Happy Mother’s day: আজি মাতৃ দিৱস, মাতৃক এইদৰে দিয়ক শুভেচ্ছা, প্ৰেৰণ কৰিব পাৰে বিশেষ বাৰ্তা

‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস। আজি মাতৃ দিৱস, এই দিনটোত মাতৃক এইদৰে দিয়ক শুভেচ্ছা, প্ৰেৰণ কৰিব পাৰে বিশেষ বাৰ্তা।

Happy Mother’s day: আজি মাতৃ দিৱস,  মাতৃক এইদৰে দিয়ক শুভেচ্ছা, প্ৰেৰণ কৰিব পাৰে বিশেষ বাৰ্তা

মাতৃ দিৱসৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী মাতৃক এইদৰে দিয়ক শুভেচ্ছা

Updated On: 

11 May 2025 | 06:27 AM

আজি ১১ মে’, মাতৃ দিৱস। মাতৃক শ্ৰদ্ধা আৰু সন্মান জনোৱাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি লৈ প্ৰতিবছৰে মাতৃ দিৱস পালন কৰি অহা হৈছে। মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্‌যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়।

‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস । এই দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয় ।

প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। অৱশ্যে ই অন্যান্য পৰম্পৰাগত অনুষ্ঠানৰ সৈতে একে নহয় (যিসমূহ বিশ্বই পৰম্পৰাগতভাৱে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পলন কৰে)। ১৯১২ চনত আন্না জাৰ্ভিছে ছেকেণ্ড ছানডে’ ইন মে’ আৰু মাদাৰ্ছ ডে’ ইণ্টাৰনেশ্যনেল এছ’চিয়েছন গঠন কৰে। তেওঁ কৈছিল যে— “মাদাৰ্ছ শব্দটো পৃথিৱীৰ প্ৰতিগৰাকী মাতৃক স্মৃতি তৰ্পণ কৰা বহুবচনাত্মক সম্বন্ধ কাৰক নহয়, প্ৰতিটো পৰিয়ালে নিজ-নিজ মাতৃক সন্মান জনোৱাৰ বাবে একবচনাত্মক সম্বন্ধ কাৰক হোৱাহে উচিত।”

এই বিশেষ দিনটোত মাতৃক এইদৰে দিয়ক শুভেচ্ছা, প্ৰেৰণ কৰিব পাৰে বিশেষ বাৰ্তা

  • তোমাৰ মৰমৰ ছাঁত জীয়াই থাকিবলৈ শিকিলোঁ মা তোমাৰ মৰম মোৰ সৰ্ববৃহৎ ধন। মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
  • তুমি কেৱল মোৰ সংগী নহয়, তুমি মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা আৰু শক্তি। মাতৃ দিৱসৰ শুভেচ্ছা থাকিল।
  • তুমি অবিহনে মোৰ জীৱন আধৰুৱা, তোমাৰ হাঁহি মোৰ আটাইতকৈ ডাঙৰ সুখ। মাতৃ দিৱসৰ শুভেচ্ছা থাকিল মোৰ প্ৰেয়সী।
  • আপোনাৰ সাহস, আপোনাৰ সপোন, আপোনাৰ প্ৰতিটো আৱেগ আমাৰ। য’ত আপুনি আছে এইখনেই পৃথিৱী, সকলো সমস্যা নাশ কৰক!
  • মা তুমি অবিহনে এই পৃথিৱীখন আধৰুৱা, আপুনি নিজৰ মাজতে এপাহ কাঞ্চন ফুল।
  • আপোনাৰ সাহসক চেলুট, আপোনাৰ কষ্টক চেলুট। আপোনাৰ সকলো সপোন বাস্তৱায়িত হওক। মাতৃ দিৱসৰ শুভেচ্ছা।
  • আপোনাৰ শক্তিক প্ৰণাম, তোমাৰ সাহসক প্ৰণাম। প্ৰতিদিনে আপোনাক সন্মান জনাও, এইটোৱেই আমাৰ উদেশ্যে হোৱা উচিত।
  • বিশ্বৰ প্ৰতি গৰাকী মাতৃলৈ “বিশ্ব মাতৃ দিৱসৰ” হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।
  • মা মানেই মমতা, নিৰাপত্তা, এটা বুজাব নোৱাৰা শব্দ, অস্তিত্ব, আশ্ৰয়, এবুকু ভালপোৱা। মাতৃ দিৱসৰ শুভেচ্ছা জনালো।
  • আজি এই মাতৃ দিৱসৰ শুভ দিনটোত প্রতিগৰাকী মাতৃলৈ শ্রদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। প্রতিগৰাকী মাতৃৰ সু-স্বাস্থ্য কামনা কৰিছোঁ।
  • যিগৰাকীয়ে নাৰীয়ে মোক এই পৃথিৱীলৈ আনিলে, মোক প্ৰতিটো সমস্যাৰ পৰা ৰক্ষা কৰিলে, তেওঁক এই বিশেষ দিনটোত শুভেচ্ছা জনালোঁ, ভালে থাকা ‘মা’।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...