Benefits of Curry Leaves : ওজন হ্ৰাসৰ পৰা তেজৰ চুগাৰ নিয়ন্ত্ৰণলৈকে, নৰসিংহ পাতৰ উপকাৰিতা…

Health Benefits of Curry Leaves : নৰসিংহ পাতৰ সুগন্ধি আৰু সোৱাদে খাদ্যৰ সোৱাদ দুগুণ বঢ়ায় । ইয়াৰোপৰি, ভিটামিন A, B, C ৰ  লগতে নৰসিংহ পাতত কেলচিয়াম ফছফৰাছৰ দৰে বহুতো পুষ্টিকৰ উপাদান থাকে । বিশেষজ্ঞ সকলৰ মতে, ইয়াক আইৰণৰ এক উৎকৃষ্ট উৎস বুলিও কোৱা হয় ।

Benefits of Curry Leaves : ওজন হ্ৰাসৰ পৰা তেজৰ চুগাৰ নিয়ন্ত্ৰণলৈকে, নৰসিংহ পাতৰ উপকাৰিতা...

নৰসিংহ পাতৰ উপকাৰিতা

Updated On: 

28 Jul 2024 08:40 AM

আমাৰ পাকঘৰত নৰসিংহ পাত বহু পৰিমাণে ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধি আৰু সোৱাদে খাদ্যৰ সোৱাদ দুগুণ বঢ়ায় । ইয়াৰোপৰি, ভিটামিন A, B, C ৰ  লগতে নৰসিংহ পাতত কেলচিয়াম ফছফৰাছৰ দৰে বহুতো পুষ্টিকৰ উপাদান থাকে । বিশেষজ্ঞ সকলৰ মতে, ইয়াক আইৰণৰ এক উৎকৃষ্ট উৎস বুলিও কোৱা হয় । খাদ্যত ব্যৱহাৰ কৰাৰ উপৰিও নৰসিংহ পাত চোবাই খাব পাৰি।

চুলি আৰু ছালৰ বাবে উপকাৰী

নৰসিংহ পাত চোবাই খালে বা ইয়াৰ ৰস খালে চুলিৰ বৃদ্ধি হয় আৰু নিয়মীয়াকৈ সেৱন কৰিলেও চুলি সৰা পৰা পৰিত্ৰাণ পোৱা যায়। নৰসিংহ পাত ছালৰ বাবে অধিক উপকাৰী। ছালখন সুস্থ কৰি ৰাখিবলৈ নৰসিংহ পাতত খাব পাৰে । নৰসিংহ পাত খোৱাৰ উপৰিও ইয়াক চুলি আৰু ছালত সানিব পাৰি।

ওজন কমাবলৈ খাওক নৰসিংহ পাত

ৰাতিপুৱা খালী পেটত নৰসিংহ পাত চোবাই খালে বা ইয়াৰ ৰস সেৱন কৰিলে ফিটনেছ বৃদ্ধি পায়। ইয়াৰ ৰসে শৰীৰক বিষমুক্ত কৰি শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াও বৃদ্ধি পায় । যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

আইৰণৰ এক উৎকৃষ্ট উৎস

নৰসিংহ পাত আইৰণৰ এক উৎকৃষ্ট উৎস । ই শৰীৰত হিম’গ্লবিন উৎপাদনত সহায় কৰে আৰু ৰক্তহীনতা প্ৰতিৰোধ কৰে। ৰক্তহীনতাৰ সমস্যা থকা লোকসকলে নৰসিংহ পাতক খাদ্যৰ অংশ হিচাপে ল’ব লাগে।

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী

নৰসিংহ পাতৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী । নৰসিংহ পাতে তেজত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু যিসকল লোকৰ তেজত চুগাৰ কম, তেওঁলোকে নৰসিংহ পাতৰ ৰস খাব নালাগে।

ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! খাওক মাত্ৰ এই পানীয়...
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে? ইয়াৰ কাৰণ জানক
প্ৰটিনৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
মৰ্ণিং ৱাকৰ বাবে খালী পেটেৰেই যায় নেকি? সাৱধান, এই চাৰিটা ভুল কৰিলে পৰিব বিপদত