কৰি চলে। জিৰণি নল’লে ভাগৰ লাগিব পাৰে। কিন্তু যদি বাৰে বাৰে এই সমস্যা হয় আৰু কোনো কাম নকৰাকৈ, জিৰণি লোৱাৰ পাছতো হয় তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

উশাহ-নিশাহৰ কষ্টঃ হাৰ্ট এটেকৰ পূৰ্বে উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হ’ব পাৰে। বহুতে ভাবে ওজন বৃদ্ধি, গৰম, শক্তিৰ অভাৱ আদিৰ বাবে এনে হয়। কিন্তু যেতিয়া হৃদযন্ত্ৰই তেজত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পাম্প কৰিব নোৱাৰে তেতিয়া শৰীৰে চাপ অনুভৱ কৰে। যাৰ ফলত উশাহ-নিশাহৰ কষ্ট হ’ব পাৰে।

বিষঃ হাৰ্ট এটেকৰ সবাতোকৈ সাধাৰণ লক্ষণ হ’ল থুতুৰিৰ ওচৰত বিষ, কান্ধ, পিঠি আদিত বিষ অনুভৱ হোৱা। যদি বাৰে বাৰে এনে হয় এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

বদহজম, মূৰ ঘূৰোৱা, বুকুত চাপ বা বিষঃ বদহজম হোৱা., মূৰ ঘূৰোৱা বা বুকুত বিষ বহুতে সাধাৰণ বুলি ভাবে। কিন্তু এয়া হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।

অনিদ্ৰাঃ হাৰ্ট এটেকৰ আন এটা লক্ষণ অনিদ্ৰা হ’ব পাৰে। টোপনি পৰ্যাপ্ত নহ’লে বিভিন্ন ৰোগে দেখা দিয়ে। এনে ক্ষেত্ৰত সাৱধান হোৱা ভাল।

 

গতিকে এই লক্ষণসমূহ যদি বাৰে বাৰে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

 

অন্য খবৰ পঢ়কঃ Diabetes: আপোনাৰো আছে নেকি এই ৩টা অভ্যাস? বৃদ্ধি হ’ব পাৰে ব্লাড চুগাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...