বাৰে বাৰে মূৰ ঘূৰাই নেকি? ই কিহৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা…

আজিকালি মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। কিছুমান বৃদ্ধলোকৰ প্ৰায়ে মূৰ ঘূৰায়। সকলো সময়তে ই সাধাৰণ নহ'ব পাৰে। ইয়াৰ আঁৰত থাকিব পাৰে অন্য কাৰণ।

বাৰে বাৰে মূৰ ঘূৰাই নেকি? ই কিহৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা...

মূৰ ঘূৰোৱা

Published: 

03 Aug 2025 | 10:57 PM

বয়স বৃদ্ধিৰ লগে লগে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। এই সময়ত শৰীৰৰ কাৰ্যক্ষমতা কমি যায়। বহু বৃদ্ধলোকে মূৰ ঘূৰোৱাৰ সমস্যাত ভোগে। কেতিয়াবা প্ৰায়ে মূৰ ঘূৰাই থাকে আৰু কেতিয়াবা হঠাতে মূৰ ঘূৰায়। এনে ক্ষেত্ৰত একাংশই ভাবে যে এয়া দুৰ্বলতা বা বয়সৰ প্ৰভাৱ। কিন্তু প্ৰশ্ন হয়, সঁচাকৈয়ে মূৰ ঘূৰোৱা ভাগৰ বা দুৰ্বলতাৰ বাবে হয় নেকি?

শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে মগজু, কাণ আৰু চকুৰ মাজত সমন্বয় অতি প্ৰয়োজনীয়। যদি এই তিনিটা অংশৰ কোনো এটা অংশত সমস্যা হয় তেন্তে শৰীৰত সমস্যা আহিব পাৰে। যাৰ ফলত মূৰ ঘূৰাব পাৰে। ইয়াৰ বাবে বৃদ্ধসকল দুৰ্বল হ’বও পাৰে। কেতিয়াবা এই সমস্যা হোৱা সাধাৰণ কথা, কিন্তু যদি বাৰে বাৰে এই সমস্যা দেখা দিয়ে বা কোনো পৰিশ্ৰম নকৰাকৈ এয়া হয় তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

কিহৰ সংকেত

মেক্স হাস্পতালৰ স্নায়ুচাৰ্জাৰী বিভাগৰ ডাঃ দলজিৎ সিঙে কয় যে, সঘনাই মূৰ ঘূৰোৱাটো ব্ৰেইন ষ্ট্ৰ’ক বা মাইক্ৰ’ ষ্ট্ৰ’কৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। যদি মূৰ ঘূৰোৱাৰ লগে লগে দৃষ্টিশক্তি ম্লান হৈ পৰা, কথা কোৱাত অসুবিধা, অজ্ঞনতা, খোজ কঢ়াত অসুবিধা আদি হয় তেন্তে ই ব্ৰেইন ষ্ট্ৰকৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। মগজুলৈ অক্সিজেন বা তেজৰ যোগানত সমস্যা হ’লে এনে হয়।

কিছুমান ক্ষেত্ৰত ‘ভাৰ্টিগো’ নামৰ ৰোগতো এই সমস্যা হয়। যি কাণৰ ভিতৰৰ অংশৰ এক ৰোগ। এনে অৱস্থাত ৰোগীয়ে প্ৰায়ে মূৰ ঘূৰোৱা অনুভৱ কৰে। এই সমস্যা কেতিয়াবা সোনকালে ঠিক হয়, যদি দীৰ্ঘদিন ধৰি এই সমস্যা থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

পৰিত্ৰাণৰ উপায়

খাদ্যত ময়দা, অধিক নিমখ, চৰ্বিৰ পৰিমাণ হ্ৰাস কৰিব লাগে। লগতে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন আৰু ভিটামিন গ্ৰহণ কৰক। দৈনিক কমেও ৫০০০ খোজ খোজ কাঢ়িব লাগে। যদি আপুনি ধূমপান আৰু মদ্যপানৰ প্ৰতি আসক্ত, তেন্তে সেইবোৰ অভ্যাস ত্যাগ কৰা ভাল। বাৰে বাৰে এই সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

জীৱনশৈলী পৰিবৰ্তন

ইয়াৰোপৰি দৈনন্দিন কাম-কাজৰ কিছু পৰিবৰ্তন কৰিব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খাওক, লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। যদি দীৰ্ঘদিন ধৰি কোনো ঔষধ গ্ৰহণ কৰি আছে তেন্তে তাৰ পাৰ্শ্বক্ৰিয়া কৰিছে নেকি সেয়া লক্ষ্য ৰাখক। যদি কোনো বৃদ্ধলোকৰ সঘনাই মূৰ ঘূৰোৱাৰ সমস্যা হৈ থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ পুৱা দাঁত ব্ৰাছ কৰাৰ পাছত চাহ খোৱা ভাল নে বেয়া? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...