Happy Mother’s Day: এইদৰে প্ৰেৰণ কৰক মাতৃ দিৱসৰ শুভেচ্ছা….
Mother’s Day Wishes in Assamese: এই দিনটোত মাক কেৱল মাতৃ দিৱসৰ শুভেচ্ছা কোৱাৰ পৰিৱৰ্তে কোনো বিশেষ ধৰণেৰে মাতৃ দিৱসৰ শুভেচ্ছা জনাওক। আজি এই প্ৰতিবেদনত আমি আপোনালোকক কেইটামান উত্তম উক্তি আৰু শুভেচ্ছাৰ কথা কৈছো যিবোৰ আপোনালোকে আপোনাৰ মাতৃসকলক মাতৃ দিৱসৰ শুভেচ্ছা জনাবলৈ প্ৰেৰণ বা ক'ব পাৰে।

মাতৃ দিৱসৰ শুভেচ্ছা
মা আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান ব্যক্তি। মাক অবিহনে ঘৰখনেই নহয় জীৱনটোও অসম্পূৰ্ণ। আমাক গৰ্ভত ৰখাৰ পৰা আমাক গোটেই জীৱন একেদৰেই আদৰ-সাদৰ কৰে এগৰাকী মাতৃয়ে। মাক ভগৱানৰ মৰ্যাদা দিয়া হয়। যদি মা আছে তেন্তে সকলো আছে। জীৱনৰ প্ৰতিটো দিনে মাৰ নামত উৎসৰ্গিত বাবে। কিন্তু মাক বিশেষ অনুভৱ কৰিবলৈ আৰু তেওঁৰ অৱদানক মনত কৰিবলৈ এটা দিন প্ৰয়োজনীয়।
মাতৃ দিৱস সেইবাবেই পালন কৰা হয়। প্ৰতি বছৰে মে’ মাহৰ দ্বিতীয় দেওবাৰে মাতৃ দিৱস পালন কৰা হয়। এইবছৰ ১১ মে’ তাৰিখে এই দিৱস পালন কৰা হ’ব। এই দিনটোত সকলোৱে মাতৃৰ বাবে বিশেষ পৰিকল্পনা কৰে, উপহাৰ দিয়ে আৰু তেওঁলোকক বিশেষ অনুভৱ কৰায়। সাধাৰণতে সন্তানে মাকৰ প্ৰতি থকা মৰম প্ৰকাশ কৰিবলৈ আৰু নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ খুব কমেইহে সক্ষম হয়। কিন্তু মাতৃ দিৱসে আপোনাক এই সুযোগ দিয়ে। এই দিনটোত মাক কেৱল মাতৃ দিৱসৰ শুভেচ্ছা কোৱাৰ পৰিৱৰ্তে কোনো বিশেষ ধৰণেৰে মাতৃ দিৱসৰ শুভেচ্ছা জনাওক। আজি এই প্ৰতিবেদনত আমি আপোনালোকক কেইটামান উত্তম উক্তি আৰু শুভেচ্ছাৰ কথা কৈছো যিবোৰ আপোনালোকে আপোনাৰ মাতৃসকলক মাতৃ দিৱসৰ শুভেচ্ছা জনাবলৈ প্ৰেৰণ বা ক’ব পাৰে।
মাতৃ দিৱসৰ শুভেচ্ছা
- আজি মাতৃ দিৱস, প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা।
- আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন। মাতৃ দিৱসৰ অলেখ শুভকামনা।
- ‘মা’ কেৱল এটা শব্দই নহয়, মাৰ সৈতে জড়িত হৈ আছে এক বুজাব নোৱাৰা আৱেগ। মাতৃ দিৱসৰ শুভেচ্ছা
- মা আপুনি অপৰূপা, মা অবিহনে কল্পনা কৰিব নোৱাৰি এই জীৱন। মাতৃ দিৱসৰ শুভেচ্ছা।
- মা তুমি সঁচাকৈ অতুলনীয়। আপোনাৰ অবিহনে মোৰ জীৱন আধৰুৱা। মাতৃ দিৱসৰ শুভেচ্ছা জনালো।
- এই বিশেষ দিনটোত সন্তামৰ বাবে নিজৰ সকলো সুখ ত্যাগ কৰি নিঃস্বাৰ্থ মৰমৰ দিয়া প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা।
- আপোনাৰ নিঃস্বাৰ্থ প্ৰেমে আমাক প্ৰতিদিনে অনুপ্ৰাণিত কৰে। মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ।
- মা তোমাৰ অবিহনে এই জীৱন অসম্পূৰ্ণ। তোমাৰ কষ্ট, ত্যাগ, প্ৰেৰণাৰ বাবে ধন্যাবাদ। মাতৃ দিৱসৰ শুভেচ্ছা।
- মা আছে মানে সকলো আছে,মা নাথাকিলে একোৱেই নাই।
- মা সেইজন ব্যক্তি যিয়ে নক’লেও মনৰ সকলো কথা বুজি পায়।
- .মাৰ মৰম অমূল্য, সেই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি।
- “মা হৈছে ঈশ্বৰৰ আন এটা ৰূপ যি আমাৰ বাবে এই পৃথিৱীলৈ আহিছে।”