ছাগলীৰ গাখীৰৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক সকলো…

Goat Milk Benefits: ছাগলীৰ গাখীৰৰ বহু উপকাৰী গুণ আছে। ই বিভিন্ন ৰোগৰ বাবে ভাল। গতিকে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লৈ ছাগলীৰ গাখীৰ সেৱন কৰিব পাৰে।

ছাগলীৰ গাখীৰৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক সকলো...

ছাগলীৰ গাখীৰ

Updated On: 

05 Nov 2025 | 03:33 PM

গাই গৰু,মহৰ গাখীৰ খোৱা সাধাৰণ কথা। কিন্তু বহুতে ছাগলীৰ গাখীৰ খোৱাও দেখা যায়। ইয়াৰোপৰি ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। বিভিন্ন ঔষধি গুণেৰে ভৰপুৰ ছাগলীৰ গাখীৰ। বিভিন্ন পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ইয়াক ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদতো গাখীৰ খোৱা উপকাৰী বুলি গণ্য কৰা হয়। চিকিৎসকেও বহু ৰোগত ছাগলীৰ গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে। পিছে বহুতে ছাগলীৰ গাখীৰ খাবলৈ ভাল নাপায়। কিছুমানে গোন্ধ পায়।

পিছে প্ৰশ্ন হয়, ছাগলীৰ গাখীৰ কাৰ বাবে ভাল? কি হিচাপে কাম কৰে? এই লেখাটোত ছাগলীৰ গাখীৰৰ লগত জড়িত বিভিন্ন তথ্য উল্লেখ কৰা হ’ল।

কি কি বেমাৰৰ বাবে ভাল-

পাচনতন্ত্ৰৰ সমস্যাঃ ছাগলীৰ গাখীৰত থকা সৰু চৰ্বিৰ গ্ল’বুল আৰু এ ২ কেচিন প্ৰটিনে হজম প্ৰক্ৰিয়া ভাল কৰে। ইয়াৰ ফলত গেছ, বদহজম, এচিডিটি আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

হাড় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ ছাগলীৰ গাখীৰত কেলছিয়াম, ফচফৰাচ, ভিটামিন ডি অধিক পৰিমাণে থাকে। ই হাড় মজবুত কৰে। ইয়াৰ ফলত বাতবিষ, গাঁঠিৰ বিষ আদি কমে। গাঁঠিৰ জঠৰতা কমি যায় আৰু নমনীয়তা বৃদ্ধি পায়। ইয়াৰোপৰি চেলেনিয়াম আৰু জিংকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে।

ডেংগুঃ ডেংগুৰ সময়ত শৰীৰত প্লেটলেটৰ সংখ্যা কমি যায়। এনে অৱস্থাত ছাগলীৰ গাখীৰ খালে প্লেটলেটৰ সংখ্যা বাঢ়ে বুলি কোৱা হয়। সম্পূৰ্ণ ঠিক নকৰিলেও ৰোগীক সুস্থ কৰাত কিছু পৰিমাণে ই সহায় কৰে।

প্ৰদাহ কমঃ ছাগলীৰ গাখীৰে প্ৰদাহ কম কৰে। ইয়াত থকা এন্টি-ইম্ফলেমেটৰী গুণে পেশী আৰু কলাবোৰ ভালে ৰাখি বিষৰ পৰা পৰিত্ৰাণ দিয়ে।

তেজৰ সমস্যাত সহায়কঃ যদি শৰীৰত আয়ৰনৰ অভাৱ আছে তেন্তে ছাগলীৰ গাখীৰ খাব পাৰে। ই তেজৰ অভাৱ দূৰ কৰি হিমোগ্লবিনৰ মাত্ৰা বৃদ্ধি কৰে।

কেনেকৈ খাব লাগে

বিশেষজ্ঞৰ মতে, ঠাণ্ডা বা গৰম দুয়ো প্ৰকাৰে ছাগলীৰ গাখীৰ খাব পাৰে। শীতকালত সামান্য গৰম কৰি খোৱা ভাল। ই পাচনতন্ত্ৰ ভাল কৰাৰ লগতে টোপনি ঠিক কৰে। গৰমৰ দিন গাখীৰ উতলাই সেয়া ঠাণ্ডা কৰি খাব লাগে।

উল্লেখ্য যে, ছাগলীৰ গাখীৰে হাড়, দাঁত, মগজু, পেশী, ৰোগ প্ৰতিৰোধ ক্ষমতা, তেজ, অন্ত্ৰৰ স্বাস্থ্য আদি সকলোৰে বাবে ভাল। প্ৰাপ্ত বয়স্কসকলে দিনত ২০০-২৫০ml খাব পাৰে। অৱশ্যে যদি আপোনাৰ কিবা ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ পেটৰ ভিতৰত ঘাঁ কিয় হয়? ইয়াৰ লক্ষণ কি, জানক সকলো চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...