ছাল আৰু চুলি হৈ পৰিব ধুনীয়া, এনেকৈ ব্যৱহাৰ কৰক ভিটামিন-ই কেপচুল…

Hair care: ছাল আৰু চুলিৰ বাবে অত্যন্ত উপকাৰী ভিটামিন -ই কেপচুল। সঠিক ধৰণেৰে ইয়াৰ ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ লগতে চুলিও হৈ পৰিব মজবুত আৰু ধুনীয়া। গতিকে ভাল ছাল আৰু চুলিৰ বাবে ভিটামিন-ই কেপচুল ব্যৱহাৰ কৰিব পাৰে।

ছাল আৰু চুলি হৈ পৰিব ধুনীয়া, এনেকৈ ব্যৱহাৰ কৰক ভিটামিন-ই কেপচুল...

ছাল আৰু চুলি

barasha-sarma
Published: 

17 Mar 2025 09:00 AM

সকলোৱে ধুনীয়া আৰু দীঘল-মজবুত চুলি বিচাৰে। ইয়াৰ বাবে বিভিন্নজনে চুলিত বহু বস্তু সামগ্ৰী ব্যৱহাৰ কৰে। ভিটামিন ই- (Vitamin E Capsul)ক স্বাস্থ্যৰ লগতে সৌন্দৰ্যৰ ভিটামিন বুলি কোৱা হয়।ভিটামিন ইয়ে ৰক্তকণিকা বৃদ্ধিৰ কাম কৰে, চকু আৰু কোষক সুস্থ কৰি ৰাখে, সেয়েহে ই কেৱল ছালৰ বাবেই নহয় চুলিৰ বাবেও অতি উপকাৰী। সুস্থ ছাল আৰু চুলি পাবলৈ ভিটামিন ই সমৃদ্ধ খাদ্য যেনে আলমণ্ড, সূৰ্যমুখী ফুলৰ গুটি, পাইন বাদাম, অমিতা, কেপচিকাম, অলিভ অইল ইত্যাদি সেৱন কৰাটো উপকাৰী। ইয়াৰোপৰি ভিটামিন ই কেপচুল ছাল আৰু চুলিত ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত চুলিৰ সৌন্দৰ্য বৃদ্ধি পায়।

ভিটামিন ই ছাল আৰু চুলিৰ বাবে অত্যন্ত উপকাৰী। ছালখন সুস্থ কৰি ৰাখিবলৈ আৰু চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভিটামিন ই কেপচুল কিছু উপাদানৰ সৈতে মিহলাই প্ৰয়োগ কৰিব পাৰি। গতিকে কেনেকৈ ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিব পাৰি বা ই ছাল -চুলিক কেনেকৈ সুস্থ কৰি ৰাখে এই লেখাটোত উল্লেখ কৰা হ’ল।

ছালত ব্যৱহাৰ

ভিটামিন-ই কেপচুল ব্যৱহাৰ কৰা শুকান ছালৰ বাবে উপকাৰী। ইয়াৰ ফলত ছালৰ পৰা বয়সৰ ৰেখাবোৰ কমি যায়। ইয়াৰোপৰি ই ছালৰ পৰা দাগ আঁতৰাই ছালখন প্ৰাকৃতিকভাৱে উজ্বল কৰি তোলে। ছালৰ কোষৰ বাবে ভিটামিন ই কেপচুল ফলপ্ৰসু।

কেনেকৈ ব্যৱহাৰ কৰিব

ভিটামিন-ই কেপচুল প্ৰত্যক্ষভাৱেও ছালত ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে আপোনাৰ ছালৰ যদি অন্য কোনো সমস্যা আছে তেন্তে ব্যৱহাৰ নকৰিব। ইয়াৰোপৰি ইয়াক এলোভেৰা জেলৰ সৈতে মিহলাই ছালত প্ৰয়োগ কৰিব পাৰে। কমেও ২৫ৰ পৰা ৩০ মিনিট মুখত লগাই পাছত ধুই দিব।এইদৰে এই পেকটো সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিব পাৰি। ইয়াৰ ফলত ছালখন জিলিকি উঠিব।

চুলিৰ বাবে

ভিটামিন ই কেপচুলে চুলি সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত চুলি সৰা, উফি আদি সমস্যা দূৰ হয়। শুকান চুলি, ফাটি যোৱা চুলিৰ পৰা মুক্ত পাবলৈ ভিটামিন- ই কেপচুল ব্যৱহাৰ কৰিব পাৰে। ই চুলি ধুনীয়া কৰাত সহায় কৰে।

কেনেকৈ ব্যৱহাৰ কৰিব

সুস্থ চুলিৰ বাবে ভিটামিন ই দুটা কেপচুল লৈ তাত দৈ, কণী মিহলাই চুলিত লগাব লাগে। এনেকৈ এবাৰ ব্যৱহাৰ কৰাৰ পাছতে পাৰ্থক্য দেখিব। ইয়াৰোপৰি ভিটামিন ই কেপচুল নাৰিকল তেলৰ লগত মিহলাই চুলিত লগাব পাৰি। এনেকৈ ব্যৱহাৰ কৰিলে আপোনাৰ চুলি মজবুত, ধুনীয়া আৰু উজ্বল হৈ উঠিব।

 

অন্য খবৰ পঢ়কঃ খাদ্য খোৱাৰ পাছত পেট বিষ হয় নেকি? তেন্তে হ’ব পাৰে IBS ৰ লক্ষণ, জানক সবিশেষ…

দূৰ হ'ব আৰ্থিক সমস্যা! পাকধৰৰ পৰা আঁতৰ কৰক এই ৩ সামগ্ৰী...
বিৰল সংযোগ! আগষ্ট মাহত কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, জানক...
এইদৰে ব্যৱহাৰ কৰক পদূনাৰ পাত, ছালৰ সৌন্দৰ্যই আকৰ্ষিত কৰিব আপোনাৰ শত্ৰুকো
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...