Green Tea Benefits: একেৰাহে ৩০ দিন গ্ৰীণ টি খালে শৰীৰৰ কি কি লাভ হয়? জানক সকলো…

Green Tea Benefits: বহুতে পুৱা খালী পেটত গ্ৰীণ টি খায়। গ্ৰীণ টিৰ বহু উপকাৰী গুণ আছে। ই স্বাস্থ্যৰ বহু উপকাৰ সাধন কৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। ছালৰ পৰা হৃদযন্ত্ৰলৈ ই বহু উপকাৰ সাধন কৰে।

Green Tea Benefits: একেৰাহে ৩০ দিন গ্ৰীণ টি খালে শৰীৰৰ কি কি লাভ হয়? জানক সকলো...

গ্ৰীণ টি

Published: 

18 Dec 2025 | 10:20 AM

স্বাস্থ্যৰ বাবে উপকাৰী এক পানীয় গ্ৰীণ টি(Green Tea)। বহুতে পুৱা উঠি গ্ৰীণ টি খায়। গ্ৰীট টিত বহু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। কিন্তু আপুনি জানেনে, যদি আপুনি প্ৰতিদিনে গ্ৰীণ টি খাই তেন্তে শৰীৰে কি কি উপকাৰ লাভ কৰিব? অন্তত ৩০ দিন ধৰি আপুনি যদি প্ৰতিদিনে গ্ৰীণ টি খাই তেন্তে ইয়াৰ ফল শৰীৰত দেখা পাব। গতিকে গ্ৰীণ টি খালে কি হয়, ইয়াৰ ফলত শৰীৰত কি কি পৰিৱৰ্তন হয় এয়া সকলো তলত উল্লেখ কৰা হ’ল।

গ্ৰীণ টি খালে কি হয়?

শৰীৰত এন্টিঅক্সিডেন্টঃ হেল্থ লাইনৰ মতে, গ্ৰীন টিত কেটেচিন নামৰ এবিধ এন্টিঅক্সিডেন্টছ থাকে, বিশেষকৈ EGCG. ই শৰীৰৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু প্ৰদাহ কম কৰিব পাৰে। ইয়াৰোপৰি এই এন্টিঅক্সিডেন্টবোৰে ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ কম কৰি ছালখন সুস্থ কৰি ৰাখে। ই ছালত বয়সৰ প্ৰভাৱ পৰিব নিদিয়ে।

মগজুঃ গ্ৰীণ টিত কিছু পৰিমাণৰ কেফিন আৰু L-theanine থাকে। ই বিশেষকৈ মনোযোগ, মুড আৰু মগজুৰ কাৰ্যকলাপ ভাল কৰাত সহায় কৰে। প্ৰতিদিনে গ্ৰীণ টি খালে মনোযোগ ভাল হয় আৰু মুড ভালে থাকে।

বিপাকীয় ক্ৰিয়াঃ গ্ৰীণ টিয়ে বিপাকীয় ক্ৰিয়া ভাল কৰে। যদি আপুনি ব্যায়ামৰ উপৰি সদায় গ্ৰীণ টি থাই তেন্তে চৰ্বি হ্ৰাসত সহায় হয়।

ওজন হ্ৰাসঃ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো গ্ৰীণ টি ফলপ্ৰসূ। ই পেটৰ চৰ্বি কম কৰে। এনে অৱস্থাত ওজন হ্ৰাসৰ বাবে ই সহায়ক হয়।

হৃদযন্ত্ৰঃ কিছুমান তথ্য অনুসৰি, গ্ৰীণ টিয়ে ব্লাড প্ৰেচাৰ আৰু কলেষ্টেৰলৰ দৰে সমস্যাৰ বাবে উপকাৰী। হৃদযন্ত্ৰ সুস্থ ৰখাত ই সহায় কৰে।

দিনত কিমান খাব

হেল্থ লাইনৰ মতে, সাধাৰণতে এদিনত ১ৰ পৰা ২ কাপ গ্ৰীণ টি খোৱা ভাল আৰু উপকাৰী। ইয়াতকৈও বেছি খাব নালাগে। ইয়াৰোপৰি আপোনাৰ যদি পাচন তন্ত্ৰৰ সমস্যা আছে, বিশেষকৈ এচিডিটিৰ সমস্যা তেন্তে খালী পেটত গ্ৰীণ টি খাব নালাগে। লগতে বেছি নিশা গ্ৰীণ টি খাব নালাগে, এনে কৰিলে টোপনিত ব্যাঘাত পৰিব পাৰে। গতিকে দিনৰ ভাগত গ্ৰীণ টি সেৱন কৰিব পাৰে। যদি আপোনাৰ কোনো সমস্যা নাই তেন্তে খালী পেটত খাব পাৰে।

 

অন্য খবৰ পঢ়কঃ আপুনিও দুৱাৰ বন্ধ কৰি বাথৰুম চাফা কৰে নেকি? হ’ব পাৰে স্বাস্থ্যৰ এই ডাঙৰ ক্ষতি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব