শীতকালত বজাৰত উপলব্ধ হয় বিট, ইয়াৰ উপকাৰিতাৰ কি ? জানক

শীতকালত বজাৰত উপলব্ধ এইবিধ পাচলি হৈছে বিট । বিট প্ৰায় সংখ্যক লোকে খায় আৰু চালাড হিচাপে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে । বিট আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানোঁ আহক ।

শীতকালত বজাৰত উপলব্ধ হয় বিট, ইয়াৰ উপকাৰিতাৰ কি ? জানক

প্ৰতীকী ফটো

Published: 

22 Jan 2025 | 07:15 AM

শীতকালত বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে বজাৰ ভৰি পৰে । অসমীয়া থলুৱা খেতিয়কসকলেও এই সময়ছোৱাত শাক-পাচলিৰ খেতি কৰে । উল্লেখ্য় যে, বজাৰত যদিও বিভিন্ন প্ৰকাশৰ শাক-পাচলি উপলব্ধ হয় তথাপিও পুষ্টিৰ অনুসৰি আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ তালিকাত শাক-পাচলি ৰাখিব লাগে । সেয়েহে এই ক্ষেত্ৰত আপুনি জানিব লাগিব যে, কোন বিধ পাচলিৰ কি কি উপকাৰী গুণ আছে । পাচলিৰ উপকাৰী গুণ জানিলে আপুনি স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি আপুনি খাদ্যৰ তালিকাত পাচলি ৰাখিব পাৰে ।

শীতকালত বজাৰত উপলব্ধ এইবিধ পাচলি হৈছে বিট । বিট প্ৰায় সংখ্যক লোকে খায় আৰু চালাড হিচাপে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে । পুষ্টিকৰ খাদ্যৰ লগতে বিটৰ বহু উপকাৰী গুণ আছে। বিটত থকা পুষ্টিকৰ উপাদানে আপোনাৰ ছালখন পৰিষ্কাৰ কৰি ৰখাই নহয় শৰীৰটোও সুস্থ হৈ ৰাখিব। বিট আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানোঁ আহক ।

বিটৰ উপকাৰিতা

  • বিটে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যাৰ ফলত শৰীৰত পটাছিয়ামৰ অভাৱ দূৰ হয়। পটাছিয়ামৰ অভাৱৰ বাবে শৰীৰত ক্লান্তি আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ সৃষ্টি হয়।
  • শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লেও বিটৰ ৰস সেৱন কৰিব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ বিটৰ ৰস অধিক উপকাৰী ।
  • ৰক্তহীনতাত আক্ৰান্ত লোকসকলে বিট খাদ্যৰ তালিকাত ৰাখিব পাৰে । এই পাচলি বিধত প্ৰচুৰ পৰিমানে থকা আইৰণে শৰীৰৰ ৰক্তহীনতা দূৰ কৰে।
  • মধুমেহ ৰোগৰ সমস্যাৰ বাবেও বিটৰ ৰস খাব পাৰি। লগতে বিটত থকা বিটাইনে যকৃতৰ লগত জড়িত ৰোগ প্ৰতিৰোধ কৰে
  • গৱেষকৰ মতে, বিটত বেটালেইন থাকে। ইয়াৰ কাৰণে ইয়াৰ ৰং ৰঙা হয়, যিয়ে কেন্সাৰৰ সম্ভাৱনা দূৰ কৰে ।
  • বিটত ফছফৰাছ থাকে যিয়ে চুলি বৃদ্ধিত সহায় কৰে। ইয়াৰ দ্বাৰা চুলিৰ সমস্যা দূৰ হয় ।
  • ইয়াত থকা আঁহবোৰে আপোনাৰ পেট পৰিষ্কাৰ কৰি ৰাখে আৰু ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...