বেঙেনা খায় ভাল পায় নে ? জানক এই পাচলি বিধৰ উপকাৰিতা আৰু অপকাৰিতা কি ?

অসমীয়া লোকসকলে প্ৰায়ে বেঙেনা খায় ভাল প্ৰায় । অসমীয়া আঞ্জাত প্ৰায়ে বেঙেনা ব্যৱহাৰ কৰা হয় । আপুনিও বেঙেনা খাই ভাল পায় নে ? আজি এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহত বেঙেনা খোৱাৰ উপকাৰিতা আৰু অপকাৰিতা কি ?

বেঙেনা খায় ভাল পায় নে ? জানক এই পাচলি বিধৰ উপকাৰিতা আৰু অপকাৰিতা কি ?

বেঙেনা

Published: 

21 Jan 2025 20:21 PM

শীতকালত বেঙেনাই বজাৰ ভৰি পৰে । এই সময়ছোৱা বেঙেনাৰ খেতিৰ উপযুক্ত সময় । শীতকাল অহাৰ লগে লগে অসমীয়া থলুৱা খেতিয়কসকলে অন্যান্য় খেতিৰ লগতে বেঙেনা খেতি আৰম্ভ কৰে । ডিচেম্বৰৰ পৰা অসমীয়া থলুৱা খেতিয়কে উৎপাদন কৰা বেঙেনা বজাৰত উপলব্ধ হয় ।

অসমীয়া লোকসকলে প্ৰায়ে বেঙেনা খায় ভাল প্ৰায় । অসমীয়া আঞ্জাত প্ৰায়ে বেঙেনা ব্যৱহাৰ কৰা হয় । আপুনিও বেঙেনা খাই ভাল পায় নে ? আজি এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহত বেঙেনা খোৱাৰ উপকাৰিতা আৰু অপকাৰিতা কি ?

বেঙেনাৰ উপকাৰিতা

  • বেঙেনাত প্ৰচুৰ পৰিমানে ভিটামিন A থাকে । ভিটামিন A চকুৰ বাবে অতি উপকাৰী । গতিকে বেঙেনাই চকুৰ সকলো ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ লগতে চকুৰ দৃষ্টিশক্তিও উন্নত কৰে।
  • বেঙেনাত প্ৰচুৰ পৰিমাণে ভিটামিন E আৰু ভিটামিন K থাকে। বেঙেনাত থকা এই উপাদানে শৰীৰত তেজ জমা হোৱাৰ পৰা ৰক্ষা কৰে । গতিকে বেঙেনাই তেজ চলাচল নিয়ন্ত্ৰণত ৰাখে ।
  • বেঙেনাত প্ৰচুৰ পৰিমানে আঁহ থাকে। যিয়ে খাদ্য হজম কৰাত সহায় কৰে আৰু লগতে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।
  • কলেষ্টেৰলৰ বাবেও বেঙেনা উপকাৰী। বেঙেনাই ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি শৰীৰক সুস্থ কৰি ৰাখে।

বেঙেনাৰ অপকাৰিতা

  • এলাৰ্জীত আক্ৰান্ত লোকৰ বাবে বেঙেনা ভয়ংকৰ হ’ব পাৰে। বেঙেনাই শৰীৰৰ এলাৰ্জীৰ সংক্ৰমণ বৃদ্ধি কৰে।
  • বেঙেনাত পটাছিয়ামৰ পৰিমাণ বেছি। পটাছিয়াম শৰীৰৰ বাবে ভাল কিন্তু অত্যাধিক পটাছিয়াম শৰীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । বেঙেনা বেছিকৈ সেৱন কৰিলে বমি হ’ব পাৰে।
  • বেঙেনাত প্ৰচুৰ পৰিমাণে অক্সালেট পোৱা যায়। যদি অত্যধিক অক্সালেট শৰীৰত প্ৰৱেশ কৰে তেন্তে পিত্তাশয়ত পাথৰ হোৱাৰ আশংকা থাকে।
এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক, হঠাতে বন্ধ হৈ যাব পাৰে হৃদযন্ত্ৰ...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...
পাব আচৰিত ফলাফল, বাৰিষা ঘৰৰ বাৰীত ৰোপণ কৰক এই ৫ বিধ গছ