টেঙা উগাৰ, বুকু জ্বলা-পোৰা সমস্যাই কৰিছে নেকি জুৰুলা? আঁৰত আছে এনে কাৰণ

সাধাৰণতে কিছুমান লোক প্ৰায় সকলো সময়তে এচিডিটিৰ সমস্যাত ভোগা দেখা যায়। এচিডিটিৰ বাবে এই লোকসকলে টেঙা উগাৰ, বুকু জ্বলা-পোৰা, বমি আদি সমস্যাৰ সন্মুখীন হয়। দৈনন্দিন জীৱন ধাৰণৰ কিছুমান অভ্যাস ত্যাগ কৰি এনে সমস্যাৰ পৰা আমি সকাহ লাভ কৰিব পাৰোঁ।

টেঙা উগাৰ, বুকু জ্বলা-পোৰা সমস্যাই কৰিছে নেকি জুৰুলা? আঁৰত আছে এনে কাৰণ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

16 Sep 2024 | 03:54 PM

ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্য সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ হ’লে হজম শক্তি উন্নত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। হজম শক্তি যদি দুৰ্বল হ’লে ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত যথেষ্ট বিৰূপ প্ৰভাৱ পৰে। খাদ্য যদি সঠিকভাৱে হজম নহয় তেতিয়া খাদ্যত থকা পুষ্টিকৰ উপাদানসমূহো সম্পূৰ্ণৰূপে শোষণ নহয়। ইয়াৰ ফলত আন বহুতো স্বাস্থ্যজনিত সমস্যাই জুৰুলা কৰিব পাৰে যিকোনো ব্যক্তিক। সাধাৰণতে কিছুমান লোক প্ৰায় সকলো সময়তে এচিডিটিৰ সমস্যাত ভোগা দেখা যায়।

এচিডিটিৰ বাবে এই লোকসকলে টেঙা উগাৰ, বুকু জ্বলা-পোৰা, বমি আদি সমস্যাৰ সন্মুখীন হয়। যদি এই ধৰণৰ সমস্যাই দিনটোৰ অধিকাংশ সময়তে আপোনাক জুৰুলা কৰিছে, তেন্তে দৈনন্দিন জীৱন ধাৰণৰ কিছুমান অভ্যাস ত্যাগ কৰিব লাগিব আপুনি। আমাৰ পেটত থকা এচিডে আমি খোৱা খাদ্য হজম কৰাত সহায় কৰে, কিন্তু আমি কৰা কিছুমান ভুলৰ বাবে এই এচিডৰ পৰিমাণ বাঢ়ি যায়।

পেটত এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত টেঙা উগাৰ, বুকু জ্বলা-পোৰা, বমি আদি সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে। কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত এনে সমস্যা প্ৰতিদিনে দেখিবলৈ পোৱা যায়। প্ৰতিনিয়ত এই ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ ফলত আক্ৰান্ত ব্যক্তিজন মানসিকভাৱেও ভাগি পৰে। সেয়ে এনে সমস্যাৰ আঁৰৰ কাৰণসমূহ চিনাক্ত কৰি আমি নিজাকৈ কিছু প্ৰতিকাৰৰ উপায় অৱলম্বন কৰিব পাৰোঁ।

 

আমাৰ দেহত এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ এনে কিছুমান কাৰণৰ বিষয়ে জানো আহক-

খাদ্য খোৱাৰ পিছত শুই-বহি থকা

আমি যি খাদ্য খাওঁ সেয়া হজম কৰিবলৈ শাৰীৰিক ক্ৰিয়া-কলাপ কৰাটো অতি প্ৰয়োজনীয়। যদি খাদ্য খোৱাৰ পিছত বহি বা শুই থকাৰ অভ্যাস আছে, তেন্তে ইয়াৰ ফলত এচিডিটি আৰু বদহজমৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

খাদ্য খোৱাৰ পিছত চাহ-কফি খোৱা

খাদ্য খোৱাৰ পিছত লগে লগে চাহ বা কফি খালে এচিড ৰিফ্লাক্সৰ সমস্যাও হ’ব পাৰে। বিশেষকৈ নিশাৰ আহাৰ খোৱাৰ পিছত চাহ বা কফি খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ’লে ইয়াৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।

অস্বাস্থ্যকৰ খাদ্যাভ্যাস

সাম্প্ৰতিক সময়ত বাহিৰৰ জাংক ফুড, মছলাযুক্ত আৰু অধিক তেলত ভজা খাদ্য বেছিকৈ খোৱাৰ অভ্যাসেও এচিডিটিৰ সমস্যাৰ সৃষ্টি কৰিছে। এনে অস্বাস্থ্যকৰ খাদ্যৰ প্ৰত্যক্ষ প্ৰভাৱ হজম শক্তিত পৰে আৰু ইয়াৰ ফলত বহু স্বাস্থ্যজনিত সমস্যাই গা কৰি উঠে।

টোপনিৰ ধৰণ

সাধাৰণতে নিশা দুটা কাৰণত এচিড ৰিফ্লাক্স হ’ব পাৰে- নিশা পলমকৈ খাদ্য খাই লগে লগে শুই থকা আৰু ভুল অৱস্থানত টোপনি যোৱা। ইয়াৰ ফলতো আমি বুকু জ্বলা-পোৰা বা টেঙা উগাৰৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰোঁ।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?