Fungal Infection : ছালত কিয় হয় ভেঁকুৰৰ সংক্ৰমণ? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব, জানক…

ছালৰ যত্ন লোৱা অত্যন্ত আৱশ্যক। গ্ৰীষ্মকালত ছালৰ বিভিন্ন ধৰণৰ সংক্ৰমণ হয়। গতিকে এনে সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱা দৰকাৰ।

Fungal Infection : ছালত কিয় হয় ভেঁকুৰৰ সংক্ৰমণ? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব, জানক...

ছালৰ সংক্ৰমণ

Published: 

27 Mar 2025 | 05:41 PM

গ্ৰীষ্মকালত মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। বিশেষকৈ ছালৰ ৰোগ বেছিকৈ হোৱা দেখা যায়। এই সময়চোৱাত বেছিভাগ লোকে Fungal Infection বা ভেঁকুৰৰ সংক্ৰমণৰ লগত জড়িত ৰোগত আক্ৰান্ত হয়। যাৰ ফলত সংক্ৰমণ হোৱা স্থানত খজুৱতি হয় আৰু লাহে লাহে এই সংক্ৰমণ দেহৰ অন্য স্থানতো বিয়পি পৰে। গ্ৰীষ্মকালত ধূলি, প্ৰখৰ ৰ’দৰ বাবে এনে হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু ফাংগল ইনফেকশ্যন কিয় হয়, ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি এই বিষয়ে বিশেষজ্ঞই কি কয় এই লেখাটোত উল্লেখ কৰা হ’ল-

কাৰণ

গাজিয়াবাদৰ ছালৰ বিশেষজ্ঞ ডাঃ সৌম্য সচদেৱে কয় যে গৰমৰ দিনত সূৰ্যৰ পোহৰ আৰু ঘামৰ বাবে এনে সংক্ৰমণ হয়। গৰমৰ দিনত বহুতৰে ঘামচি ওলাই আৰু ই কাপোৰত লাগি থাকে। ইয়াৰ বাবে তাত ভেঁকুৰ গজি উঠে আৰু ইয়াত বেক্টেৰিয়াও আহে। যাৰ বাবে ভেঁকুৰৰ সংক্ৰমণ বা ফাংগল ইনফেকশ্যন হয়। গ্ৰীষ্মকালত ভেঁকুৰৰ সংক্ৰমণৰ লগতে ছালৰ সংক্ৰমণৰ আশংকা থাকে। ইয়াৰ ফলত ছালত ফোহা ওলোৱা,খজুৱতি, বগা তৰপ পৰা আদি সমস্যাৰ সৃষ্টি হয়। অৱশ্যে সংক্ৰমণ বেছি হ’লে চিকিৎসৰ ওচৰত যাব লাগে।

কেনেকৈ ৰক্ষা কৰিব

ছালৰ সংক্ৰমণ ৰোধ কৰিবলৈ শৰীৰ পৰিষ্কাৰ কৰি ৰখা প্ৰয়োজন। গৰমৰ দিনত ছালৰ বিশেষ যত্ন লব’ লাগে। লগতে কপাহী কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব লাগে। খহতা কাপোৰো ছালৰ সংক্ৰমণৰ অন্য এক কাৰণ। কিন্তু কপাহী শৰীৰৰ বাবে ভাল। এই কাপোৰে ঘামটো ধৰি ৰাখে আৰু সংক্ৰমণৰ সম্ভাৱনা কমি যায়। ইয়াৰোপৰি গৰমৰ দিনত বেছি সময় ৰ’দত থাকিব নালাগে আৰু অত্যন্ত গৰমৰ পৰা নিজক ৰক্ষা কৰিব লাগে।

কি খাব লাগে

ডাঃ সৌম্যই কয় যে গ্ৰীষ্মকালত খাদ্যাভ্যাসৰ প্ৰতিও যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। এই বতৰত অধিক পানী থকা ফলমূল খাব লাগে। উদাহৰণ স্বৰূপে তৰমুজ, বগৰী, তিঁয়হ আদি। শৰীৰ হাইড্ৰেইট কৰি ৰাখিবলৈ কমেও দিনত ৮ গিলাচ পানী খাব লাগে। ইয়াৰোপৰি প্ৰচণ্ড ৰ’দৰ পোহৰত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক। মুখত ছানস্ক্ৰীণ ব্যৱহাৰ কৰি নিয়মিতভাৱে মুখমণ্ডল আৰু শৰীৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব