কান্ধৰ সোঁফালে বিষ হৈ থাকে নেকি? সহজভাৱে নল’ব, হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক…

Gallbladder stone symptoms: দিনক দিনে মানুহৰ মাজত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হোৱা দেখা গৈছে। কেতিয়াবা সাধাৰণ বুলি ভবা কিছুমান লক্ষণে আপোনাক কোনো সমস্যাৰ ইংগিত দিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

কান্ধৰ সোঁফালে বিষ হৈ থাকে নেকি? সহজভাৱে নলব, হব পাৰে এই ৰোগৰ লক্ষণ, জানক...

কান্ধৰ বিষ

Published: 

24 Sep 2025 | 07:15 PM

আজিকালি মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগা দেখা যায়। বহু ৰোগৰ লক্ষণ সাধাৰণতে আমাৰ শৰীৰত দেখা দিয়ে। কিন্তু সাধাৰণ বুলি ভাবি বহুতে ইয়াক আওকান কৰি চলে। কিন্তু এই লক্ষণবোৰৰ দ্বাৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰে। বহুতে কান্ধত বিষ অনুভৱ কৰে। কেতিয়াবা এই বিষ সাধাৰণ হয় যদিও কেতিয়াবা ইয়াৰ কাৰণ বিভিন্ন হ’ব পাৰে। যদি বেছিদিন এই বিষ থাকে তেন্তে ইয়াক সাধাৰণভাৱে লোৱা ঠিক নহয়।

এই সন্দৰ্ভত সবিশেষ জনাইছে চিকে বিৰলা হাস্পাতালৰ চিকিৎসক ডাঃ বিনয় গাইকৱাদে। চিকিৎসকৰ মতে, কান্ধৰ বিষে স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিব পাৰে। ই পিত্তথলীৰ পাথৰৰ ইংগিত দিব পাৰে। পিত্তত পাথৰ হ’লে সাধাৰণতে পেটৰ সোঁফালে বিষ হয়। কেতিয়াবা এই বিষ মৃদু আৰু কেতিয়াবা বেছিকৈ হয়। পিত্তত পাথৰ হ’লে বিষৰ লগতে বমি হ’ব পাৰে। ইয়াৰোপৰি সোঁফালে কান্ধৰ বিষ হ’ব পাৰে।

গোল ব্লাডৰ বা পিত্তথলী হৈছে যকৃতৰ ওচৰত অৱস্থিত এটা সৰু মোনা। যেতিয়া ইয়াত পাথৰ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। পিত্তৰ পাথৰ হ’লে পিঠিৰ মাজত, স্তনৰ হাড়ৰ ঠিক তলত বা কান্ধৰ সোঁফালে বিষ অনুভৱ হয়। যেতিয়া পিত্তত ফুলা বা জ্বলা পোৰা হয় আৰু পাথৰে সকলো নলী বন্ধ কৰি দিয়ে তেতিয়া এই বিষ বেছি হ’ব পাৰে। যেতিয়া কোনো বিশেষ ঠাইৰ বাহিৰে অন্য ঠাইত বিষ হয় তেতিয়া ইয়াক ৰেফাৰ্ড পেইন বুলি কোৱা হয়।

অন্য লক্ষণ

  • পেটৰ ওপৰত সোঁফালে বিষ হোৱা।
  • বুকু জলা পোৰা
  • বমি
  • বদহজম
  • গেছ
  • পিঠি আৰু কান্ধৰ হাড়ৰ মাজত বিষ
  • কেতিয়াবা ঠাণ্ডা লাগিব পাৰে আৰু জ্বৰ হ’ব পাৰে।

কাৰণ

  • মেদবহুলতা
  • বেছিকৈ ফেট আৰু কলেষ্টেৰল ভৰপুৰ খাদ্য খোৱা
  • হৰমনৰ পৰিবৰ্তন
  • বয়স আদি।

পৰিত্ৰাণৰ উপায়

  • ফাইবাৰ ভৰপুৰ মাত্ৰা
  • পৰ্যাপ্ত পানী খোৱা
  • সঠিক সময়ত ভোজন খোৱা
  • বেছিকৈ তেলযুক্ত আহাৰ পৰিহাৰ কৰা
  • স্বাস্থ্যৰ যত্ন লোৱা আদি।

 

অন্য খবৰ পঢ়কঃ শৰীৰত জিংক আৰু মেগনেছিয়ামৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে, জানক…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...