প্ৰতিদিনে এটাকৈ কেঁচা জলকীয়া খালে শৰীৰৰ কি কি লাভ হয়? জানক…
প্ৰায় সকলো মানুহে কেঁচা জলকীয়া খায়। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰো উপকাৰ সাধন কৰে। কেঁচা জলকীয়াৰ বহু উপকাৰী গুণ আছে। ছালৰ পৰা স্বাস্থ্যলৈ কেঁচা জলকীয়া খালে শৰীৰে বহু উপকাৰিতা লাভ কৰে।

জলকীয়া
কোৱা হয়, ভাৰতীয় খাদ্যত যেতিয়ালৈকে জলকীয়া ব্যৱহাৰ কৰা নহয় তেতিয়ালৈকে সোৱাদ নাহে। প্ৰায় সকলো মানুহে কম বেছি পৰিমাণে জলকীয়া খোৱা দেখা যায়। পিছে কেৱল সোৱাদৰ ক্ষেত্ৰতে নহয়, ই শৰীৰৰ বাবেও উপকাৰী। কেঁচা জলকীয়া (Green Chilli) ত ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ভিটামিন বি৬, আয়ৰণ, পটেছিয়াম, ফাইবাৰ, এন্টিঅক্সিডেন্ট, বিটা কেৰোটিন, ল্যুটিন আদি পুষ্টিকৰ উপাদান থাকে। ই শৰীৰৰ বাবে উপকাৰী। গতিকে কেঁচা জলকীয়া খালে শৰীৰৰ কি কি উপকাৰ সাধন হয় এই সকলো এই লেখাটোত উল্লেখ কৰা হ’ল।
উপকাৰিতা
ওজন হ্ৰাসঃ কেঁচা জলকীয়াত থকা কেপচাইচিনে বিপাকীয় ক্ৰিয়া ভাল কৰে। এনে অৱস্থাত ই ওজন হ্ৰাস কৰাত সহায় হয়। ইয়াক কেলৰি কম থাকে। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে কেঁচা জলকীয়া খাব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতাঃ কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে। এনে অৱস্থাত চৰ্দি, জ্বৰ আদিৰ পৰা শৰীৰ ৰক্ষা পৰে।
পাচনতন্ত্ৰঃ যিসকল লোকৰ পাচনতন্ত্ৰৰ লগত জড়িত সমস্যা হয় সেইসকলে কেঁচা জলকীয়া খাব পাৰে। কেঁচা জলকীয়াত ফাইবাৰ থাকে, যি কোষ্ঠকাঠিন্যকে ধৰি অন্ত্ৰৰ স্বাস্থ্য ভাল কৰে।
হৃদযন্ত্ৰঃ প্ৰতিদিনে কেঁচা জলকীয়া খালে বেয়া কলেষ্টেৰল কম হয় আৰু ৰক্ত সঞ্চালন উন্নত নহয়। গতিকে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে।
ছালঃ জলকীয়াত থকা ভিটামিন চি আৰু অন্য উপাদানে ছাল উজ্বল আৰু ধুনীয়া কৰাত সহায় কৰে।
চকুঃ বিটা কেৰোটিন, ভিটামিন এৰ দৰে উপাদানে দৃষ্টিশক্তি উন্নত কৰে। চকুৰ স্বাস্থ্যৰ বাবে ই ভাল।
( এই লেখাটোত কিছুমান সাধাৰণ দিশৰ কথা উল্লেখ কৰা হৈছে। কিন্তু আপোনাৰ যদি বিশেষ কিবা ৰোগ আছে তেন্তে এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।)
অন্য খবৰ পঢ়কঃ কি কি ৰোগৰ বাবে ভাল পানীলাউ? জনালে বাবা ৰামদেৱে…