শীতকালত বজাৰত উপলব্ধ হয় বিট, ইয়াৰ উপকাৰিতাৰ কি ? জানক

শীতকালত বজাৰত উপলব্ধ এইবিধ পাচলি হৈছে বিট । বিট প্ৰায় সংখ্যক লোকে খায় আৰু চালাড হিচাপে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে । বিট আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানোঁ আহক ।

শীতকালত বজাৰত উপলব্ধ হয় বিট, ইয়াৰ উপকাৰিতাৰ কি ? জানক

প্ৰতীকী ফটো

Published: 

22 Jan 2025 07:15 AM

শীতকালত বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে বজাৰ ভৰি পৰে । অসমীয়া থলুৱা খেতিয়কসকলেও এই সময়ছোৱাত শাক-পাচলিৰ খেতি কৰে । উল্লেখ্য় যে, বজাৰত যদিও বিভিন্ন প্ৰকাশৰ শাক-পাচলি উপলব্ধ হয় তথাপিও পুষ্টিৰ অনুসৰি আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ তালিকাত শাক-পাচলি ৰাখিব লাগে । সেয়েহে এই ক্ষেত্ৰত আপুনি জানিব লাগিব যে, কোন বিধ পাচলিৰ কি কি উপকাৰী গুণ আছে । পাচলিৰ উপকাৰী গুণ জানিলে আপুনি স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি আপুনি খাদ্যৰ তালিকাত পাচলি ৰাখিব পাৰে ।

শীতকালত বজাৰত উপলব্ধ এইবিধ পাচলি হৈছে বিট । বিট প্ৰায় সংখ্যক লোকে খায় আৰু চালাড হিচাপে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে । পুষ্টিকৰ খাদ্যৰ লগতে বিটৰ বহু উপকাৰী গুণ আছে। বিটত থকা পুষ্টিকৰ উপাদানে আপোনাৰ ছালখন পৰিষ্কাৰ কৰি ৰখাই নহয় শৰীৰটোও সুস্থ হৈ ৰাখিব। বিট আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানোঁ আহক ।

বিটৰ উপকাৰিতা

  • বিটে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যাৰ ফলত শৰীৰত পটাছিয়ামৰ অভাৱ দূৰ হয়। পটাছিয়ামৰ অভাৱৰ বাবে শৰীৰত ক্লান্তি আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ সৃষ্টি হয়।
  • শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লেও বিটৰ ৰস সেৱন কৰিব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ বিটৰ ৰস অধিক উপকাৰী ।
  • ৰক্তহীনতাত আক্ৰান্ত লোকসকলে বিট খাদ্যৰ তালিকাত ৰাখিব পাৰে । এই পাচলি বিধত প্ৰচুৰ পৰিমানে থকা আইৰণে শৰীৰৰ ৰক্তহীনতা দূৰ কৰে।
  • মধুমেহ ৰোগৰ সমস্যাৰ বাবেও বিটৰ ৰস খাব পাৰি। লগতে বিটত থকা বিটাইনে যকৃতৰ লগত জড়িত ৰোগ প্ৰতিৰোধ কৰে
  • গৱেষকৰ মতে, বিটত বেটালেইন থাকে। ইয়াৰ কাৰণে ইয়াৰ ৰং ৰঙা হয়, যিয়ে কেন্সাৰৰ সম্ভাৱনা দূৰ কৰে ।
  • বিটত ফছফৰাছ থাকে যিয়ে চুলি বৃদ্ধিত সহায় কৰে। ইয়াৰ দ্বাৰা চুলিৰ সমস্যা দূৰ হয় ।
  • ইয়াত থকা আঁহবোৰে আপোনাৰ পেট পৰিষ্কাৰ কৰি ৰাখে আৰু ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু, লাভ কৰিব বিশেষ কৃপা!
ৰ’দৰ পৰা ভিতৰলৈ আহি এনে কাম কৰা মানেই হ’ব পাৰে বিঘিনি, এতিয়াই জানি ল’লে পাব পৰিত্ৰাণ
প্ৰস্ৰাৱত ফেন, তেজ, দুৰ্গন্ধ...আওকাণ নকৰিব এই লক্ষণ, কি ৰোগ?
আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ যুঁজত সাৰথি হৈ পৰিব এই ৫ বিধ খাদ্য, লাভ কৰিব অনন্য উপকাৰিতা