ভাত কেৰেলাৰ এই গুণৰ কথা জানেনে আপুনি? নৱবিবাহিত দম্পতীৰ বাবে হৈ পৰে আকালৰ ধন…

সোৱাদৰ সমানেই স্বাস্থ্যৰ বাবেও পৰম উপকাৰী পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ভাত কেৰেলা। পুষ্টি সমৃদ্ধ ভাত কেৰেলাত প্রচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ থাকে। লক্ষণীয়ভাৱে নৱবিবাহিত লোকসকলৰ বাবে ভাত কেৰেলাক অত্যন্ত বিশেষ হিচাপে গণ্য কৰা হয়। পিছে কিয় কোৱা হয় এইদৰে? জানো আহক।

ভাত কেৰেলাৰ এই গুণৰ কথা জানেনে আপুনি? নৱবিবাহিত দম্পতীৰ বাবে হৈ পৰে আকালৰ ধন...

ভাত কেৰেলা

Updated On: 

25 Jul 2025 | 11:06 PM

সৰুৰে পৰা আমি শুনি আহিছো, বতৰৰ ফল-মূল তথা শাক-পাচলি খোৱাটো অত্যন্ত প্ৰয়োজনীয়। এই ফল-মূল তথা শাক-পাচলিসমূহ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। বৰ্তমান সময়ত আমাৰ বাৰীতেই হওক বা বজাৰত উপলব্ধ হোৱা তেনে এবিধ বতৰৰ পাচলি হৈছে ভাত কেৰেলা। এই পাচলিবিধ সাধাৰণতে বিভিন্ন ৰুচিকৰ ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। বজাৰত অৱশ্যে সময় অনুসাৰে ভাত কেৰেলাৰ দাম কেতিয়াবা অলপ বেছি হ’লেও, গুণগত দৃষ্টিৰে ভাত কেৰেলা অতি মূল্যবান।

সোৱাদৰ সমানেই স্বাস্থ্যৰ বাবেও পৰম উপকাৰী পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ভাত কেৰেলা। পুষ্টি সমৃদ্ধ ভাত কেৰেলাত প্রচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ থাকে। এই উপাদানসমূহে দেহৰ বিপাকীয় ক্ৰিয়া উন্নত কৰে আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰে। লগতে ৰক্ত সঞ্চালনো উন্নত কৰে। ইয়াৰ উপৰিও এই পাচলিবিধে চুলি সৰা ৰোধ কৰে আৰু ছালৰ বলিৰেখা হ্ৰাস কৰাত সহায় কৰে।

লক্ষণীয়ভাৱে নৱবিবাহিত লোকসকলৰ বাবে ভাত কেৰেলাক অত্যন্ত বিশেষ হিচাপে গণ্য কৰা হয়। পিছে কিয় কোৱা হয় এইদৰে? ভাত কেৰেলাত মানসিক চাপ , উদ্বেগ আৰু চিন্তা হ্ৰাস কৰাত সহায় কৰা গুণ থাকে। সেয়ে ভাত কেৰেলাই মানসিক স্থিৰতা বজাই ৰাখে। নতুন জীৱন আৰম্ভ কৰা দম্পতীৰ বাবে মানসিক শান্তি অতি প্ৰয়োজনীয়। সেই বাবে বিশেষজ্ঞসকলে ভাত কেৰেলাক খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে।

এই পাচলিয়ে মল আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থ আঁতৰাই দিয়ে। ইয়াৰ ফলত শৰীৰ সতেজ আৰু শক্তিশালী হৈ থাকে। ই দীৰ্ঘদিনীয়া ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। লগতে উচ্চ ৰক্তচাপ ,মধুমেহ (ডায়েবেটিছ) নিয়ন্ত্ৰণত সহায় কৰে ভাত কেৰেলাই।

ঋতুস্ৰাৱজনিত সমস্যা দূৰ কৰাৰ বাবেও এই পাচলি উপকাৰী বিবেচিত হয়। মাহেকীয়াৰ সময়ত মহিলাসকলে সাধাৰণতে ভোগা পেটৰ বিষৰ পৰা উপশম পোৱাতো ই সহায় কৰে। ইয়াৰ উপৰিও ছালৰ বিভিন্ন সমস্যা যেনে ব্ৰণ, এলাৰ্জী , ফোঁহা আদি ৰোগৰ প্ৰতিৰোধৰ বাবে ভাত কেৰেলা উপযোগী।

বিশেষ দ্ৰষ্টব্যঃ এই তথ্যখিনি কেৱল সাধাৰণ জ্ঞানৰ উদ্দেশ্যে দিয়া হৈছে। বিশেষ স্বাস্থ্যৰ সমস্যা থাকিলে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ ল’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...