Happy Teacher’s Day 2025: এইদৰে আপোনাৰ প্ৰিয় শিক্ষাগুৰুলৈ প্ৰেৰণ কৰক শিক্ষক দিৱসৰ শুভেচ্ছা…

৫ ছেপ্তেম্বৰ শিক্ষকসকলৰ দিন। আমাৰ উজ্জ্বল ভৱিষ্যতৰ আঁৰত তেওঁলোকৰ অৱদান অপৰিসীম। গতিকে আজিৰ দিনটোতে আপোনাৰ মৰমৰ শিক্ষকক ধন্যবাদ দিয়ক, তেওঁলোকক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰক।

Happy Teachers Day 2025: এইদৰে আপোনাৰ প্ৰিয় শিক্ষাগুৰুলৈ প্ৰেৰণ কৰক শিক্ষক দিৱসৰ শুভেচ্ছা...

শিক্ষক দিৱসৰ শুভেচ্ছা

Updated On: 

04 Sep 2025 21:02 PM

শিক্ষক দিৱস, এই দিনটো আহিলে আমি সকলোৱে নষ্টালজিক হৈ পৰো। আজিৰ দিনটোতে আমি স্কুল-কলেজীয়া জীৱনৰ আটাইতকৈ প্ৰিয় শিক্ষকগৰাকীক স্মৰণ কৰোঁ। প্ৰতিবছৰৰ দৰে এইবাৰো ৫ ছেপ্তেম্বৰৰ দিনটোত সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হ’ব।

শিক্ষকসকলে আমাৰ জীৱনটো জ্ঞান আৰু ভাল শিক্ষাৰে ভৰাই তুলিছে। তেওঁলোকৰ প্ৰেম, গালি, শাস্তি আদিয়ে আমাৰ প্ৰত্যেকৰে হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। কোনে নিজৰ মৰমৰ শিক্ষকৰ প্ৰিয় ছাত্ৰ হ’বলৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই? তেওঁলোকে এতিয়াও ভৱিষ্যত গঢ়িবলৈ কাম কৰি আছে। তেওঁলোকৰ ছাত্ৰ-ছাত্ৰী সমাজত প্ৰতিষ্ঠিত হোৱা দেখি তেওঁলোকে গৌৰৱ অনুভৱ কৰে।  ৫ ছেপ্তেম্বৰৰ দিনটো সেই শিক্ষকসকলৰ বাবে। আমাৰ উজ্জ্বল ভৱিষ্যতৰ আঁৰত তেওঁলোকৰ অৱদান অপৰিসীম। গতিকে আজিৰ দিনটোতে আপোনাৰ মৰমৰ শিক্ষকক ধন্যবাদ দিয়ক, তেওঁলোকক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰক।

শিক্ষক দিৱস শুভেচ্ছা

১/ আপোনাৰ দৰে শিক্ষাগুৰু পোৱাটো ভাগ্যৰ কথা। মোক অনুপ্ৰাণিত কৰাৰ বাবে ধন্যবাদ। স্কুল-বিশ্ববিদ্যালয়ত আপোনাৰ দৰে অধিক শিক্ষকৰ প্ৰয়োজন। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

২/ আমাৰ পিতৃ-মাতৃয়ে আমাক জীৱন দিলে আৰু আপুনি আমাক কেনেকৈ জীয়াই থাকিব লাগে সেয়া শিকালে। আপুনি আমাৰ চৰিত্ৰত সততা, বিশুদ্ধতা আৰু আৱেগ সংযোজন কৰিছে। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

৩/ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অৱদানৰ বিষয়ে বুজাবলৈ শব্দ অভাৱ। আপোনাৰ শিক্ষাদানৰ প্ৰতি থকা উৎসাহে মোৰ হৃদয় চুই গৈছে। আপোনাৰ একাগ্ৰতাৰ পৰা মই অনুপ্ৰাণিত হৈছো। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

৪/ আপোনাৰ দৰে শিক্ষক থকা দেশ এখন দশকৰ ভিতৰত মহাশক্তি হ’ব পাৰে বুলি মই নিশ্চিত। মোৰ জীৱনৰ আটাইতকৈ প্ৰেৰণাদায়ক শিক্ষকজনলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

৫/ এজন মহান শিক্ষকে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ নিদিয়ে, কিন্তু আপোনাৰ মনত উত্তৰ বিচাৰি উলিওৱাত সহায় কৰে। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

৬/ আপুনি মোৰ জীৱনৰ স্ফুলিংগ, প্ৰেৰণা, পথ প্ৰদৰ্শক, পোহৰ। আপুনি মোৰ শিক্ষক হোৱাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।

৭/ পৰীক্ষাৰ সময়ত ছাৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত মই বহীখন হাতেৰে ঢাকি ৰাখিছিলো যাতে শিক্ষকে গম নাপায় আমি কিমান মূৰ্খ। সেই দিনবোৰ আজি মোৰ বৰকৈ মনত আছে। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

৮/ আপুনি শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ মুহূৰ্তত আমি এক শক্তি অনুভৱ কৰিছিলো, যিয়ে এতিয়াও আমাক আপোনাৰ দৰে হ’বলৈ অনুপ্ৰাণিত কৰে। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

৯/ আপুনি মোৰ অভিধানত নায়ক। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

১০/ অসাধাৰণ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰজন্মৰ সহায়ত অকল এজন শিক্ষকে জাতিৰ দিশ সলনি কৰিব পাৰিব। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।

লগতে পঢ়ক: ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষক দিৱসৰ চমু ভাষণ…

চন্দ্ৰগ্ৰহণত দুৰ্লভ সংযোগ, এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য!
এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?