পানী খাওঁতেও মানি চলিব লাগে সঠিক নিয়ম, নহ’লে হ’ব পাৰে বহু ক্ষতি…

সাধাৰণতেই পানী খোৱাটো স্বাস্থ্যৰ বাবে পৰম উপকাৰী। কিন্তু পানী খোৱাৰ সময়ত যদি কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখা নহয়, তেন্তে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে পানী খোৱাৰ সময়ত আমি কেনেধৰণৰ ভুল কৰাৰ পৰা বিৰত থাকিব লাগে, সেই বিষয়ে জানো আহক।

পানী খাওঁতেও মানি চলিব লাগে সঠিক নিয়ম, নহ’লে হ’ব পাৰে বহু ক্ষতি…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

26 Aug 2024 06:47 AM

পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। পানীয়ে কেৱল পিয়াহ দূৰ কৰাই নহয়, শৰীৰত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থও যোগান ধৰে। ছাল, চকু, ছাল, চুলিৰ পৰা আৰম্ভ কৰি দেহৰ সামগ্ৰিক ক্ৰিয়াকলাপৰ বাবে পানী অতি প্ৰয়োজনীয়। যদি দেহৰ ডিহাইড্ৰেচনৰ প্ৰতি গুৰুত্ব দিয়া নহয়, তেন্তে ইয়াৰ প্ৰভাৱ গুৰুতৰ হ’ব পাৰে। সেয়েহে বিশেষজ্ঞসকলে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে। সাধাৰণতে এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ শৰীৰত প্ৰায় ৬৫ শতাংশ পানী পোৱা যায়। অৱশ্যে বয়স, উচ্চতা, ওজন আৰু শাৰীৰিক কাৰ্যকলাপ অনুপাতে দেহত থকা পানীৰ পৰিমাণৰ তাৰতম্য ঘটিব পাৰে।

সাধাৰণতেই পানী খোৱাটো স্বাস্থ্যৰ বাবে পৰম উপকাৰী। কিন্তু পানী খোৱাৰ সময়ত যদি কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখা নহয়, তেন্তে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে পানী খোৱাৰ সময়ত আমি কেনেধৰণৰ ভুল কৰাৰ পৰা বিৰত থাকিব লাগে, সেই বিষয়ে জানো আহক-

খাদ্যৰ লগতে পানী খাব নালাগে

বহু লোকে খাদ্য খোৱাৰ সমান্তৰালকৈ পানী খোৱা দেখা যায়। কিন্তু ইয়াৰ ফলত হজম শক্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰে। এনে অভ্যাসৰ ফলত বদহজম তথা পেটৰ আন সমস্যা হ’ব পাৰে। খাদ্য সঠিকভাৱে হজম কৰিব নোৱাৰাৰ বাবে শৰীৰে সম্পূৰ্ণৰূপে পুষ্টিকৰ উপাদান লাভ নকৰে।

থিয় হৈ পানী খাব নালাগে

থিয় হৈ থকা অৱস্থাত কেতিয়াও পানী খাব নালাগে। এনেদৰে পানী খালে পাচনত কু-প্ৰভাৱ পৰাৰ লগতে স্নায়ুত চাপৰ সৃষ্টি কৰে, ইয়াৰ ফলত গাঁঠিৰ বিষ হ’ব পাৰে। তদুপৰি এই অভ্যাসৰ ফলত বৃক্ক আৰু হাওঁফাওঁতো বেয়া প্ৰভাৱ পৰে।

একেলগে বহু পানী খোৱা উচিত নহয়

সুস্বাস্থ্যৰ বাবে পানী খোৱাটো অতি প্ৰয়োজনীয়। কিন্তু এবাৰতে বহু পৰিমাণে পানী পান কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। বহু সময়ত বটলৰ পৰা পানী খোৱাৰ সময়ত একেলগে যথেষ্ট পৰিমাণৰ পানী খোৱা হয়, কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে উপকাৰী নহয়। পৰাপক্ষত গিলাচৰ পৰা লাহে লাহে পানী খাব লাগে।

অত্যধিক পানীও ক্ষতিকাৰক

বিশেষজ্ঞসকলৰ মতে এজন ব্যক্তিয়ে দৈনিক তিনিৰ পৰা চাৰি লিটাৰ পানী খাব লাগে। অৱশ্যে এই পৰিমাণ শৰীৰ অনুসৰি বেলেগ বেলেগ হ’ব পাৰে। অত্যধিক পানী খালে শৰীৰত পানী জমা হ’বলৈ আৰম্ভ কৰে আৰু লগতে বৃক্কত অতিৰিক্ত চাপ পৰে। ইয়াৰ ফলত মূৰৰ বিষ, বমি, দেহৰ অংগ ফুলা আদি সমস্যাৰো সৃষ্টি হ’ব পাৰে।

জীৱন হ'ব ধ্বংস, কেতিয়াও বিশ্বাস নকৰিব এইসকল লোকক!
প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...