বেচন লগালে সঁচাকৈয়ে ছালৰ ক’লা দাগ পৰিষ্কাৰ হয়নে? সত্যতা জানক …

Skin Care Tips: ইনষ্টাগ্ৰাম বা অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন ভিডিঅ’ আৰু ৰীলত দাবী কৰা হৈছে যে বেচন প্ৰয়োগ কৰিলে ছালৰ ক’লা দাগ বা দাগ পৰিষ্কাৰ হয়, ছাল উজ্জ্বল হয়। কিন্তু বহু লোকে প্ৰকৃত খতা নাজানি বিপদত পৰে।

বেচন লগালে সঁচাকৈয়ে ছালৰ ক’লা দাগ পৰিষ্কাৰ হয়নে? সত্যতা জানক ...

মুখত বেচনৰ প্ৰয়োগ

Updated On: 

15 Jul 2025 | 08:19 PM

বৰ্তমান ‘বিশেষজ্ঞ’ৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া। বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কয়, তথ্য প্ৰদান কৰে। সকলো সঁচা নে? বহু ক্ষেত্ৰত তেনে নহ’বও পাৰে। ছাল বা ছালৰ যত্ন কেনেকৈ ল’ব লাগে সেই সম্পৰ্কে ছ’চিয়েল মিডিয়াত হাজাৰ হাজাৰ ভিডিঅ’ পোৱা যায়। সকলো কথা বিশ্বাস কৰিলে উপকাৰতকৈ ক্ষতি বেছি হ’ব পাৰে। বৈজ্ঞানিক প্ৰমাণ অবিহনে বিভিন্ন মতামত পোৱা যায়। তেনে এটা বস্তু হ’ল বেচন আৰু ছালৰ যত্ন।

ইনষ্টাগ্ৰাম বা অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন ভিডিঅ’ আৰু ৰীলত দাবী কৰা হৈছে যে বেচন প্ৰয়োগ কৰিলে ছালৰ ক’লা দাগ বা দাগ পৰিষ্কাৰ হয়, ছাল উজ্জ্বল হয়। কিন্তু বহু লোকে প্ৰকৃত খতা নাজানি বিপদত পৰে। ইয়াৰ বাবে এলাৰ্জী, ছালৰ বিষ, দাগ বৃদ্ধি, আৰু ছালৰ প্ৰাকৃতিক ৰঙৰ ওপৰত নেতিবাচক প্ৰভাৱ।

বেচন লগালে সঁচাকৈয়ে মুখৰ ক’লা দাগ আঁতৰি যায় নেকি? ছালৰ বিশেষজ্ঞ ডাঃ ভৱুক ধীৰৰ মতে এই দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। বেচনত সামান্য এক্সফোলিয়েটিং গুণ আছে। ফলত ছালৰ মৃত ছালৰ কোষবোৰ পৰিষ্কাৰ কৰিব পৰা যায়। ফলত সামান্য গ্ল’ বৃদ্ধি কৰিব পাৰি। ছালখন সতেজ যেন লাগে। কিন্তু গভীৰ ক’লা দাগবোৰৰ বাবে ই স্থায়ী সমাধান নহয়।

বিশিষ্ট ছালৰ বিশেষজ্ঞ ডাঃ ভৱুক ধীৰে কয় যে ছালৰ সকলো দাগ আঁতৰাবলৈ উপযুক্ত চিকিৎসাৰ প্ৰয়োজন। আনৰ কথা শুনি ছালত এইবোৰ প্ৰয়োগ নকাটোৱে ভাল। তেওঁ চিকিৎসকৰ পৰামৰ্শ লৈ সঠিক বস্তু ব্যৱহাৰ কৰাৰ কথা কৈছে।

লগতে পঢ়ক: বাৰিষাত বিপজ্জনক বেক্টেৰিয়াৰ পৰা কিদৰে সুৰক্ষিত ৰাখিব আপোনাৰ ছালখন? সহজ উপায় জানক

(সতৰ্কবাণী: এই প্ৰতিবেদনৰ উদ্দেশ্য কেৱল তথ্য প্ৰদান কৰা। যদি আপোনাৰ কোনো সমস্যা বা সন্দেহ থাকে তেন্তে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ নিশ্চয় লওক।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...