Cumin and Turmeric Water: পুৱা জিৰা আৰু হালধিৰ পানীয় সেৱন কৰিলে কি উপকাৰ পাব পাৰি ? জানক

অসমীয়া লোকসকলে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও হালধি ব্যৱহাৰ কৰে । যদি জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱা যায় তেতিয়া স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। এই প্ৰতিবেদনৰ জৰিয়তে জানক জিৰা আৰু হালধি একেলগে মিহলাই খোৱাৰ উপকাৰিতা কি ?

Cumin and Turmeric Water: পুৱা জিৰা আৰু হালধিৰ পানীয় সেৱন কৰিলে কি উপকাৰ পাব পাৰি ? জানক

প্ৰতীকী ফটো

Updated On: 

27 Jan 2025 15:30 PM

সুস্বাস্থ্য বজাই ৰখাৰ বাবে জিৰা আৰু হালধি অতি উপকাৰী । আমাৰ অসমীয়া সমাজত এই দুয়োবিধক মছলা হিচাপে ব্যৱহাৰ কৰা হয় । এই মছলা দুবিধত থকা স্বাস্থ্যকৰ উপাদানে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । অসমীয়া লোকসকলে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও হালধি ব্যৱহাৰ কৰে । যদি জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱা যায় তেতিয়া স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।

এগিলাচ পানীত আধা চামুচ জিৰা আৰু লগতে অকনমান হালধি মিহলাই লব লাগে । ইয়াৰ পাছত উতলাই ঠাণ্ডা কৰি এই পানীয় খাব পাৰে । যদি আপুনি কোনো ঔষধ সেৱন কৰি আছে তেন্তে জিৰা আৰু হলুদ পানী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। এই প্ৰতিবেদনৰ জৰিয়তে জানক জিৰা আৰু হালধি একেলগে মিহলাই খোৱাৰ উপকাৰিতা কি ?

জিৰা আৰু হালধি পানীৰ উপকাৰিতা

  • জিৰা আৰু হালধি পানী পুৱা সেৱন কৰিলে আমাৰ পাচনতন্ত্ৰ শাক্তিশালি হয় । ই সজম শক্তি উন্নত কৰে । জিৰাই পাচন এনজাইম সক্ৰিয় কৰে, যাৰ ফলত খাদ্যৰ হজম শক্তি উন্নত হয়।
  • ইফালে হালধিত থকা প্ৰদাহ নিবাৰণকাৰী গুণ পাচনতন্ত্ৰৰ বাবে উপকাৰী । ই পেটৰ প্ৰদাহ কমায় আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ।
  • বদহজম আৰু গেছৰ বাবেও জিৰা আৰু হালধি পানী উপকাৰী । পুৱা এই পানী সেৱন কৰিলে বদহজম আৰু গেছৰ দৰে সমস্যাৰ পৰা সকাহ পাব পাৰি ।
  • কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই পানীয় উপকাৰী । এই পানী সেৱন কৰিলে এই সমস্য়াৰ পৰা উপশম পাব পাৰি । জিৰাত থকা আঁহে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে।
  • জিৰা আৰু হালধিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে । ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। লগতে হালধিত থকা কাৰকুমিনয়ে বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে ।
  • এই দুয়োবিধ পানী ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত উপকাৰী । এই পানী সেৱন কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় । ইয়াৰ ফলত ওজন হ্ৰাস কৰাত সহায়ক হয় ।
  • হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে ।
  • জিৰা আৰু হালধি দুয়োটা হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই পানী সেৱন কৰিলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
দেওবাৰে তুলসী গুৰিত পানী দিব লাগে নে নালাগে? জ্যোতিষে কি কয়, চাওক...
সোনকালে ওজন কমোৱাৰ চেষ্টাত মানুহে কৰে এনে ভুল, উপকাৰৰ পৰিৱৰ্তে হ’ব পাৰে ক্ষতিহে
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!