পাৰ্লাৰত নোযোৱাকৈয়ে চুলিৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি? এইদৰে কৰক দেশী ঘিউৰ ব্যৱহাৰ

দেশী ঘিউ আমাৰ স্বাস্থ্য আৰু ছালৰ লগতে চুলিৰ বাবেও যথেষ্ট উপকাৰী। ঘিউৱে চুলিক পুষ্টি প্ৰদান কৰে। ই শুকান চুলি আৰু উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি ইয়াক এনেদৰে ব্যৱহাৰ কৰিব পাৰে...

পাৰ্লাৰত নোযোৱাকৈয়ে চুলিৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি? এইদৰে কৰক দেশী ঘিউৰ ব্যৱহাৰ
Updated On: 

21 Aug 2024 | 10:01 PM

সকলোৱে দীঘল আৰু কোমল চুলি বিচাৰে। কিন্তু বৰ্তমান সময়ত চুলি সৰা, শুকান হোৱা আদি সমস্যাৰ বাবে বহুলোক শংকিত হৈ পৰিছে।  বৰ্ধিত প্ৰদূষণ, দুৰ্বল জীৱনশৈলী আৰু বিভিন্ন প্ৰকাৰৰ চিকিৎসাৰ বাবে চুলিৰ ক্ষতি হ’ব পাৰে। চুলি সৰা আৰু শুকান হোৱা সমস্যা পৰিহাৰ কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ চুলিৰ সামগ্ৰী আৰু ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰে। কিন্তু চুলি ধুনীয়া কৰি ৰাখিবলৈ আপুনি দেশী ঘিউৰো ব্যৱহাৰ কৰিব পাৰে।

আমি সৰুৰে পৰা শুনি আহিছো যে দেশী ঘিউ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই আমাৰ ছাল আৰু চুলিৰ বাবেও যথেষ্ট উপকাৰী। ইয়াক আপোনাৰ চুলিত প্ৰয়োগ কৰাৰ বহুতো লাভালাভ আছে। দেশী ঘিউত অমেগা 3 ফেটি এচিড থাকে, লগতে বিভিন্ন প্ৰকাৰৰ ভিটামিন থাকে। যিয়ে চুলিক পুষ্টি প্ৰদান কৰে।

দেশী ঘিউ চুলিক প্ৰাকৃতিকভাৱে বগা কৰাত উপকাৰী হিচাপে প্ৰমাণিত হ’ব পাৰে। লগতে ইয়াৰ দ্বাৰা উফিৰ দৰে সমস্যাবোৰৰ পৰাও সকাহ পাব পাৰি। ঘিউত ভিটামিন এ আৰু ই যথেষ্ট পৰিমাণে পোৱা যায়। এনে পৰিস্থিতিত দেশীঘিউ চুলি সৰা আৰু চুলিৰ বিকাশত সহায়ক প্ৰমাণিত হ’ব পাৰে। দেশী ঘিউ চুলিত আৰ্দ্ৰতা প্ৰদান কৰাত সহায়ক হ’ব পাৰে লগতে ই চুলিত উজ্জ্বলতা আনিব পাৰে। চুলিত দেশী ঘিউ প্ৰয়োগ কৰিলে আপোনাৰ চুলি ফটাৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে। একে সময়তে,ইয়াত থকা ভিটামিনবোৰ চুলি দীধল কৰে।

চুলিত দেশী ঘিউ প্ৰয়োগ কৰাৰ আগতে আপোনাৰ চুলি পৰিষ্কাৰ আৰু শুকান হ’ব লাগিব। যদি আপোনাৰ চুলি লেতেৰা হৈ আছে প্ৰথমে ইয়াক ধুই ভালদৰে শুকুৱাই লওক। যদি ঘিউখিনি গোটা হয় ইয়াক অলপ গৰম কৰক যাতে ই পনীয়া হয়। আপুনি ইয়াক মাইক্ৰ’ৱেভত বা ষ্টোভত এটা সৰু পাত্ৰত গৰম কৰিব পাৰে। মন কৰিব যে ঘিউখিনি অত্যাধিক গৰম নকৰিব। ইয়াক অলপ কুহুমীয়া কৰি ৰাখিব। যেতিয়া ই সামান্য ঠাণ্ডা হ’ব তেতিয়া ইয়াক আপোনাৰ চুলিত প্ৰয়োগ কৰক।

এতিয়া কম পৰিমাণৰ ঘিউ লওক আৰু আপোনাৰ আঙুলিৰ সহায়ত চুলিৰ গুৰিৰ ছালত প্ৰয়োগ কৰক। চুলিৰ গুৰিৰ পৰা আগলৈকে ভালদৰে মালিচ কৰক। ইয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে আৰু চুলিক পুষ্টি প্ৰদান কৰে। ঘিউখিনি কমেও ১-২ঘণ্টা বা নিশাটোৰ বাবে চুলিত লগাই ৰাখক। তাৰ পাছত আপোনাৰ চুলিখিনি চেম্পুৰে ভালদৰে ধুই দিব।

সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে