খালী পেটত ফলৰ জুচ খোৱা উচিতনে? জানিবলৈ পঢ়ক এই লেখা…
বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ ৰসক আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী হিচাপে বিবেচনা কৰা হয়। সেয়ে সাম্প্ৰতিক সময়ত স্বাস্থ্য সচেতন অধিকাংশ লোকেই দৈনিক ফলৰ ৰস পান কৰে। কিন্তু সঠিক সময়ত এই ফলৰ ৰস পান কৰিলে আমি উপকাৰৰ পৰিৱৰ্তে ক্ষতিৰহে সন্মুখীন হ’ব পাৰোঁ।

ফলৰ ৰস
এক সুস্থ, সবল আৰু নিৰোগী শৰীৰৰ বাবে এক স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাৰ লগতে সুষম খাদ্য গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। সেয়ে আমি দৈনিক গ্ৰহণ কৰা খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা উচিত। স্বাস্থ্যসন্মত খাদ্যই আমাৰ দেহত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে। বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ ৰসক আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী হিচাপে বিবেচনা কৰা হয়। সেয়ে সাম্প্ৰতিক সময়ত স্বাস্থ্য সচেতন অধিকাংশ লোকেই দৈনিক ফলৰ ৰস পান কৰে।
তাতে গ্ৰীষ্মকালত ফল-মূলৰ ৰসে আমাৰ শৰীৰত জল সঞ্চয় কৰি ৰখাত সহায় কৰে। লগতে ফলৰ ৰসে আমাৰ শৰীৰত প্ৰয়োজনীয় শক্তি প্ৰদান কৰে। সামগ্ৰিক স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী হিচাপে গণ্য কৰা হয় ফলৰ ৰসক। সাধাৰণতে ফলৰ ৰসত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে।
ফলৰ ৰসৰ এনে উপকাৰী দিশৰ প্ৰতি লক্ষ্য ৰাখি বহু লোকে পুৱা খালী পেটতে ফলৰ ৰস পান কৰা দেখা যায়। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খালী পেটত ফলৰ ৰস খোৱাৰ অভ্যাস দেহৰ বাবে উপকাৰী নহয়। খালী পেটত ফলৰ ৰস পান কৰিলে উপকাৰৰ পৰিৱৰ্তে ক্ষতিৰহে সন্মুখীন হয় বুলি স্বাস্থ্য বিশেষজ্ঞসকলে জানিবলৈ দিয়ে।
দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ চিকিৎসক অজিত জৈনে কয় যে খালী পেটত ফলৰ ৰস খালে চেনিৰ মাত্ৰা বৃদ্ধি পায়। এই সমস্যা যিকোনো মানুহৰ লগত হ’ব পাৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে খালী পেটত কেতিয়াও ফলৰ ৰস খাব নালাগে বুলি তেওঁ জানিবলৈ দিছে। খালী পেটত ফলৰ ৰস পান কৰিলে চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ উপৰিও গেছৰ সমস্যা আৰু বদহজমৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
গতিকে পুৱা খালী পেটত ফলৰ ৰস খোৱাতকৈ ফল-মূল সেৱন কৰাটঢ়ে উচিত বুলি চিকিৎসকসকলে পৰামৰ্শ দিছে। তদুপৰি কোনো ৰোগত আক্ৰান্ত হৈ থাকিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ফলৰ ৰস পান কৰিব লাগে। ফলৰ ৰসত অধিক পৰিমাণে চেনি থাকে বাবে ইয়াৰ দ্বাৰা অত্যধিক পৰিমাণৰ কেলৰি সেৱন কৰা হয়।
এনে পৰিস্থিতিত ওজন বৃদ্ধিৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ উপৰিও ই দাঁতৰ আলুৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। গতিকে এইক্ষেত্ৰত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে ফলৰ ৰস পান কৰা উচিত।