উচ্চ ৰক্তচাপৰ বাবে ভয় সোমাইছে নেকি মনত? দূৰ কৰক চিন্তা, এই ফলকেইবিধে দিব সকাহ…
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ কেৱল ঔষধেই নহয়, সঠিক খাদ্যাভ্যাসো সমানে প্ৰয়োজনীয়। বিশেষকৈ কিছুমান ফলত থকা পটাছিয়াম, এন্টিঅক্সিডেন্ট, ফাইবাৰ আৰু মেগনেছিয়াম এইবোৰ উপাদানে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে আৰু ছডিয়ামৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰে। জানো আহক এই বিষয়ে।

ৰক্তচাপ নিয়ন্ত্ৰণত ফলমূলৰ উপকাৰিতা
উচ্চ ৰক্তচাপ বা হাই প্ৰেচাৰ (Hypertension) সাম্প্ৰতিক সময়ত এক সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। বয়োজ্যেষ্ঠ লোকৰ লগতে যুৱপ্ৰজন্মৰ লোকো সম্প্ৰতি ব্যাপকভাৱে এই সমস্যাত ভুগি থকা পৰিলক্ষিত হয়। এই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ কেৱল ঔষধেই নহয়, সঠিক খাদ্যাভ্যাসো সমানে প্ৰয়োজনীয়। বিশেষকৈ কিছুমান ফলত থকা পটাছিয়াম, এন্টিঅক্সিডেন্ট, ফাইবাৰ আৰু মেগনেছিয়াম এইবোৰ উপাদানে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে আৰু ছডিয়ামৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰে।
এনে সমস্যাই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপাটোৱেই শ্ৰেয়। কিন্তু বহু লোকে নিয়মীয়াকৈ ঔষধ খোৱাৰ পৰা ৰক্ষা পৰিবলৈ চিকিৎসকৰ কাষ চপাৰ পৰা বিৰত থকাও দেখা যায়। কিন্তু এয়া ব্যক্তিজনৰ স্বাস্থ্যৰ বাবে উচিত নহয়। যদিও এনে সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ অতি প্ৰয়োজনীয়, তথাপি উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণ কৰিব পৰাকৈ নিয়মিতভাৱে খাব পৰা কিছুমান উপকাৰী ফলৰ বিষয়ে জানো আহক-
১) কলঃ কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যি শৰীৰৰ পৰা অতিৰিক্ত ছডিয়াম আঁতৰোৱাত সহায় কৰে। ই হৃদযন্ত্ৰৰ স্বাভাৱিক ছন্দ বজাই ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
২) জামুকঃ জামুকত থকা এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰে কলেষ্টেৰল কমায় আৰু ৰক্তচাপ স্থিৰ কৰি ৰাখে। জামুকৰ তেজ বিশুদ্ধ কৰিব পৰা ক্ষমতা আছে।
৩) ডালিমঃ এই ফলবিধত পলিফেনল আৰু শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে, যি ৰক্তবাহী নলীৰ চাপ হ্ৰাস কৰি তেজৰ সোঁত উন্নত কৰে।
৪) তৰমুজঃ তৰমুজত থকা চাইট্ৰুলিন আৰু প্ৰচুৰ পৰিমাণৰ পানীয়ে শৰীৰ ঠাণ্ডা কৰি ৰাখে আৰু ৰক্তবাহী নলী প্ৰসাৰিত কৰি ৰক্তচাপ হ্ৰাস কৰে। বিশেষকৈ গ্ৰীষ্মকালত তৰমুজ অতি উপকাৰী।
৫) আমলখিঃ ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ আমলখিয়ে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
৬) আপেলঃ প্ৰতিদিনে এটা আপেল খালে ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টৰ জৰিয়তে ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে, লগতে কলেষ্টেৰলো নিয়ন্ত্ৰণত থাকে।
৭) আঙুৰঃ আঙুৰত থকা পটাছিয়াম আৰু ফ্লেভন’ইডে ৰক্তচাপ কমায় আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে।
সাধাৰণতে ফলৰ ৰসতকৈ গোটা ফল খোৱাটো অধিক পুষ্টিকৰ বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। কিয়নো গোটা ফলত ফাইবাৰ আৰু পুষ্টিৰ মান অক্ষুণ্ণ থাকে। ফলৰ লগত কেতিয়াও চেনি খাব নালাগে, কাৰণ অতিৰিক্ত চেনিয়ে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। প্ৰতিদিনে ২-৩ বিধ ফল খোৱাটো উপযোগী বিবেচিত হ’ব, কিন্তু অত্যধিক খালে তাৰ বিপৰীত প্ৰভাৱ পৰিব পাৰে।
ঔষধৰ লগতে পুষ্টিকৰ ফলৰ নিয়মিত সেৱনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত বিশেষ ভূমিকা গ্ৰহণ কৰে। স্বাস্থ্যকৰ জীৱনশৈলী, নিয়মিত ব্যায়াম আৰু পটাছিয়াম-সমৃদ্ধ ফলৰ সঠিক ব্যৱহাৰে আপোনাক সুস্থ জীৱন উপহাৰ দিব পাৰে। নিয়মিত স্বাস্থ্য পৰীক্ষা, সঠিক আহাৰ আৰু জীৱনশৈলীৰ জৰিয়তে আপুনি উচ্চ ৰক্তচাপৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।