Guava Benefits: প্ৰতিদিনে এটাকৈ মধুৰিআম খালে শৰীৰৰ কি কি ৰোগ ঠিক হয়? জানক…

Guava Benefits: বজাৰত পোৱা বিভিন্ন ফল-মূলৰ ভিতৰত মধুৰিআম অন্যতম। কিন্তু আপুনি জানেনে, এই মধুৰিআমৰ বিভিন্ন উপকাৰী গুণ আছে। যদি আপুনি প্ৰতিদিনে এটাকৈ মধুৰিআম খাই তেন্তে বিভিন্ন সুফল লাভ কৰিব।

Guava Benefits: প্ৰতিদিনে এটাকৈ মধুৰিআম খালে শৰীৰৰ কি কি ৰোগ ঠিক হয়? জানক...

মধুৰিআমৰ উপকাৰ

Published: 

15 Dec 2025 | 08:45 PM

বহুতৰে ঘৰত মধুৰিআমৰ গছ থকা দেখা যায়। এই গছ সহজে হয় আৰু ই স্বাস্থ্যৰ বাবে উপকাৰী। মধুৰিআম (Guava)ত ভিটামিন চি, ফাইবাৰ, এন্টিঅক্সিডেন্ট আৰু অন্য বহু পুষ্টিকৰ উপাদান থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে পাচনতন্ত্ৰ ভাল কৰে। ইয়াৰোপৰি আৰু বিভিন্ন ক্ষেত্ৰত মধুৰিআম খোৱা ভাল।  যদি আপুনি প্ৰতিদিনে এটাকৈ মধুৰিআম খাই তেন্তে ইয়াৰ বিভিন্ন উপকাৰ লাভ কৰিব।

মধুৰিআমৰ উপকাৰ

ৰোগ প্ৰতিৰোধ ক্ষমতাঃ মধুৰিআমে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াত ভিটামিন চি থাতে। যি ৰক্তকণিকা শক্তিশালী কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াৰোপৰি ইয়াত ফাইবাৰ, পটেছিয়াম, এন্টিঅক্সিডেন্ট গুণ থাকে।

পাচনতন্ত্ৰঃ মধুৰিআমত ফাইবাৰ থাকে। বাকলিৰ সৈতে খালে পাচনতন্ত্ৰ ভাল হয়। নিয়মিতভাৱে এয়া খালে কৌষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ পোৱা যায়। ইয়াৰোপৰি পেটৰ সমস্যা হ’লে বহুতে মধুৰিআমৰ পাতৰ ৰস খায়।

ব্লাড চুগাৰ নিয়ন্ত্ৰণঃ বিভিন্ন অধ্যয়নত প্ৰকাশ পাইছে য়ে, মধুৰিআমে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। ই চেনি শোষণ লেহেমীয়া কৰাত সহায় কৰে। এনে অৱস্থাত তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থকাত সহায়ক হয়।

ছালঃ ছালৰ স্বাস্থ্যৰ বাবেও মধুৰিআম ভাল। মধুৰিআমে ছাল উজ্বল আৰু ধুনীয়া কৰাত সহায় কৰে। ছালত বয়সৰ প্ৰভাৱ পৰাৰ ক্ষেত্ৰতো মধুৰিআমে বাধা দিয়ে।

ওজন নিয়ন্ত্ৰণঃ বগা মধুৰিআমে ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। ইয়াক কেলৰি কম থাকে। ইয়াৰোপৰি প্ৰাকৃতিক চেনি কম থাকে আৰু ফাইবাৰ বেছি থাকে। গতিকে পেট ভৰি থাকে। এনে অৱস্থাত অন্য বস্তু বেছি খোৱাৰ পৰা পৰিত্ৰাণ পোৱা যায়। গতিকে ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ই সহায়ক।

 

(ওপৰোক্ত লেখাটোত কিছুমান বিশেষ দিশৰ কথাহে উল্লেখ কৰা হৈছে। যদি আপোনাৰ বিশেষ কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে, তেনে ক্ষেত্ৰত যিকোনো বস্তু খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।)

 

অন্য খবৰ পঢ়কঃ নিশা শোৱাৰ পূৰ্বে মাত্ৰ ১টাকৈ লং খালে শৰীৰৰ কি কি লাভ হয়? জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...