ধুনীয়া সুগন্ধিৰে মন আকৃষ্ট কৰা এইবোৰ সামগ্ৰী আচলতে ভাল নে কাল আমাৰ বাবে?

শ্বেম্পু, ডিঅ’ড্ৰেণ্ট আৰু প্ৰসাধন সামগ্ৰীৰ দৰে বিভিন্ন প্ৰকাৰৰ সৌন্দৰ্যবৰ্ধক সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ। এই সকলোবোৰতে এটা কথাৰ মিল দেখা যায়, সেয়া হৈছে সুগন্ধি। কিন্তু এই সুগন্ধিয়ে আপোনাৰ শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায়, আপুনি কেতিয়াবা ভাবিছেনে?

ধুনীয়া সুগন্ধিৰে মন আকৃষ্ট কৰা এইবোৰ সামগ্ৰী আচলতে ভাল নে কাল আমাৰ বাবে?

প্ৰতীকী ছবি

Published: 

17 Jul 2025 | 12:39 AM

আমি সকলোৱে প্ৰতিদিনে নিজৰ শৰীৰৰ যত্নৰ বাবে বহুতো সামগ্ৰী ব্যৱহাৰ কৰো। ছ’চিয়েল মিডিয়াৰ যুগত এইবোৰ বস্তুৰ চাহিদাও বৃদ্ধি পোৱা দেখা গৈছে। শ্বেম্পু, ডিঅ’ড্ৰেণ্ট আৰু প্ৰসাধন সামগ্ৰীৰ দৰে বিভিন্ন প্ৰকাৰৰ সৌন্দৰ্যবৰ্ধক সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ। এই সকলোবোৰতে এটা কথাৰ মিল দেখা যায়, সেয়া হৈছে সুগন্ধি। কিন্তু এই সুগন্ধিয়ে আপোনাৰ শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায়, আপুনি কেতিয়াবা ভাবিছেনে? বিশেষজ্ঞসকলে এই বিষয়ে জনাইছে।

দিল্লীৰ ‘মেহাক দ্য ডাৰ্মা এণ্ড চাৰ্জাৰী ক্লিনিক’ৰ সঞ্চালক আৰু পৰামৰ্শদাতা তথা চৰ্মৰোগ বিশেষজ্ঞ ডাঃ শ্বেহলা আগৰৱালে কয় যে বেছিভাগ প্ৰসাধন আৰু সুগন্ধিযুক্ত সামগ্ৰীত ফ্থালেট আৰু পেৰাবেনৰ দৰে ৰাসায়নিক পদাৰ্থ যোগ কৰা হয়। এইবোৰৰ বাবে এই সামগ্ৰীবোৰত সুগন্ধি বেছি দিন টিকি থাকে। এই সুগন্ধিৰ বাবেই বহুতে সামগ্ৰীসমূহ ব্যৱহাৰ কৰি থাকে। কিন্তু ইয়াৰ সংস্পৰ্শলৈ আহিলে হৰম’নৰ ভাৰসাম্যহীনতা, প্ৰজনন সমস্যা আনকি স্তন কেন্সাৰৰো সৃষ্টি হ’ব পাৰে। হৰম’নৰ ভাৰসাম্যহীনতাই বহু ৰোগৰ আশংকা সৃষ্টি কৰে। যোৱা কেইবছৰমানৰ পৰা প্ৰজননৰ সমস্যাও বহুত বাঢ়িছে।

সুগন্ধিৰ লগত জড়িত প্ৰধান বিপদবোৰ কি কি?

ডাঃ শ্বেহলা আগৰৱালাই কয় যে এই সামগ্ৰীসমূহে যদিও সুগন্ধি দিয়ে, তথাপিও ইয়াৰ বহু অসুবিধা আছে। দীৰ্ঘদিন ব্যৱহাৰ কৰিলে ছালৰ বিষ আৰু এলাৰ্জী হ’ব পাৰে। কিছুমান ক্ষেত্ৰত হাঁপানী বা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ আশংকা থাকে। ইতিমধ্যে হাঁপানী ৰোগত আক্ৰান্তসকলৰ স্বাস্থ্য আৰু বেয়া হ’ব পাৰে। দীৰ্ঘকালীনভাৱে হৰম’নৰ বিকাৰ আৰু অন্যান্য স্বাস্থ্যজনিত প্ৰভাৱো হ’ব পাৰে। এইবোৰে ছালৰ ক্ষতিও কৰিব পাৰে।

সুগন্ধিযুক্ত তেল কিমান নিৰাপদ?

আজিকালি বহুতে কৃত্ৰিম সুগন্ধিৰ সলনি প্ৰাকৃতিক সুগন্ধি বা তেল ভিত্তিক সুগন্ধিহে বেছি পছন্দ কৰিছে। যদিও এইবোৰ কৃত্ৰিম সুগন্ধিৰ দৰে বেছি দিন নাথাকে (গড়ে ৩-৬ ঘণ্টা), তথাপিও ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়।

সুৰক্ষাৰ বাবে এই ৩টা কাম কৰক:

  • সুগন্ধিমুক্ত সামগ্ৰী বাছি লওক।
  • পণ্যটোত কোনবোৰ ৰাসায়নিক পদাৰ্থ থাকে সেইটো জানি লওক।
  • যদি ইয়াৰ ব্যৱহাৰৰ বাবে আপোনাৰ ছালৰ কোনো এলাৰ্জী হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
  • বেছি দিন ব্যৱহাৰ নকৰিব
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...