চকু আৰু মূৰৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

আজিকালি মানুহৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা হয়। কিছুমানৰ প্ৰায়ে মূৰৰ বিষ হোৱা দেখা যায়। যদি আপোনাৰো মূৰ আৰু চকুৰ বিষ হয় তেন্তে সহজভাৱে লোৱা ঠিক নহয়। ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে।

চকু আৰু মূৰৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা...

মূৰ,চকু বিষ

Published: 

07 Jan 2026 | 07:02 PM

পৰিবৰ্তিত জীৱনশৈলী, খাদ্য, বেছিকৈ মোবাইল-লেপটপ ব্যৱহাৰ, মানসিক চাপ আদিৰ বাবে মানুহে প্ৰায়ে চকু আৰু মূৰৰ বিষত ভোগে। কেতিয়াবা এই বিষ কম আৰু কেতিয়াবা তীব্ৰ হৈ পৰে। কিছুমানে পুৱা সাৰ পোৱাৰ লগে লগে এই বিষ আৰম্ভ হয় আৰু বহু সময় থাকে। বহু সময়ত মানুহে এই বিষ সাধাৰণ বুলি আওকাণ কৰি চলে। কিন্তু সকলো সময়তে ইয়াক সাধাৰণভাৱে লোৱা ঠিক নহয়। ই বিভিন্ন ৰোগৰ লক্ষণ হ’ব পাৰে।

কি ৰোগৰ ইংগিত?

এই সন্দৰ্ভত সবিশেষ জনাইছে আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে। তেওঁ কয় যে, চকু আৰু মূৰৰ বিষৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল চাইনাছৰ সমস্যা। ছাইনাছত প্ৰদাহ বা সংক্ৰমণ হ’লে কপাল, নাকৰ গুৰি আৰু চকুৰ চাৰিওফালে গধুৰ আৰু চাপ হ’ব পাৰে। ইয়াৰোপৰি মাইগ্ৰেইনৰ সমস্যা থাকিলে মূৰৰ এটা অংশ, চকু আদিত বিষ হ’ব পাৰে। লগতে বমি বমি অনুভৱ, পোহৰৰ পৰা সমস্যা, অস্বস্তি আদি হ’ব পাৰে।

ইয়াৰোপৰি চকু দুৰ্বল, ভুল চশমা বা দীৰ্ঘ সময় স্ত্ৰীণ ব্যৱহাৰ আদিও এই বিষৰ কাৰণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত উচ্চ ৰক্তচাপ, ডিহাইড্ৰেশ্যন, মানসিক চাপ আদিৰ ফলতো এনে সমস্যা হয়। কিন্তু যদি টোপনিৰ অভাৱ হয়, এই সমস্যা আৰু অধিক হ’ব পাৰে। এনে অৱস্থাত চকুৰ বিষ, গধুৰতা, মূৰৰ বিষ আদি হ’ব পাৰে।

কেতিয়া বিপদজনক

মোবাইল ফোন, লেপটপ বা টেলিভিছন বহু সময় ব্যৱহাৰ কৰিলে এনে সমস্যা হয়। চাইনাছ ৰোগীয়ে পুৱা বেছি সমস্যা পাব পাৰে। মানসিক চাপ, টোপনিৰ অভাৱ, প্ৰচণ্ড সূৰ্যৰ পোহৰৰ সংস্পৰ্শতো বিষ আৰু বেছি হ’ব পাৰে। শিশু, বৃদ্ধি, মাইগ্ৰেইন থকা, চকুৰ সমস্যা থকাসকলৰ বাবে ই বিপদজনক।  যদি বিষৰ লগে লগে দৃষ্টিশক্তি ম্লান হোৱা, জ্বৰ, চকু ফুলা, বমি আদি লক্ষণে দেখা দিয়ে তেন্তে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।

প্ৰতিৰোধৰ উপায়

  • চকুক আৰাম দিয়ক।
  • পানী খাওক।
  • বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি চশমা লওক।
  • টোপনি লওক।
  • ব্যায়াম কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে শোৱাৰ পূৰ্বে এটা লং খালে পুৰুষে কি উপকাৰ পাব? জানক সকলো…

ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ