আপোনাৰো আছে নেকি চাহৰ সৈতে ধূমপানৰ চখ? সাৱধান! হ’ব পাৰে এনে ভয়ংকৰ ক্ষতি

ধূমপানৰ ফলত শৰীৰৰ কেনে ক্ষতি হয়, এই কথা পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নাই। তথাপি চিগাৰেটৰ নিচাৰ পৰা মুক্ত হোৱাৰ চেষ্টা নকৰে বহু লোকে। সাধাৰণভাৱে ধূমপানৰ অভ্যাস বাদেই, আন একাংশ লোকৰ আকৌ চাহকাপৰ সৈতেও ধূমপানৰ অভ্যাস আছে। এই অভ্যাস দেহৰ বাবে কিমান ক্ষতিকাৰক জানেনে?

আপোনাৰো আছে নেকি চাহৰ সৈতে ধূমপানৰ চখ? সাৱধান! হ’ব পাৰে এনে ভয়ংকৰ ক্ষতি

চাহৰ সৈতে ধূমপানে কৰে ভয়ংকৰ ক্ষতি

Published: 

24 Jan 2025 21:31 PM

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই সাধাৰণ অথচ অতি প্ৰয়োজনীয় সতৰ্কবাণী সকলোৰে জ্ঞাত। আনকি চিগাৰেটৰ পেকেটত দিয়া হয় এই সতৰ্কবাণী। তাৰ পিছতো নিজৰ স্বাস্থ্যৰ সম্ভাৱ্য ক্ষতি আওকাণ কৰি বহু লোকৰ ধূমপানৰ অভ্যাস আছে। ইয়াৰ ফলত শৰীৰৰ কেনে ক্ষতি হয়, এই কথা পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নাই। তথাপি চিগাৰেটৰ নিচাৰ পৰা মুক্ত হোৱাৰ চেষ্টা নকৰে বহু লোকে। চিগাৰেট এতিয়া বহুতৰে বাবে এক ফেশ্ব্যন স্বৰূপ হৈ পৰিছে। এক কথাত বহু লোকৰ বাবে এয়া আধুনিকতাৰ লক্ষণৰ দৰেই হৈ পৰিছে।

সাধাৰণভাৱে ধূমপানৰ অভ্যাস বাদেই, আন একাংশ লোকৰ আকৌ চাহকাপৰ সৈতেও ধূমপানৰ অভ্যাস আছে। চাহৰ সৈতে আন কোনো খাদ্যবস্তু খোৱাটো আমাৰ পৰিচিত দৃশ্য। কিন্তু বহু লোকে আন খোৱা বস্তুতকৈ চিগাৰেটক চাহৰ সংগী হিচাপে বাছি লোৱা পৰিলক্ষিত হয়। এই অভ্যাস দেহৰ বাবে কিমান ক্ষতিকাৰক জানেনে? চাহ আৰু চিগাৰেটৰ এই সংমিশ্ৰণ দেহৰ বাবে হৈ পৰে অত্যন্ত বিপদজনক।

বিশেষজ্ঞসকলৰ মতে একে সময়তে চাহ আৰু চিগাৰেট খোৱাৰ অভ্যাসে শৰীৰৰ বাবে এক ভয়ংকৰ বিপদৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ প্ৰভাৱ হয়তো আৰম্ভণিতে বুজিব পৰা নাযায়, কিন্তু লাহে লাহে ই দেহক ভয়াৱহ অৱস্থাৰ ফালে ঠেলি দিয়ে। ইয়াৰ ফলত ভৱিষ্যতে হৃদযন্ত্ৰৰ সমস্যা আনকি কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ সৃষ্টি হ’ব পাৰে। অধ্যয়নত দেখা গৈছে যে ধূমপান আৰু মদ্যপানে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কেইবাগুণো বৃদ্ধি কৰে।

আন এক প্ৰতিবেদনত কোৱা হৈছে যে চাহ আৰু চিগাৰেট একেলগে খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমেও ৩০ শতাংশ বৃদ্ধি পায়। চাহ খালে পাচন অংগৰ ক্ষতি হয়। একেদৰে ধূমপানে শৰীৰৰ কোষৰ ক্ষতি কৰে। এনে সমস্যাৰ লগতে চাহ আৰু চিগাৰেটৰ সংমিশ্ৰণে আমাৰ দেহত আন কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই বিষয়ে জানো আহক-

হৃদযন্ত্ৰৰ সমস্যা, মগজুৰ ষ্ট্ৰোক

হাত-ভৰিৰ হাৰ্নিয়াৰ সমস্যা

স্মৃতিশক্তি হেৰুৱাই পেলোৱাৰ সমস্যা

হাওঁফাওঁৰ সমস্যা

পেটৰ সমস্যা

প্ৰজনন ক্ষমতাত সমস্যা হব পাৰে।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...