Hair Care: নিশা চুলি মেলি নে বান্ধি শোৱে? এই ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰাৰ সমস্যা…

Hair Care: সকলোৱে নিজৰ চুলি যত্ন ৰখা দৰকাৰ। নিশা বহুতে চুলি বান্ধি থয়, কিছুমানে আকৌ মেলি থয়। পিছে প্ৰশ্ন হয়, নিশা শোৱাৰ সময়ত কেনেকৈ ৰাখিলে চুলি নসৰে? কেনেকৈ ৰাখিলে চুলিৰ কোনো সমস্যা নহয়?

Hair Care: নিশা চুলি মেলি নে বান্ধি শোৱে? এই ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰাৰ সমস্যা...

চুলিৰ যত্ন

Updated On: 

27 Jan 2026 | 05:03 PM

নিশা শোৱাৰ পূৰ্বে আমি এনে কিছুমান কাম কৰো যাৰ প্ৰভাৱ আমাৰ শৰীৰত পৰে। সৰু অভ্যাস বুলি এইবোৰ আওকাণ কৰা যায় যদিও ই আমাৰ শৰীৰক ক্ষতি কৰিব পাৰে। মানুহৰ চুলিখিনি (Hair Care) অতি গুৰুত্বপূৰ্ণ। ই মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে, যাৰ বাবে যত্ন লোৱা দৰকাৰ। প্ৰশ্ন হয়, নিশা শোৱাৰ সময়ত চুলি মেলি নে বান্ধি ৰাখিব লাগে? বহু মহিলাই চুলি জোট নালাগিবৰ বাবে চুলি নিশা বান্ধি ৰাখে।

শোৱাৰ পদ্ধতি

নিশা শোৱাৰ সময়ত আমাৰ শৰীৰৰ লগতে চুলি আৰু মূৰৰ ছালো ৰিকোভাৰ কৰে। এই সময়ত চুলিত টান পৰিলে,সংঘৰ্ষ আৰু আৰ্দ্ৰতাৰ অভাৱে চুলিৰ স্বাস্থ্যক প্ৰভাৱিত কৰে। গতিকে শুই থকাৰ অৱস্থা, গাৰু, আৰু চুলিৰ অৱস্থা গুৰুত্বপূৰ্ণ।

চুলি মেলি ৰখাৰ উপকাৰ

  • যদি আপোনাৰ চুলি চুটি তেন্তে নিশা খুলি ৰাখিব পাৰে।
  • ইয়াৰ ফলত চুলিৰ গুৰিত কোনো হেঁচা নপৰে।
  • তেজ চলাচল ভাল হয়।
  • মূৰৰ বিষ আৰু হেয়াৰলাইনৰ চাপ কম হয়।

কিন্তু যেতিয়া মেলি চুলি গাৰুত ঘহনি খাই তেতিয়া অপকাৰ হ’ব পাৰে।

  • চুলি বেছিকৈ সৰিব পাৰে।
  • চুলি ফাটিব পাৰে।
  • পুৱা জোট খাব পাৰে।

চুলি মেলি ৰখাৰ উপকাৰ

  • দীঘল, ঘন চুলি নিশা বান্ধি ৰখা হয়।
  • জোট নালাগে।

বান্ধি ৰখাৰ অপকাৰ

বান্ধি ৰাখিলে চুলি বেছিকৈ সৰিব পাৰে। নিশা চুলিত টান পৰাৰ ফলত চুলি সৰা বাঢ়িব পাৰে। ইয়াক ট্ৰেকচন এলোপেচিয়া বোলা হয়। ইয়াৰ ফলত চুলিৰ ৰেখাত চুলি পাতল হ’বলৈ আৰম্ভ কৰে, কপাল আৰু কাণৰ চাৰিওফালে অধিক চুলি সৰে। এক কথাত চুলি সৰা বেছি হয়। নিশা চুলিয়ে নিজকে ৰিকোভাৰ কৰে। চুলি বান্ধি থ’লে সমস্যা আহিব পাৰে। ইয়াৰোপৰি চুলি দুৰ্বল হৈ ফাটিব পাৰে।
বেছি টানকৈ বান্ধি ৰাখিলে মূৰৰ বিষ, মূৰ গধুৰ, চুলিৰ গুৰিৰ বিষ আদি হ’ব পাৰে।

টান পৰি থাকিলে তেজৰ চলাচলত সমস্যা আহিব পাৰে। চুলিয়ে কম পুষ্টিকৰ উপাদান লাভ কৰে। যাৰ ফলত বিকাশত বাধা আহে। ইয়াৰোপৰি তিতা চুলি বান্ধি ৰাখিলে ফংগল সংক্ৰমণ,উফিআদিৰ সমস্যা বাঢ়িব পাৰে।

কেনেকৈ ৰাখিব?

নিশা শোৱাৰ সময়ত চুলি একেবাৰে ঢিলাকৈ বান্ধিব লাগে। একেবাৰে ঢিলাকৈ বেণী বান্ধি ৰাখিব পাৰে। ৰবৰ বেণ্ডৰ সলনি কোমল স্ক্ৰাঞ্চি বা কাপোৰৰ বেণ্ড ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি চিল্কৰ গাৰু ব্যৱহাৰ কৰা ভাল। গতিকে এনেকৈ চুলিৰ যত্ন ৰাখিব পাৰে।

 

অন্য খবৰ পঢ়কঃ সঘনাই চৰ্দি-কাহ হৈ থকাৰ কাৰণ কি? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...