হাৰ্ট এটেকৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ টা ইংগিত, জানক বিশেষজ্ঞৰ পৰা…

আজিকালি মানুহৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা দেখা যায়। বহুতে ভাবে হাৰ্ট এটেক হঠাতে হয়। কিন্তু হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে কিছুমান ইংগিত দিয়ে। যি আওকান কৰিব নালাগে।

হাৰ্ট এটেকৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ টা ইংগিত, জানক বিশেষজ্ঞৰ পৰা...

হৃদযন্ত্ৰৰ সমস্যা

Published: 

31 Aug 2025 19:07 PM

বৰ্তমান সময়ত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈ, বহুতে হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায়। ৩০-৪০ বছৰৰ লোকসকলৰো হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। বেয়া জীৱনশৈলী, মানসিক চাপ, ধূমপান, টোপনিৰ অভাৱ, ওজন বৃদ্ধি আদিৰ ফলত এই ৰোগ বৃদ্ধি পোৱা বুলি ক’ব পাৰি।

বহুতে ভাবে যে হঠাতে হাৰ্ট এটেক আহে। কিন্তু সত্য এয়াই যে, হাৰ্ট এটেকৰ পূৰ্বে শৰীৰে কিছুমান সংকেত দিয়ে। যিবোৰ বহুতে আওকান কৰে। বহুতে সাধাৰণ বুলি ভাবি এই সংকেতবোৰ আওকান কৰি চলে। কিন্তু ইয়াৰ বিষয়ে জানিলে ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰিব। হাৰ্ট এটেকৰ লক্ষণৰ বিষয়ে জনাইছে দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে।

লক্ষণ

বুকুত বিষঃ হাৰ্ট এটেকৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল বুকুত তীব্ৰ বিষ। অৱশ্যে সকলো সময়তে এই বিষ তীব্ৰ নহয়, কেতিয়াবা সামান্য জলা-পোৰা, বুকু গধুৰ হোৱাৰ দৰে লাগিব পাৰে। বহুতে ইয়াক গেছ বা এচিডিটি বুলি ভাবি আওকাণ কৰে।

উশাহ লোৱাত কষ্টঃ উশাহ-নিশাহত কষ্ট পোৱা আন এটা গুৰুত্বপূৰ্ণ লক্ষণ। যদি আপুনি উশাহৰ কষ্ট পায় বা সামান্য চিৰি বগালে ভাগৰি পৰে তেন্তে ইয়াক সহজভাৱে নল’ব। ই হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পোৱাৰ লক্ষণ হ’ব পাৰে।

ভাগৰুৱাঃ অধিক বেছি ভাগৰ অনুভৱ কৰাও হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ মহিলাসকলে এই লক্ষণটোক প্ৰায়ে আওকাণ কৰে। যদি আপুনি কোনো কাম নকৰাকৈ বা অলপ কাম কৰাৰ পাছতে ভাগৰ অনুভৱ কৰে তেন্তে ই হৃদৰোগৰ লক্ষণ হ’ব পাৰে।

শৰীৰৰ অন্য অংশত বিষঃ যেতিয়াই হাৰ্ট এটেক হয় তেতিয়াই শৰীৰে হাৰ্ট এটেকৰ আগতে কান্ধ, পিঠি, বাহু আদিত বিষ হয়। বহু সময়ত মানুহে ইয়াক সাধাৰণ বুলি আওকান কৰে। এই অংগবোৰত বিষ সকলো সময়তে নাথাকে। মাজে মাজে হ’ব পাৰে।

মূৰ ঘূৰোৱা, ঘাম ওলোৱাঃ হাৰ্ট এটেকৰ সম্ভাৱনা থাকিলে মূৰ ঘূৰাই, ঘাম ওলাই লগতে ৰোগীয়ে অস্থিৰ অনুভৱ কৰে। কোনো কাৰণ নোহোৱাকৈ এই লক্ষণসমূহ দেখা দিলে সাৱধান হোৱা ভাল।

চিকিৎসকে কয় যে, যদি এই লক্ষণসমূহ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰিব পাৰি তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনাৰ পৰা হাত সাৰিব পাৰি।

গুৰুত্বপূৰ্ণ

  • হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব লাগিব।
  • নিয়মীয়াকৈ ব্যায়াম কৰক।
  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
  • ধূমপান আৰু অতিৰিক্ত মদ্যপান পৰিহাৰ কৰক।
  • ৰক্তচাপ আৰু চুগাৰ নিয়ন্ত্ৰণত ৰখা।

 

 

অন্য খবৰ পঢ়কঃ বেয়া চিন্তা, স্মৃতিশক্তি দুৰ্বল…হ’ব পাৰে শৰীৰৰ এই সমস্যাৰ লক্ষণ, জানক সকলো…

এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক
যিবোৰ সমস্যা প্ৰায়ে গুৰুত্ব দিয়া নহয়! মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক
হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি? আওকাণ নকৰিব এই লক্ষণ
এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!