দৈনিক মাত্ৰ দুটাকৈ শুকান খেজুৰ খাওক, লাভ কৰিব এনে চমৎকাৰী উপকাৰিতা

দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্ৰাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্ৰাই ফ্ৰুটছৰ ভিতৰত শুকান খেজুৰ অন্যতম। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে প্ৰতিদিনে দুটা শুকান খেজুৰ খালে শৰীৰত কেইবাটাও পৰিৱৰ্তন ঘটিব পাৰে।

দৈনিক মাত্ৰ দুটাকৈ শুকান খেজুৰ খাওক, লাভ কৰিব এনে চমৎকাৰী উপকাৰিতা

খেজুৰৰ উপকাৰিতা

Published: 

09 Mar 2025 | 11:47 PM

ড্ৰাই ফ্ৰুটছ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্ৰাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্ৰাই ফ্ৰুটছৰ ভিতৰত শুকান খেজুৰ অন্যতম। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট গুণ থাকে। শুকান খেজুৰত স্বাস্থ্যৰ উপকাৰ সাধন কৰিব পৰা বহু গুণাৱলী আছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে প্ৰতিদিনে দুটা শুকান খেজুৰ খালে শৰীৰত কেইবাটাও পৰিৱৰ্তন ঘটিব পাৰে।

খেজুৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। এসপ্তাহ ধৰি দিনে দুটাকৈ শুকান খেজুৰ খালে হজম শক্তি উন্নত হোৱাৰ লগতে শৌচ খোলোচা কৰাত সহায় কৰে। খেজুৰত উপলব্ধ ফাইবাৰে মল কোমল কৰি কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে। শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰোৱাতো ই সহায়ক হয়। খেজুৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াত ফ্লেভনয়ড, কেৰটিনয়ড, আৰু ফেনলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে।

ফ্লেভনয়ডে ডায়েবেটিছ, এলঝেইমাৰ ৰোগ আৰু কেইটামান বিশেষ প্ৰকাৰৰ কেঞ্চাৰ সম্ভাৱনা হ্ৰাস কৰে। শৰীৰৰ প্ৰদাহ ৰোধ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। একেদৰে কেৰটিনয়ডে চকুৰ ৰোগৰ পৰা ৰক্ষা কৰে। ফেনলিক এচিডে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। লক্ষণীয়ভাৱে মিঠা আৰু কাৰ্বহাইড্ৰেটযুক্ত হোৱাৰ পিছতো ডায়েবেটিছ ৰোগীৰ বাবেও খেজুৰ ঔপকাৰী হিচাপে বিবেচিত হ’ব পাৰে।

২০২০ চনত প্ৰকাশিত এক অধ্যয়নৰ সময়ত টাইপ ২ ডায়েবেটিছ ৰোগীৰ ১০০ জন ৰোগীক বাছনি কৰি একেৰাহে ১৬ সপ্তাহ ধৰি দিনটোত তিনিটাকৈ খেজুৰ খাবলৈ কোৱা হৈছিল। পিছত এই ৰোগীসকলৰ তেজত বেড কলেষ্টেৰল (LDL)ৰ পৰিমাণ কমি যোৱাৰ বিপৰীতে ভাল কলেষ্টেৰল (HDL) বৃদ্ধি পোৱা পৰিলক্ষিত হয়। খেজুৰে টাইপ ২ ডায়েবেটিছ ৰোগীৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

যিহেতু খেজুৰৰ গ্লাইচেমিক ইনডেক্স কম, গতিকে ই তেজৰ গ্লুক’জৰ মাত্ৰা বৃদ্ধি নকৰে। খেজুৰত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে। ইয়াৰ ভিতৰত কপাৰ, মেংগানিজ, চেলেনিয়াম আদি। এই পদাৰ্থবোৰে হাড় মজবুত কৰে আৰু অষ্টিঅ’পৰ’ছিছৰ দৰে গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পোৱাত সহায় কৰে। লগতে এই পদাৰ্থসমূহে হাড়ৰ সুস্থ গঠনত ভূমিকা পালন কৰে।

খেজুৰত প্ৰচুৰ পৰিমাণে ফাইটোহৰম’ন থাকে। এই হৰম’নে বলিৰেখা ৰোধ কৰাত সহায় কৰে আৰু ছালখন সতেজ আৰু যৌৱনশীল কৰি ৰাখে। এই হৰম’ন ছালৰ যত্নৰ বাবে প্ৰস্তুত কৰা বিভিন্ন প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয়। গতিকে দৈনিক দুটাকৈ খেজুৰ খোৱাৰ অভ্যাসে আমাক অনন্য উপকাৰিতা প্ৰদান কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...