Friendship Day: আপোনাৰ প্ৰকৃত বন্ধু বা বান্ধৱী গৰাকীক কেনেকৈ চিনাক্ত কৰিব ? এই আচৰণ কেইটা লক্ষ্য কৰক…

আজিৰ সময়ত ভাল বন্ধু-ূবান্ধৱী থকাটো এটা ডাঙৰ উপহাৰতকৈ কম নহয়। বন্ধুত্ব গঢ়ি তোলাটো অতি সহজ । কিন্তু বন্ধুত্ব বজাই ৰখাটো একেবাৰে কঠিন । কেতিয়াবা এনেকুৱা সময় আহে, যেতিয়া আপোনাৰ বিপদত আপোনাৰ কাষত কেইজনমান বন্ধু হে থাকে ।

Friendship Day: আপোনাৰ প্ৰকৃত বন্ধু বা বান্ধৱী গৰাকীক কেনেকৈ চিনাক্ত কৰিব ? এই আচৰণ কেইটা লক্ষ্য কৰক...

বন্ধুত্ব (প্ৰতীকী ফটো)

Published: 

03 Aug 2024 | 05:08 PM

জীৱনত এজন ভাল বন্ধু-বান্ধৱী থকাটো অতি প্ৰয়োজনীয়। যি কি নহওক আজিৰ সময়ত ভাল বন্ধু-ূবান্ধৱী থকাটো এটা ডাঙৰ উপহাৰতকৈ কম নহয়। বন্ধুত্ব গঢ়ি তোলাটো অতি সহজ । কিন্তু বন্ধুত্ব বজাই ৰখাটো একেবাৰে কঠিন । কেতিয়াবা এনেকুৱা সময় আহে, যেতিয়া আপোনাৰ বিপদত আপোনাৰ কাষত কেইজনমান বন্ধু হে থাকে ।

আমি কেতিয়াবা এনে কিছুমান লোকৰ সৈতে বন্ধুত্ব কৰোঁ, যিসকলে কেৱল আপোনাৰ ক্ষতি হোৱাটো হে কামনা কৰে । সেয়েহে বন্ধুত্ব কৰাৰ আগতে সেই লোকজন বা মহিলা গৰাকীক ভালদৰে জানি লোৱাটো অতি প্ৰয়োজন । অতি সাৱধানে বন্ধুত্ব গঢ়ি তুলিব লাগে। বন্ধুত্ব দিৱসৰ আগতে বন্ধুৰ কিছুমান গুণৰ বিষয়ে উল্লেখ কৰা হৈছে । যাতে বন্ধুজন ভাল নে বেয়া সেইটো চিনাক্ত কৰিব পৰা যায়।

ইজনে সিজনক বিচাৰ কৰা

যদি আপোনাৰ বন্ধুত্ব সঁচা হয় তেন্তে আপোনাৰ বন্ধুৱে বা বান্ধৱীয়ে আপোনাক কেতিয়াও কোনো কথাৰ বাবে বিচাৰ নকৰে। এজন ভুৱা বন্ধুৱে আপোনাক প্ৰতিটো সৰু সৰু কথাতে বিচাৰ কৰিব। ইয়াৰ উপৰিও সেই বন্ধুজনে আপোনাক টকা খৰচৰ বাবেও হেঁচা প্ৰয়োগ কৰিব। যদি আপোনাৰ ওচৰে পাজৰে এনে বিচাৰ কৰা বন্ধু আছে, তেন্তে তেওঁলোকৰ এনে অভ্যাসক একেবাৰেই আওকাণ নকৰিব।

ঠাট্টা কৰা

বন্ধুত্ব এনে এক সম্পৰ্ক য’ত প্ৰেম থাকে, বিবাদো থাকে । বন্ধুত্বত সৰু সৰু ধেমালি আৰু কাজিয়াও চলি থাকে। কিন্তু যেতিয়া কোনো বন্ধুৱে আন মানুহৰ সন্মুখত আপোনাক ঠাট্টা কৰে, তেতিয়া তেওঁ কেতিয়াও আপোনাৰ সঁচা বন্ধু হ’ব নোৱাৰে। এই মানুহবোৰৰ পৰা আঁতৰি থকাই ভাল ।

বেকবাইটিং

যিজন ব্যক্তিয়ে সদায় আপোনাৰ আঁৰত থাকি বেয়া কথা কয় বা আপোনাৰ বেয়াখিনি আনৰ আগত কৈ ভাল পায়, তেওঁ কেতিয়াও আপোনাৰ বন্ধু হ’ব নোৱাৰে। এনে বন্ধু-বান্ধৱীয়ে আপোনাৰ ব্যক্তিগত কথাবোৰ বাৰে বাৰে আনৰ লগত ভাগ-বতৰা কৰি আপোনাক বিপদত পেলাব পাৰে। কিন্তু এই কথাবোৰ প্ৰতিবাৰেই আওকাণ কৰিব নোৱাৰি। এনে বন্ধু-বান্ধৱীৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

সুখত অংশগ্ৰহণ নকৰা

আপোনাৰ প্ৰকৃত বন্ধুৱে আপোনাৰ সুখত সদায় সুখ অনুভৱ কৰিব । যদি কোনো বন্ধুৱে আপোনাৰ সুখত অংশ লোৱাৰ পৰিৱৰ্তে আপোনাৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰে, তেন্তে সেইজন ব্যক্তি আপোনাৰ প্ৰকৃত বন্ধু হ’ব নোৱাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...