নিশা টোপনি নহাৰ সমস্যাই আপোনাকো কৰিছে নেকি জুৰুলা? আঁৰত থাকিব পাৰে এইসমূহ খাদ্যবস্তু

খাদ্যাভ্যাসৰ কথা কওঁতে নিশা শোৱাৰ পূৰ্বে আপুনি কি খায় সেয়াও নিৰ্ভৰ কৰে। কিছুমান খাদ্যই টোপনিৰ ক্ষেত্ৰত যথেষ্ট বিঘিনি ঘটায়। চাওঁ আহক নিশা কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে।

নিশা টোপনি নহাৰ সমস্যাই আপোনাকো কৰিছে নেকি জুৰুলা? আঁৰত থাকিব পাৰে এইসমূহ খাদ্যবস্তু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

15 Aug 2025 | 04:52 PM

এক সুস্থ, সবল আৰু নিৰোগী জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয় আধাৰ হৈছে টোপনি নিশা ভালদৰে টোপনি নাহিলে এজন ব্যক্তিৰ বাবে এয়া এক চিন্তনীয় সমস্যা হৈ পৰে যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি লাভ নকৰে, তেতিয়া ই আপোনাৰ ওজন, আচৰণ, মানসিক চাপ আৰু আন বহুতো দিশত প্ৰভাৱ পেলাব পাৰে। এজন ব্যক্তিৰ ভাল টোপনি বহু কথাৰ ওপৰত নিৰ্ভৰ কৰে। শোৱা কোঠাৰ পৰিৱেশৰ পৰা আৰম্ভ কৰি জীৱনশৈলী আৰু খাদ্যাভ্যাসেও টোপনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে

খাদ্যাভ্যাসৰ কথা কওঁতে নিশা শোৱাৰ পূৰ্বে আপুনি কি খায় সেয়াও নিৰ্ভৰ কৰে কিছুমান খাদ্যই টোপনিৰ ক্ষেত্ৰত যথেষ্ট বিঘিনি ঘটায়। ইয়াৰে কিছুমান খাদ্যই আপোনাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে। গতিকে নিশা সেই খাদ্যবোৰৰ পৰা আঁতৰি থকাই টোপনিৰ ক্ষেত্ৰত মঙ্গল। চাওঁ আহক কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে

কফিঃ শোৱাৰ আগতে বা আনকি দুপৰীয়াও কফি খোৱাৰ পৰা বিৰত থাকিব লাগে। কফিত থকা কেফেইন কেইঘণ্টামান শৰীৰত সক্ৰিয় হৈ থাকে, যাৰ ফলত মেলাটনিন উৎপাদনত বাধাৰ সৃষ্টি হয় ইয়াৰ ফলত টোপনিত ব্যাঘাত জন্মে

ডাৰ্ক চকলেটঃ যদিও ডাৰ্ক চকলেট পৰিমিত পৰিমাণে স্বাস্থ্যকৰ, তথাপি বেছিকৈ খালে টোপনিত ব্যাঘাত জন্মিব পাৰে। ডাৰ্ক চকলেটত কেফেইন আৰু থিওব্ৰ’মাইন থাকে, এই উপাদানসমূহ যথেষ্ট উদ্দীপক ইয়াৰ ফলত হৃদস্পন্দন বৃদ্ধি পায়।

জলা খাদ্যঃ নিশা অত্যন্ত জলা খাদ্য খালে শোৱাৰ সময়ত বদহজম হ’ব পাৰে আৰু গেছৰ সমস্যাই দেখা দিব পাৰে জলা খাদ্যই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰে, যাৰ ফলত টোপনি নাহে।

কাৰ্বনেটেড শীতল পানীয়ঃ শীতল পানীয়ত কেফেইনৰ লগতে প্ৰচুৰ পৰিমাণে চেনি আৰু গেছ থাকে। নিশা শীতল পানীয় খালে শৰীৰত অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে, যাৰ ফলত টোপনিত ব্যাঘাত জন্মে।

আইচক্ৰীমঃ নিশা তীব্ৰ ইচ্ছা জাগিলেও আইচক্ৰীম খোৱাৰ পৰা বিৰত থকা উচিত ইয়াত থকা চেনিয়ে হঠাতে তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে চৰ্বি থাকে, যাৰ ফলত হজম শক্তি লেহেমীয়া হয় আৰু অস্বস্তি বাঢ়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব