Hair Care Tips: শীতকালত গৰম পানীৰে চুলি ধোৱা ভাল নে বেয়া? কেনেকৈ ল’ব যত্ন, জানক সকলো…

Hair Care: সকলোৱে বিচাৰে মজবুত আৰু ঘন চুলি। কিয়নো চুলিয়ে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে। গৰম হওক বা ঠাণ্ডাৰ দিন, সকলো সময়তে চুলিৰ যত্ন লোৱা প্ৰয়োজন।

Hair Care Tips: শীতকালত গৰম পানীৰে চুলি ধোৱা ভাল নে বেয়া? কেনেকৈ লব যত্ন, জানক সকলো...

চুলিৰ যত্ন

Published: 

12 Nov 2025 | 04:28 PM

বতৰৰ পৰিৱৰ্তনৰ লগে লগে জীৱনশৈলীতো পৰিৱৰ্তন আহে। এই সময়চোৱাত বহুতে গা ধোৱা আৰু চুলি ধোৱাৰ বাবে গৰম পানী ব্যৱহাৰ কৰে। কিন্তু গৰম পানীৰে গা বা চুলি ধুলে বিভিন্ন ক্ষতিও হ’ব পাৰে। সেয়ে বিশেষজ্ঞই সদায় কুহুমীয়া পানীৰে গা ধুবলৈ পৰামৰ্শ দিয়ে।

কি কয় বিশেষজ্ঞই

দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ ছাল বিজ্ঞানৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ বিজয় সিংঘালে কয় যে, চুলি ধোৱাৰ সময়ত অত্যধিক গৰম পানী ব্যৱহাৰ কৰিলে চুলি আৰু মূৰৰ ছাল দুয়োটাৰে বাবে ক্ষতিকাৰক হ’ব পাৰে। গৰম পানীয়ে প্ৰাকৃতিক তেল, চেবাম আঁতৰাই পেলায়। লগতে ই চুলি শুকান কৰি পেলায়। যাৰ ফলত চুলি সৰা আৰম্ভ কৰে। ইয়াৰ লগতে ই ছালৰ আৰ্দ্ৰতা নষ্ট কৰে। ইয়াৰ ফলত মূৰৰ ছালৰ খজুৱতি, ছাল শুকান, উফি আদিৰ সমস্যা বৃৃদ্ধি পাব পাৰে। যিসকলে চুলিত ৰং কৰে সেইসকলৰ বাবে এয়া আৰু অধিক ক্ষতিকাৰক। কিয়নো গৰম পানীৰ ফলত চুলিৰ ৰং সোনকালে নোহোৱা হৈ যাব পাৰে।

যত্ন কেনেকৈ ল’ব

এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ চুলিৰ যত্ন লোৱা প্ৰয়োজন। শীতকালত চুলি ধোৱাৰ বাবে গৰম পানীৰ সলনি কুহুমীয়া পানী ব্যৱহাৰ কৰা অতি ভাল। মাজে মাজে চেম্পু বা কণ্ডিচনাৰ ব্যৱহাৰ কৰিব ৰাখে। মূৰ ধোৱাৰ পাছত চুলিখিনি টাৱেলেৰে লাহে লাহে শুকুৱাই ল’ব। টাৱেলখন বেছি খহি নিদিব। চুলি উজ্বল আৰু ধুনীয়া কৰি ৰাখিবলৈ সপ্তাহত ১-২ বাৰ মাত্ৰ কুহুমীয়া পানীৰে চুলি ধুব। চুলি ধোৱাৰ কেইঘন্টামান আগতে তেল লগাব।

বেছি গৰম পানীৰে চুলি ধোৱা ভাল নহয়। যদি আপোনাৰ চুলি ফাটি গৈছে বা শুকান হৈ পৰিছে তেন্তে ধোৱাৰ আগতে তেল ব্যৱহাৰ কৰিব। যদি সৰু সৰু কিছুমান কথাতো গুৰুত্ব দিয়ে তেন্তে চুলি ধুনীয়া আৰু উজ্বল হৈ থাকিব। যদি চুলি বেছিকৈ সৰা, ছালত খজুৱতি, শুকান হোৱা সমস্যা আদি বৃদ্ধি পাইছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ ফেচবুকৰ পৰা আঁতৰাই পেলোৱা হ’ব Like আৰু Comment বুটাম! জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...