শীতকালত ক’লা চাহ খাই ভাল পায় নে ? জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে…

বিশেষজ্ঞসকলৰ মতে ক’লা চাহে বিভিন্ন ধৰণে স্বাস্থ্যৰ উপকাৰ সাধন কৰে । ক’লা চাহত এন্টিঅক্সিডেন্ট থাকে যিয়ে বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহত দৈনিক ক’লা চাহ খোৱাৰ উপকাৰিতা কি ?

শীতকালত ক’লা চাহ খাই ভাল পায় নে ? জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...

ক'লা চাহ

Updated On: 

15 Dec 2024 14:27 PM

শীতকালত ৰাতিপুৱা সময়ত একাপ ক’লা চাহ খোৱাৰ অভ্যাস বহুতৰে আছে । আমাৰ অসমীয়া সমাজৰ প্ৰায় সংখ্যক লোকেই ৰাতিপুৱা সাৰ পোৱাৰ পাছতে ক’লা চাহ খায় । বিশেষজ্ঞসকলৰ মতে ক’লা চাহে বিভিন্ন ধৰণে স্বাস্থ্যৰ উপকাৰ সাধন কৰে । ক’লা চাহত এন্টিঅক্সিডেন্ট থাকে যিয়ে বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহত দৈনিক ক’লা চাহ খোৱাৰ উপকাৰিতা কি ?

হৃদযন্ত্ৰৰ স্বাস্থ্য

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক’লা চাহ অতি উপকাৰী বুলি কোৱা হয় । বিশেষজ্ঞসকলৰ মতে ক’লা চাহে তেজৰ কলেষ্টেৰল কমোৱাত সহায় কৰে। ইয়াৰ লগতে ই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। অধ্যয়নত দেখা গৈছে যে, দৈনিক প্ৰতি কাপ চাহ খোৱাৰ লগে লগে আপুনি আপোনাৰ ৰক্তচাপ, হৃদযন্ত্ৰৰ ডাঙৰ ডাঙৰ পৰিঘটনা আৰু হৃদৰোগৰ ফলত মৃত্যুৰ হোৱা চিন্তাৰ পৰা সকাহ পাব পাৰে ।

ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰে

ষ্ট্ৰোকৰ ফলত মগজুলৈ তেজ কঢ়িয়াই নিয়া ৰক্তবাহী নলী বন্ধ হৈ পৰে । ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাৰ এটা উপায় হৈছে দৈনিক আপুনি ক’লা চাহ খোৱাৰ অভ্যাস কৰিব পাৰে । অধ্যয়নত দেখা গৈছে যে, দৈনিক কমেও দুকাপ চাহ খালে চাহ নোখোৱা লোকৰ তুলনাত ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে।

মানসিক স্থিতি উন্নত হয়

ক’লা চাহত কম পৰিমাণৰ কেফেইন থাকে। দৈনিক ক’লা চাহ সেৱন কৰিলে মানসিক স্থিতি উন্নত হোৱাৰ লগতে যিকোনো কামত মনোনিৱেশ কৰিব পাৰে । কেতিয়াবা কেতিয়াবা শীতকালত এলাহ বা টোপনি টোপনি ভাব আহি থাকে । এই সময়ছোৱাত আপুনি ক’লা চাহ খাব পাৰে । ক’লা চাহ খালে এনে সমস্যাৰ পৰা সোনকালে সকাহ পাব পাৰি ।

চুগাৰ মাত্ৰা হ্ৰাস কৰে

আপোনাৰ যদি চুগাৰৰ সমস্যা আছে তেন্তে আপুনি ক’লা চাহ খাব পাৰে । দৈনিক ক’লা চাহ খোৱাৰ ফলত আপোনাৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব । মনত ৰাখিব চুগাৰৰ সমস্যা থাকিলে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিহে খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিব ।

শোৱাৰ বাবে কোনটো দিশ আটাইতকৈ শুভ? কোনটো দিশত শুৱ নালাগে? সবিশেষ জানক
শাহু-শহুৰৰ সেৱা-শুশ্ৰূষা নকৰা বোৱাৰীসকলৰ কি হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
বাৰে বাৰে প্ৰস্ৰাৱ লাগি থাকে নেকি? হ'ব পাৰে এই ৰোগ...
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?