আপুনি ছুইজাৰলেণ্ডলৈ যাব বিচাৰি আছে নেকি? অসমৰ এই স্থানতে পাব ছুইজাৰলেণ্ডৰ অনুভৱ

অসমত এনে বহু স্থান আছে, য'ত আপুনি এবাৰ ফুৰিবলৈ গ'লে বাৰে বাৰে যাব বিচাৰিব। এনে স্থানৰ প্ৰকৃতিৰ মনোৰম দৃশ্যই মন্ত্ৰমুগ্ধ কৰিব আপোনাক। শীতকালত প্ৰকৃতিৰ এই সৌন্দৰ্যই সকলোকে যেন হাত বাউলি মাতে।

আপুনি ছুইজাৰলেণ্ডলৈ যাব বিচাৰি আছে নেকি? অসমৰ এই স্থানতে পাব ছুইজাৰলেণ্ডৰ অনুভৱ

অসমৰ এই স্থানতে পাব ছুইজাৰলেণ্ডৰ অনুভৱ

Updated On: 

25 Nov 2024 18:37 PM

Mini Switzerland Assam: এতিয়া শীতৰ সময়। এই সময়ছোৱাত সকলোৱে বিভিন্ন স্থানত বা প্ৰাকৃতিক পৰিৱেশত সময় কটাই পুৰণি বছৰটোক বিদায় দিব বিচাৰে। যদিহে আপুনি এই স্থানলৈ পৰিয়াল বা বন্ধু-বৰ্গৰ সৈতে ফুৰিবলৈ যায় তেন্তে প্ৰকৃতিৰ মনোৰম দৃশ্যই মন্ত্ৰমুগ্ধ কৰিব আপোনাক।

আজি আপোনালোকক কম অসমৰ ছুইজাৰলেণ্ড সদৃশ হাফলঙৰ কথা। হাফলং ডিমা হাছাও জিলাত অৱস্থিত অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ “Haflau” বা “Hangkhlong” শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷

শীতৰ সময়ত এই স্থানত যথেষ্ঠ মানুহে ভিৰ কৰে। হাফলঙৰ প্ৰাকৃতিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। পুৰণি বছৰটো বিদায় দি নতুন বছৰটো আকোৱালি ল’বলৈ বহু পৰ্যটকে হাফলঙত ভিৰ কৰে।

যাতায়াতৰ সুবিধা

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আৰম্ভ কৰিছে ভিষ্টাড’ম (Vistadome) ৰে’ল সেৱা। এই ট্ৰেইনখনৰ খিৰিকীবোৰত ডাঙৰ ডাঙৰ গ্লাছ থকাৰ বাবেই যাত্ৰীসকলে যাত্ৰাৰ প্ৰাকৃতিক সৌন্দৰ্য্য সুন্দৰকৈ উপভোগ কৰিব পাৰে। লগতে যাত্ৰীয়ে ৰে’লৰ আসনবোৰ ১৮০ ডিগ্ৰী পৰ্যন্ত ঘূৰাই নিজৰ ইচ্ছা মতে বহিব পাৰিব। গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনলৈ সপ্তাহত প্ৰতি বুধবাৰ আৰু শনিবাৰে চলে এই ট্ৰেইনখন। ভিষ্টাড’ম ৰে’ল সেৱাৰ আমেজ ল’বলৈ পৰ্যটকসকলে IRCTCৰ অফিচিয়েল টিকট বুকিং ৱেবছাইটৰ জৰিয়তে টিকট বুক কৰিব পাৰিব।

পাহাৰীয়া চহৰ হাফলং পাইন গছৰ দ্বাৰা আবৃত আৰু নীলা অৰ্কিডৰে ভৰা। হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত। এই সময়খিনিত হাফলং আৰু উমৰাংছুত পৰ্যটকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে।

হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ’ল-

  • হাফলং হ্ৰদ
  • জাতিংগা
  • পৰম্পৰাগত গাওঁসমূহ
  • ফিয়াংপুই বাগান
  • জৰাই
  • মউলপং
  • ফিয়াংপুই (Fiangpui) গীৰ্জা

হাফলঙৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰ্যটকক আকৰ্ষণ কৰে। অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰীখনক অসমৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয়। ডিমা হাছাও জিলা হৈছে এক শান্তিপূৰ্ণ স্থান আৰু পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । মনোৰম বৰাইল পৰ্বতমালাৰ গৰ্ভত থকা অসমৰ পাহাৰীয়া জিলাখনলৈ বিশেষকৈ শীতকালত বহু পৰ্যটকৰ সমাগম হয় ।

বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor