Ghee Benefits: শীতকালত ঘিঁউ খোৱাৰ সঠিক উপায় জানেনে ? এই সময়ছোৱাত ঘিঁউ কিমান উপকাৰী ? জানক

শীতকালত ঘিঁউ খালে শৰীৰৰ বহু উপকাৰ পোৱা যায়। বিশুদ্ধ দেশী ঘিঁউত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষমতাও আছে । খাদ্যত ঘিঁউ কেনেদৰে অন্তৰ্ভুক্ত কৰিব পাৰি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানক ।

Ghee Benefits: শীতকালত ঘিঁউ খোৱাৰ সঠিক উপায় জানেনে ? এই সময়ছোৱাত ঘিঁউ কিমান উপকাৰী ? জানক

দেশী ঘিউ

Published: 

17 Nov 2024 | 04:34 PM

দেশী ঘিঁউ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। শীতকালত দেশী ঘিঁউ খালে শৰীৰটো গৰম কৰি ৰখাত সহায় কৰে । বহুতে ওজন বৃদ্ধি পোৱাৰ আশংকাত দেশী ঘিঁউ খোৱাৰ পৰা বিৰত থাকে । কিন্তু যদি আপুনি দেশী ঘিঁউ সীমিত পৰিমাণত খায় তেন্তে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত খাদ্যৰ সোৱাদ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ বাবে অধিক উপকাৰী । পুষ্টিবিদ সকলৰ মতে, শীতকালত ঘিঁউ খালে শৰীৰৰ বহু উপকাৰ পোৱা যায়। বিশুদ্ধ দেশী ঘিঁউত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষমতাও আছে। কিন্তু দেশী ঘিঁউ খোৱাৰ শুদ্ধ পদ্ধতিৰ বিষয়ে জনাটো জৰুৰী। খাদ্যত ঘিঁউ কেনেদৰে অন্তৰ্ভুক্ত কৰিব পাৰি আৰু ইয়াৰ উপকাৰিতাৰ  বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানক ।

দেশী ঘিঁউ কেনেকৈ খাব পাৰি ?

শীতকালত দেশী ঘিঁউ লগাই গৰম ৰুটি খাব পাৰে । দেশী ঘিঁউ কিমান খাব তাৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিব লাগে । শাক-পাচলি ৰান্ধিবলৈ মিঠাতেল বা ৰিফাইন অইলৰ সলনি ঘিঁউ ব্যৱহাৰ কৰিব পাৰে । গৰম দালিত এচামুচ ঘিঁউ দি খাব পাৰে। ৰাতিপুৱাৰ চাহ বা কফিতো ঘিঁউ দি খাব পাৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে দেশী ঘিঁউখোৱাটো অধিক উপকাৰী বুলি বিবেচিত হয়। ইয়াৰ দ্বাৰা শৰীৰত শক্তি পোৱা যায় আৰু ঋতুভিত্তিক ৰোগ ৰোধ কৰাটো সম্ভৱ হৈ উঠে। ঘিঁউ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু শৰীৰ সুস্থ হৈ থাকিব ।

ছালৰ বাবে দেশী ঘিঁউ অধিক উপকাৰী

শীতকালত ছালৰ বিভিন্ন সমস্যা দেখা যায় । শীতকালীন বতাহে ছালখন শুকান কৰি তোলে । এই সময়ছোৱাত শুকান ছালত খজুৱতি আৰু ফোঁহা ওলোৱাৰ সমস্যাও বৃদ্ধি পায়। ঘিঁউ ব্যৱহাৰ কৰিলে ছালৰ ভিতৰত আৰু বাহিৰত আৰ্দ্ৰতা অতুত থাকে । ই ছালত অত্যাৱশ্যকীয় এন্টিঅক্সিডেন্ট যোগান ধৰে।

শৰীৰটো গৰম হৈ থাকিব

শীতকালৰ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ঘিঁউ খাব পাৰে। দেশী ঘিঁউ খালে শৰীৰটো গৰম হৈ থাকে । শৰীৰৰ বিষমুক্ত কৰাৰ বাবেও ঘিঁউ উপকাৰী বুলি গণ্য কৰা হয়। এদিনত ৩ৰ পৰা ৩ চামুচতকৈ বেছি ঘিঁউ খাব নালাগে। গতিকে শীতকালত আপুনি সুস্বাস্থ্যৰ বাবে দেশী ঘিঁউ খাব পাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...