গৰমৰ দিনত মূৰৰ বিষ হয় নেকি? তেন্তে জানি লওক এই কথা…

গৰমৰ দিনত মানুহে স্বাস্থ্যৰ যত্ন লোৱা অত্যন্ত আৱশ্যক। কিয়নো গৰমৰ দিনত অত্যাধিক ৰ'দত থকাৰ ফলত মূৰৰ বিষ, হিট ষ্ট্ৰোক আদি হ'ব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খাই থাকিব লাগে।

গৰমৰ দিনত মূৰৰ বিষ হয় নেকি? তেন্তে জানি লওক এই কথা...

মূৰৰ বিষ

Published: 

28 Apr 2025 09:28 AM

গৰমৰ দিনত মানুহৰ স্বাস্থ্যৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। সূৰ্যৰ তাপে শৰীৰক দুৰ্বল কৰে। যিসকল লোকে বেছিকৈ ৰ’দত ঘূৰিব লগা হয় তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুথীন হ’বলগীয়া হয়। ৰ’দৰ বাবে কিছুমানৰ মূৰৰ বিষ হয়। যাৰ ফলত মানুহে অস্বস্তিত ভোগে আৰু ভালদৰে কাম কৰিব নোৱাৰে।

গৰমৰ দিনত ঘাম বেছিকৈ ওলায়, গতিকে পানী বেছিকৈ খাব লাগে। কিন্তু আপুনি যদি আপুনি বেছি পানী খাব নোৱাৰে তেন্তে ইয়াৰ ফলত ডিহাইড্ৰেশ্যন বা অন্য ৰোগ হ’ব পাৰে। বেছিকৈ ৰ’দত থকাৰ ফলত কাৰোবাৰ যদি বহুত মূৰ বিষাই তেন্তে ৰ’দত থিয় হৈ থাকিব নালাগে।

কি হ’ব পাৰে

সূৰ্যৰ পোহৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহাৰ ফলত মূৰৰ বিষ হ’ব পাৰে। ইয়াৰ ফলত পানীলগা, হিট ষ্ট্ৰোক আৰু মাইগ্ৰেইন আদিও হ’ব পাৰে। যদি আপুনি মূৰতো গধুৰ অনুভৱ কৰে আৰু পিয়াহ লাগি থাকে তেন্তে ই ডিহাইড্ৰেশ্যনৰ লক্ষণ। ইয়াৰোপৰি মূৰৰ বিষৰ লগতে ভাগৰুৱা আৰু দুৰ্বলতা অনুভৱ আৰু পেটত গধুৰতা অনুভৱ কৰিছে তেন্তে পানী খোৱা প্ৰয়োজন।যদি গৰম ৰ’দত থাকিও ঘাম ওলোৱা নাই, তেন্তে এইবোৰ হিট ষ্ট্ৰ’কৰ লক্ষণ। যদি মূৰৰ এটা অংশত কেৱল মূৰৰ বিষ আৰু গধুৰতা থাকে তেন্তে এইবোৰ মাইগ্ৰেইনৰ লক্ষণ।

পৰিত্ৰাণ

মূৰৰ বিষ হ’লে লগে লগে ৰ’দৰ পৰা আঁতৰি ছাঁ বা শীতল ঠাইলৈ যাব লাগে। বহু গৰম লাগিলে লগে লগে এচিত সোমাব নালাগে। শৰীৰৰ উষ্ণতা কিছু স্বাভাৱিক হোৱাৰ পাছত এচিত সোমাওক। পাছত সাধাৰণ বা সামান্য ঠাণ্ডা পানী খাব লাগে। ইয়াৰ বাহিৰেও মুখত পানীত তিয়াই ৰুমাল বা টাৱেল ৰাখক, ইয়াৰ দ্বাৰা সকাহ পাব। বিভিন্ন ঠাণ্ডা খাদ্য যেনে তিঁয়হ, দৈ, মাখন আদি খাব পাৰে। যদি এইবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো মূৰৰ বিষৰ পৰা সকাহ নাপায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

 

অন্য খবৰ পঢ়কঃ পুৱাৰ সময়ত আজিয়েই ত্যাগ কৰক এই অভ্যাস! অন্যথা হ’ব ওজন বৃদ্ধি, জানক সকলো…

 

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা