মটৰত কি কি ভিটামিন থাকে? ৫ টা উপকাৰী গুণ জানিলে আচৰিত হ’ব আপুনি..
মটৰ খাই বহুতে ভাল পায়। সেউজীয়া মটৰৰ বহু উপকাৰী গুণ আছে। ছালৰ পৰা স্বাস্থ্যলৈ ই বিভিন্ন দিশত ভাল। গতিকে আপুনি জানেনে, মটৰ খালে কি কি ৰোগৰ বাবে ভাল? এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হ'ল।

মটৰৰ উপকাৰিতা
মটৰ খাই বহুতে ভাল পায়। শীতকালত বজাৰত সহজে পোৱা বিভিন্ন শাক-পাচলিৰ ভিতৰত সেউজীয়া মটৰ (Green Peas) অন্যতম। মটৰ কেঁচাই খোৱাৰ উপৰি বহুতে সব্জী বনাই, চালাদ হিচাপে বা বিভিন্ন প্ৰকাৰে খায়। সোৱাদৰ ক্ষেত্ৰত মটৰ বহু পাচলিৰ ওপৰত। পিছে কেৱল সোৱাদৰ ক্ষেত্ৰতে নহয়, মটৰৰ আছে আন বহু উপকাৰী গুণ। ছালৰ পৰা স্বাস্থ্যলৈ বিভিন্ন ক্ষেত্ৰত মটৰে সহায় কৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। মটৰত বহু ভিটামিন তথা পুষ্টিকৰ উপাদান আছে। মটৰৰ কি কি গুণ আছে, কি ভিটামিন আছে এই সকলো এই লেখাটোত উল্লেখ কৰা হ’ল।
কি কি ভিটামিন থাকে?
মটৰত বিশেষকৈ ভিটামিন এ, ভিটামিন চি, ভিটামিন কে প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰোপৰি ভিটামিন বি কমপ্লেক্স, থিয়ামিন পোৱা যায়। লগচতে থাকে আয়ৰন, মেগনেছিয়াম, ফাইবা আদি। যাৰ বাবে ইয়াৰ উপকাৰী গুণ বহুত।
৫টা উপকাৰী গুণ
- মটৰত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শক্তি প্ৰদান কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এনে অৱস্থাত শৰীৰ চৰ্দি, কাহ, জ্বৰ আদিৰ পৰা দূৰত থাকে।
- যদি আপোনাৰ কৌষ্ঠকাঠিন্যৰ সমস্যা থাকে তেন্তে মটৰ ভাল। ইয়াত থকা ফাইবাৰে হজম প্ৰক্ৰিয়া ভাল কৰে পেট চাফা কৰাত সহায় কৰে।
- মটৰে শৰীৰৰ বেয়া কলেষ্টেৰল কম কৰাত সহায় কৰে। ই হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। ইমানেই নহয়, ই ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
- মটৰত প্ৰ’টিন, ফাইবাৰ আদি প্ৰচুৰ পৰিমাণে থাকে আৰু চৰ্বি কম থাকে। মটৰ খোৱাৰ পাছত দীৰ্ঘ সময়ৰ বাবে পেট ভৰি থাকে। যাৰ ফলত খাদ্য খোৱা নিয়ন্ত্ৰণত থাকে। ই ওজন নিয়ন্ত্ৰণত সহায় কৰে।
- ভিটামিন এ, ভিটামিন চি ছাল আৰু চকুৰ বাবে উপকাৰী। ই ছালৰ পৰা বয়সৰ প্ৰভাৱ কম কৰে লগতে ছাল উজ্বল আৰু ধুনীয়া কৰি ৰাখে।
গুৰুত্বপূৰ্ণ
সেউজীয়া মটৰ স্বাস্থ্যৰ বাবে ভাল। কিন্তু আপোনাৰ যদি গেছৰ সমস্যা বা অন্য সমস্যা আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ বাহী ভাত খাই নেকি? ই স্বাস্থ্যৰ বাবে ভাল নে বেয়া, জানক…