অত্যধিক মদ্যপানৰ ফলত হোৱা হেংগঅভাৰৰ পৰা উপশম পোৱাৰ সহজ উপায়…

অত্যধিক মদ্যপান কৰাৰ পাছত পিছদিনা ৰাতিপুৱা হেংগঅভাৰ বা অত্যধিক মূৰৰ বিষ অনুভৱ হয়। হয়তো প্ৰায় সংখ্যক মদ্যপান কৰা লোকেই এই সমস্যাৰ সন্মুখীন হৈছে। পিছে এই সমস্য়াৰ পৰা উপশম পোৱাৰ উপায় কি?

অত্যধিক মদ্যপানৰ ফলত হোৱা হেংগঅভাৰৰ পৰা উপশম পোৱাৰ সহজ উপায়...

প্ৰতীকী ফটো

Published: 

30 Jun 2025 16:18 PM

বন্ধৰ দিনত বা কোনো এটা বিশেষ দিনত প্ৰায় সংখ্যক প্ৰাপ্তবয়স্কই সুৰাপান কৰে। জন্মদিন হওক বা অন্য কোনো বিশেষ দিন হওক, বিয়েৰ বাবে বিলাতী সুৰা উদযাপনৰ অংশ হৈ পৰিছে। অত্যধিক মদ্যপান কৰাৰ পাছত পিছদিনা ৰাতিপুৱা হেংগঅভাৰ বা অত্যধিক মূৰৰ বিষ অনুভৱ হয়। হয়তো প্ৰায় সংখ্যক মদ্যপান কৰা লোকেই এই সমস্যাৰ সন্মুখীন হৈছে। পিছে এই সমস্য়াৰ পৰা উপশম পোৱাৰ উপায় কি?

পাৰ্টি কৰাৰ পিছত হেংগঅভাৰ হোৱাটো একেবাৰে সাধাৰণ। এই সমস্যাৰ বাবে প্ৰায়ে টোপনি অনুভৱ হৈ থাকে। ৰাতি পৰ্যাপ্ত সময় টোপনি যোৱাৰ পাছতো টোপনি অনুভৱ হয়। বহুতৰে এটা ধাৰণা আছে যে, কফি খালে হেংগঅভাৰৰ পৰা উপশম পোৱা যায়। বহুতে ভাবে যে, তেঁতেলী বা নেমু খালে বা টেঙা খাদ্য খালে এই হেংগঅভাৰ নিমিষতে আঁতৰি যায়। কিন্তু জানেনে? বহু সময়ত এইবোৰেও কাম নকৰে।

অত্যধিক মদ্যপান কৰি বাৰে বাৰে বমি আহি আছে নেকি? বিষৰ বাবে মূৰটো দাঙিব পৰা নাই নেকি? এই সমস্যাৰ পৰা উপশম পাবলৈ এটুকুৰা ব্ৰেড টোষ্ট বা গৰম কৰক। অথবা ক্ৰীম ক্ৰেকাৰ বিস্কুট ভালকৈ গৰম কৰি ৰুটিৰ সলনি খাবও পাৰে। আপুনি দেখিব যে, ইয়াৰ ফলত আপোনাৰ মূৰৰ বিষ কমি যাব। বমিৰ সমস্যাও হ্ৰাস পাব।

অতিৰিক্ত আঁহ থকা খাদ্যই তেজৰ লগত এলক’হল মিহলি হ’বলৈ নিদিয়ে। গতিকে মদ খোৱাৰ সময়ত বা খোৱাৰ পিছত অধিক আঁহযুক্ত খাদ্য খাব লাগে। যেনে কাঠফুলা , পপকৰ্ণ, গ্ৰীল কৰা চিকেন চেণ্ডুইচ, চালাডো খাব পাৰে। ইয়াৰ ফলত কেতিয়াও মদ্যপান কৰাৰ পাছত হেংগঅভাৰ নহয়।

হেংগঅভাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু কি কি খাব পাৰে?

হেংগঅভাৰৰ পৰা মুক্তি পাবলৈ গ্ৰীণ টি বা হাৰ্বেল টি খাব পাৰে। ই অত্যধিক মদ্যপানৰ পিছত লিভাৰ ঠাণ্ডা কৰি ৰাখিব আৰু আপোনাক আৰাম দিব। ফলত ক্ৰমান্বয়ে হেংগঅভাৰ নাইকিয়া হৈ যাব।

হেংগঅভাৰৰ পৰা মুক্তি পাবলৈ কল খাব পাৰে। কলত থকা পটাছিয়ামে শৰীৰত থকা ইলেক্ট্ৰলাইট পুনৰুদ্ধাৰ কৰাত সহায় কৰে। যাৰ বাবে হেংগঅভাৰ সোনকালে নাইকিয়া হৈ যাব।

পানী খাব লাগে। যিমানেই পানী খাব সিমানেই হেংগঅভাৰ দ্ৰুতগতিত নাইকিয়া হ’ব। যদি আপুনি পানী খোৱাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ফলৰ ৰসও খাব পাৰে।

মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...