Janmashtami 2025 Wishes: অসমত কেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী? এই দিনটোত আপোনজনক দিয়ক শুভকামনা

স্বাভাৱিকতে অসমত জন্মাষ্টমী ভাদ মাহত পালন কৰা হয়। অতীতৰে পৰা চলি অহা পৰম্পৰা অনুসৰি অহা ১৪ ছেপ্তেম্বৰত কৃষ্ণ পক্ষ অষ্টমীত ৰুহিনী নক্ষত্ৰত কৃষ্ণ জন্ম হ'ব। এই দিনটোত আপোনজনক জনাওক শুভেচ্ছা...

Janmashtami 2025 Wishes: অসমত কেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী? এই দিনটোত আপোনজনক দিয়ক শুভকামনা

অসমত কেতিয়া জন্মাষ্টমী?

Updated On: 

11 Sep 2025 | 07:37 PM

কালচক্ৰ পুৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ইংৰাজীৰ তাৰিখ অনুসৰি ১৪ ছেপ্তেম্বৰ। এই দিনটোত ৰাজ্য চৰকাৰেও চৰকাৰী বন্ধ ঘোষণা কৰিছে। ইতিমধ্যে ১৬ আগষ্টত বৃন্দাবনকে ধৰি ব্ৰজধামত কৃষ্ণ জন্মাষ্টমী উৎসৱ অতি আনন্দেৰে পালন কৰা হৈছে।

এই শুভ অনুষ্ঠানটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয়। জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত মানুহে ইজনে সিজনক অভিনন্দন জনায়। আপুনিও এই বাৰ্তাসমূহৰ জৰিয়তে আপোনজনক কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

  • ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰো, ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰাণপুৰুষগৰাকীৰ আশীৰ্বাদে আপোনাৰ জীৱন সুখময় কৰি তোলক।
  • গোকুলত বাস কৰে, যিয়ে গোপীসকলৰ সৈতে কৰিছিল ৰাসলীলা, সেয়া হৈছে কৃষ্ণ … কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা থাকিল!
  • ত্ৰিজগতৰ পতি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ দিনটোত সকলোৰে মঙ্গল কামনা কৰি তেৰাৰ চৰণত এভাগি ভক্তিভৰা সেৱা জনাইছোঁ ৷
  • পৰম আৰাধ্য, ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পৱিত্ৰ ক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
  • শ্ৰীকৃষ্ণৰ অমৃত বাণী আৰু স্বৰ্গীয় আভাই আমাক মাৰ্গদৰ্শন কৰি আহিছে। ত্ৰিভুৱনৰ সৰ্বশক্তিমান গৰাকীৰ মহান বাণীসমূহক সাৰোগত কৰি আমি জীৱনত একতা, নিষ্ঠা আৰু ভক্তিভাৱেৰে কাম কৰি যাব লাগিব। শুভ জন্মাষ্টমী
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...