বেছি তেল, নিমখ,চেনিযুক্ত খাদ্য খাই নেকি? হ’ব পাৰে ডাঙৰ সমস্যা, জানক বিশেষজ্ঞৰ পৰা…

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বহু সময়ত পৰিৱৰ্তিক খাদ্যভাসৰ বাবে এই সমস্যা হোৱা দেখা যায়। গতিকে মানুহে খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। অন্যথা মেদবহুলতা, ডায়েবেটিছ আদি হ'ব পাৰে।

বেছি তেল, নিমখ,চেনিযুক্ত খাদ্য খাই নেকি? হব পাৰে ডাঙৰ সমস্যা, জানক বিশেষজ্ঞৰ পৰা...

স্বাস্থ্য

Published: 

02 Oct 2025 | 11:24 AM

মানুহৰ খাদ্যভাস আজিকালি সলনি হৈছে। পৰম্পৰাগত আৰু সতেজ খাদ্য এৰি মানুহে এতিয়া সহজে উপলব্ধ প্ৰচেছড আৰু পেকেটত ভৰোৱা খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছে। এইবোৰ খাবলৈ ভাল যদিও শৰীৰৰ বাবে বেয়া। কিয়নো এইবোৰত অত্যধিক নিমখ, চেনি, চৰ্বি আদি থাকে। ইয়াৰ ফলত মেদবহুলতা, ডায়েবেটিছ, ৰক্তচাপ, হৃদৰোগ আদিৰ সম্ভাৱনা বৃৃদ্ধি পায়।

ভাৰতৰ পৰম্পৰাগত খাদ্যত মচুৰ দাইল, চাউল, ৰুটি, বতৰৰ শাক-পাচলি আদি আছিল। কিন্তু আজিকালি মানুহে জাংক ফুড, প্ৰচেছড স্নেকছ, মিঠাযুক্ত পানীয় আদি খাই ভাল পায়। এই খাদ্যত কাৰ্বহাইড্ৰেট বৃদ্ধি হোৱাৰ লগতে প্ৰটিন, ফাইবাৰ, ভিটামিন আদি কম পৰিমাণে থাকে। বিশেষকৈ চহৰৰ লোকসকলৰ মাজত এই অভ্যাস বেছিকৈ দেখা যায়। যি স্বাস্থ্যৰ বাবে অতি বেয়া।

খাদ্যৰ পৰা ৰোগ

শেহতীয়াকৈ এই সন্দৰ্ভত Nature Medicine ত ICMR-INDIAB ৰ এক অধ্যয়নত প্ৰকাশ পাইছে। য’ত দেখা গৈছে যে, ভাৰতীয় খাদ্যত কেলৰি কাৰ্বহাইড্ৰেট বগা চাউল, ঘেঁহু আদিৰ পৰা আহে। য’ত প্ৰটিনৰ পৰিমাণ কম। এই অধ্যয়নত দেখা গৈছে যে ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চেনি খোৱাৰ পৰিমাণ অধিক। যিয়ে ৰাষ্ট্ৰীয় নিৰ্দেশনাকো অতিক্ৰম কৰিছে। ইয়াৰ ফলত দেশত মেদবহুলতা আৰু ডায়েবেটিছ বৃদ্ধি পাইছে।

পৰম্পৰাগত আৰু সুষম খাদ্যৰ পৰিৱৰ্তে মানুহে ক্ৰমান্বয়ে তেল, নিমখ, চেনিযুক্ত জাংক ফুড আৰু প্ৰচেছড ফুড গ্ৰহণ কৰে। এইবোৰত পুষ্টিকৰ উপাদানৰ অভাৱ হয়। যাৰ ফলত শৰীৰৰ হজম প্ৰক্ৰিয়াত বাধা আহে। ইয়াৰ ফলত তেজত চুগাৰৰ মাত্ৰ আৰু কলেষ্টেৰলৰ মাত্ৰাৰ ভাৰসাম্যহীনতা হয়। এনে অৱস্থাত মানুহৰ ডায়েবেটিছ, মেদবহুলতা, উচ্চ ৰক্তচাপ, থাইৰয়ড, হৃদৰোগ আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

পৰিত্ৰাণৰ উপায়

  • প্ৰটিন, ফাইবাৰ বা অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য খাওক।
  • চেনি কমকৈ খাওক।
  • জাংক ফুড, নিমখ আদি কম খাওক।
  • পৰ্যাপ্ত পৰিমাণে পানী খাওক।
  • ফলমূল, বাদাম, দৈ আদি খাব লাগে।
  • ঘৰত বনোৱা খাদ্য খাওক।
  • ৭ৰ পৰা ৮ ঘণ্টা টোপনি লওক।
  • পেকেটৰ খাদ্য পৰিহাৰ কৰক।

 

 

অন্য খবৰ পঢ়কঃ মুখৰ ঘাঁৰ লগতে দেখা দিছে নেকি এই ৭টা লক্ষণ? সাৱধান! জানক ইয়াৰ আঁৰৰ কাৰণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...