Health and Fitness: প্ৰতিদিনে অনুলোম-বিলোম প্ৰাণায়ম কৰাৰ উপকাৰিতা কি ? জানক

প্ৰতিদিনে কিছু সময় অনুলোম-বিলোম অভ্যাস কৰিলে মানসিক চাপৰ পৰা সকাহ পোৱা যায় আৰু নেতিবাচক চিন্তাধাৰাৰ লোকৰ বাবেও এই প্ৰাণায়াম অতি উপকাৰী। অনুলোম-বিলোম অভ্যাস কৰিলে মানসিক চাপ কমি যায় । ইয়াৰ ফলত টোপনিৰ ধৰণো উন্নত হয়।

Health and Fitness: প্ৰতিদিনে অনুলোম-বিলোম প্ৰাণায়ম কৰাৰ উপকাৰিতা কি ? জানক

অনুলোম-বিলোমৰ উপকাৰিতা

Updated On: 

26 Feb 2025 16:28 PM

শৰীৰ আৰু মন সুস্থ কৰিব ৰাখিবলৈ প্ৰত্যেক দিনে যোগাসন আৰু প্ৰাণায়ম অভ্য়াস কৰাটো অতি প্ৰয়োজন । প্ৰতিটো যোগাসন আৰু প্ৰাণায়ামৰ সুফল বেলেগ বেলেগ। প্ৰাণায়মৰ ভিতৰত পৰা এটা অভ্য়াস হৈছে অনুলোম-বিলোম । অনুলোম বিলোম প্ৰাণায়মৰ পৰা কি সুফল পাব পাৰি আৰু এই প্ৰাণায়ম কেনেকৈ কৰিব সেই বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

অনুলোম-বিলোম প্ৰাণায়ম অভ্যাস কৰাটো ইমান কষ্টকৰ নহয় । এই প্ৰাণায়ম কৰাৰ আগতে আপুনি বজ্ৰাসনত আৰামত বহিব লাগিব। এই প্ৰাণায়ম কৰা সময়ত পিঠিখন পোন কৰি ৰাখিব আৰু তাৰ পিছত উশাহ এৰি দিব। বুঢ়া আঙুলিটো সোঁ নাকৰ ফুটাত ৰাখি বাওঁ নাকৰ ফুটাৰে উশাহ লওক। ইয়াৰ পিছত বুঢ়া আঙুলিটো আঁতৰাই মধ্যমা আঙুলিৰে বাওঁ নাকৰ ফুটা বন্ধ কৰি দিয়ক । ইয়াৰ পাছত সোঁ নাকৰ ফুটাৰে উশাহ এৰিব লাগে ।

একেদৰে উশাহ এৰি দিয়া নাকৰ ফুটাৰে পুনৰ উশাহ ল’ব লাগে আৰু তাৰ পিছত বাওঁফালৰ নাকেৰে উশাহ এৰিব লাগে। এইদৰে প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰি থাকিব লাগিব। কিছু সময়ৰ বাবে দৈনিক অনুলোম-বিলোম অভ্যাস কৰিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।

অনুলোম-বিলোম কৰাৰ সময়ত কিছুমান কথা মনত ৰাখিব লাগে- যেনে পেট খালী হ’ব লাগে, ৫ মিনিটৰ পৰা আৰম্ভ কৰি লাহে লাহে সময় ১৫ মিনিটৰ পৰা ৩০ মিনিটলৈ বৃদ্ধি কৰিব পাৰি। ইয়াৰ উপৰিও পৰিৱেশ আৰামদায়ক আৰু শান্ত হ’ব লাগে।

উপকাৰিতা

  • অনুলোম-বিলোম অভ্যাস কৰিলে হৃদযন্ত্ৰ উপকৃত হয় । কাৰণ এই প্ৰাণায়ম অভ্যাস কৰিলে তেজৰ সঞ্চালন উন্নত হয় আৰু ব্লক হোৱাৰ ভয় নাথাকে । ইয়াৰ উপৰিও এই প্ৰাণায়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাতো ফলপ্ৰসূ, যিয়ে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে।
  • প্ৰতিদিনে কিছু সময় অনুলোম-বিলোম অভ্যাস কৰিলে মানসিক চাপৰ পৰা সকাহ পোৱা যায় আৰু নেতিবাচক চিন্তাধাৰাৰ লোকৰ বাবেও এই প্ৰাণায়াম অতি উপকাৰী। অনুলোম-বিলোম অভ্যাস কৰিলে মানসিক চাপ কমি যায় । ইয়াৰ ফলত টোপনিৰ ধৰণো উন্নত হয়।
  • অনুলোম-বিলোম অভ্যাস পেটৰ বাবেও উপকাৰী, কাৰণ ই পাচনতন্ত্ৰ সুস্থ কৰি তোলে আৰু বদহজম, খোৱাৰ পিছত পেট ফুলা, গেছৰ বাবে পেটত বিষ হোৱা আদি বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
  • আনুলোম-বিলোমৰ জৰিয়তে হাওঁফাওঁ শক্তিশালী আৰু সুস্থ হৈ থাকে। গতিকে এই প্ৰাণায়ম শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকাসকলৰ বাবে অতি উপকাৰী।
  • বহু লোকৰ চাইনাছৰ সমস্যা থাকে । ইয়াৰ ফলত বহুতৰে নাক বন্ধ হৈ যোৱা, নাকৰ পৰা অদ্ভুত গোন্ধ, বেয়া সোৱাদ, অতি ভাগৰুৱা অনুভৱ, মুখত বিষ আৰু চাপ আদি লক্ষণ দেখা যায়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আনুলোম-বিলোম অভ্য়াস কৰিব পাৰে ।

উল্লেখ্য যে, স্বাস্থ্য উপকাৰিতাৰ বাবে যোগাসন আৰু প্ৰাণায়ম শুদ্ধকৈ অভ্য়াস কৰাটো এতি প্ৰয়োজন । গতিকে যোগ প্ৰশিক্ষক বা বিশেষজ্ঞৰ পৰা প্ৰাণায়ম আৰু যোগাসন কৰা সম্পূৰ্ণ প্ৰণালী শিকি লোৱাটো অতি প্ৰয়োজন, যাতে অভ্য়াস কৰাৰ সময়ত কোনো ভুল নহয় ।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...