নিশা বাৰে বাৰে প্ৰস্ৰাৱ আহে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

পানী খোৱাৰ বাবে বহু মানুহে বাৰে বাৰে প্ৰস্ৰাৱ অহা বুলি ভাবে। কিন্তু ইয়াৰ কাৰণ কেতিয়াবা অন্য হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

নিশা বাৰে বাৰে প্ৰস্ৰাৱ আহে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা...

প্ৰস্ৰাৱৰ সমস্যা

Published: 

22 Jun 2025 | 03:20 PM

নিশা প্ৰস্ৰাৱ অহা সাধাৰণ কথা। কিন্তু কেতিয়াবা ই সমস্যা হৈ পৰে। বৃদ্ধ সকলেই নহয়, শিশুৰ পৰা যুৱক-যুৱতীসকলো ইয়াৰ কবলত পৰিব পাৰে। পানী খোৱাৰ বাবে বহু মানুহে বাৰে বাৰে প্ৰস্ৰাৱ অহা বুলি ভাবে। কিন্তু ইয়াৰ কাৰণ কেতিয়াবা অন্য হ’ব পাৰে। ই শৰীৰত লুকাই থকা কোনো ৰোগৰ লক্ষণো হ’ব পাৰে। এই লেখাটোত এনে কিছুমান কাৰণৰ বিষয়ে উল্লেখ কৰা হৈছে যাৰ বাবে সঘনাই প্ৰস্ৰাৱ আহিব পাৰে।

বৃক্ক ৰোগ

দিল্লীৰ সফদাৰজং হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ যুগল কিশোৰে কয় যে, বৃক্কৰ মূল কাম হ’ল শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত পানী আঁতৰোৱা। কিন্তু যেতিয়া কোনো কাৰণত বৃক্ক দুৰ্বল বা অসুস্থ হৈ পৰে তেতিয়া শৰীৰৰ পানী আৰু নিমখৰ ভাৰসাম্যতা প্ৰভাৱ পৰে। ইয়াৰ বাবে নিশা বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে।

বিশেষজ্ঞসকলৰ মতে যদি কোনো ব্যক্তিয়ে নিশা দুবাৰ বা তাতকৈ অধিকবাৰ প্ৰস্ৰাৱ কৰে তেন্তে ই বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি যদি প্ৰস্ৰাৱত ফেন বা তেজ থাকে, শৰীৰত ফুলা, ভাগৰ, ভোক কমি যায়, তেন্তে এনে লক্ষণক আওকাণ কৰা উচিত নহয়। এনে ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যাব লাগে।

ডায়েবেটিছ

বাৰে বাৰে প্ৰস্ৰাৱ অহা ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিছ ৰোগীৰ তেজত চুগাৰৰ মাত্ৰ বাঢ়ি যায়। তেতিয়া শৰীৰে প্ৰস্ৰাৱৰ জৰিয়তে অতিৰিক্ত চুগাৰ বাহিৰ কৰাৰ চেষ্টা কৰে। যাৰ ফলত বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে। ইয়াৰোপৰি এনে পৰিস্থিতি যদি কোনোৱে পিয়াহ অনুভৱ কৰে লগতে ওজন কমে, ভাগৰুৱা অনুভৱ হয় তেন্তে শীঘ্ৰেই চুগাৰ পৰীক্ষা কৰিব লাগে।

উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলে যদি খাদ্যত অধিক পৰিমাণে নিখম ব্যৱহাৰ কৰে তেতিয়া শৰীৰে দিনত নিমখ বাহিৰ কৰিবলৈ অক্ষম হয়। যাৰ বাবে নিশা অতিৰিক্ত প্ৰস্ৰাৱৰ জৰিয়তে নিমখ নিৰ্গত হয়। গতিকে উচ্চ ৰক্তচাপ থকাসকলৰ সঘনাই প্ৰস্ৰাৱ লাগিব পাৰে।

সংক্ৰমণ আৰু ঔষধ

প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত মহিলা আৰু বৃদ্ধ লোকৰ সঘনাই প্ৰস্ৰাৱ আহিব পাৰে। ইয়াৰোপৰি প্ৰস্ৰাৱৰ সময়ত জলা পোৰা, বিষ বা দুৰ্গন্ধি আহিব পাৰে। ইয়াপৰোপৰি কেতিয়াবা ঔষধৰ চাইড এফেক্টৰ ফলতো বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে।

প্ৰষ্টেটৰ সমস্যা

বৃদ্ধ পুৰুষসকলৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ বাবে নিশা বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকিব পাৰে। ইয়াৰোপৰি কেতিয়াবা ৰখি ৰখি প্ৰস্ৰাৱ অহা, বাৰতে সম্পূৰ্ণৰূপে ওলাই নহা,পাতল হোৱা আদি লক্ষণে দেখা দিব পাৰে।

গৰ্ভাৱস্থা

গৰ্ভাৱস্থাত মহিলাসকলে সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

চিকিৎসকৰ পৰামৰ্শ কেতিয়া ল’ব

  • প্ৰস্ৰাৱত তেজ, ফেন বা গোন্ধ
  • শৰীৰত ফুলা
  • ভাগৰুৱা, দুৰ্বলতা বা ভোক কমি যোৱা
  • সঘনাই পিয়াহ বা ওজন কমি যোৱা
  • প্ৰস্ৰাৱত জলা-পোৰা বা বিষ

পৰিত্ৰাণ

  • নিশা শুৱাৰ ২-৩ ঘণ্টা আগতে পানী সেৱন কমাব লাগে।
  • চাহ, কফি, চোডা, সুৰা আদি সেৱন কমাই দিব।
  • ৰক্তচাপ আৰু চুগাৰ নিয়ন্ত্ৰণত ৰাখক।
  • যদি সঘনাই প্ৰস্ৰাৱ কৰাৰ লগে লগে বিষ বা জলা-পোৰা হয় তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰি পৰীক্ষা কৰাব লাগে।
  • পুৰুষেও চিকিৎসকৰ পৰামৰ্শ মতে প্ৰষ্টেট গ্ৰন্থি পৰীক্ষা কৰাব লাগে।
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ গ্ৰহণ নকৰিব।

 

অন্য খবৰ পঢ়কঃ কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...