ওঁ শ্রী গণেশায় নমঃ… গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনা…

গণেশৰ ভক্তসকলে অপেক্ষা কৰি আছে এই পবিত্ৰ উৎসৱৰ বাবে। এই বিশেষ অনুষ্ঠানত আপোনাৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু আপোনজনক এই গণেশ চতুৰ্থী শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে। এই পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনা...

ওঁ শ্রী গণেশায় নমঃ... গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনা...

গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনা...

Updated On: 

23 Aug 2025 17:56 PM

গণেশ চতুৰ্থীৰ পবিত্ৰ উৎসৱত বাধা-বিঘিনি নিবাৰণ আৰু প্ৰজ্ঞা আৰু সমৃদ্ধিৰ বাবে ভগৱান গণেশৰ পূজা কৰা হয়। এই উৎসৱ প্ৰতি বছৰে ভদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখে পালন কৰা হয়। এতিয়া মৃৎ শিল্পীসকলে প্ৰভু গণেশৰ মূৰ্তি সমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। এইবাৰ ২০২৫ চনৰ ২৭ আগষ্টত গণেশ চতুৰ্থী।

গণেশৰ ভক্তসকলে অপেক্ষা কৰি আছে এই পবিত্ৰ উৎসৱৰ বাবে। এই বিশেষ অনুষ্ঠানত আপোনাৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু আপোনজনক এই গণেশ চতুৰ্থী শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে। এই পবিত্ৰ ক্ষণত আপোনজনক দিয়ক শুভকামনা…

গণেশ চতুৰ্থীৰ শুভকামনা…

  1. সিদ্ধিবিনায়ক বাবা গণেশৰ কৃপাত সকলোৰে জীৱনৰ পৰা অপায়-অমঙ্গল সমূহ নাশ হওক। সুখ, শান্তি, সমৃদ্ধি তথা সফলতা বাস কৰক। গণেশ চতুৰ্থীৰ পৱিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  2. ওম গ্লৌম গৌৰী পুত্র, বক্রতুণ্ড, গণপতি গুৰু গণেশ ।।
    গ্লৌম গণপতি ঋদ্ধি পতি, সিদ্ধি পতি
    দূৰ কৰ ক্লেশ।। – গণেশ চতুৰ্থীৰ পৱিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ
  3. গণেশ চতুৰ্থীত প্ৰথম পূজ্য বিঘ্নহৰ্তা ভগৱান শ্ৰীগণেশৰ চৰণত ভক্তিভৰা সেৱা নিবেদিছোঁ আৰু সকলোকে আধ্যাত্মিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
  4. গণেশ চতুৰ্থীয়ে আপোনালোকৰ জীৱনলৈ লৈ আহক সুখ, শান্তি-সম্প্ৰীতি আৰু সমৃদ্ধি। গণেশ চতুৰ্থী উপলক্ষে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
  5. সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনবোৰ যেন আটাইৰে অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰে উপচি পৰে তাৰে কামনাৰে সিদ্ধিদাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

 

 

কেতিয়া হাতলৈ আহিব ধন? তাৰ পূৰ্বে দেখা পাব এই লক্ষণ...
আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...