প্ৰস্ৰাৱত ফেন কিয় আহে? ই ডায়েবেটিছৰ লক্ষণ নেকি? জানক…

Foam Urine: প্ৰস্ৰাৱৰ পৰা ফেন ওলোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি যদি ফেন ওলাই থাকে তেন্তে ই চিন্তাৰ কাৰণ হ'ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে বিশেষজ্ঞই। তেওঁৰ মতে, এই লক্ষণ আওকাণ কৰিব নালাগে।

প্ৰস্ৰাৱত ফেন কিয় আহে? ই ডায়েবেটিছৰ লক্ষণ নেকি? জানক...

ডায়েবেটিছ

Published: 

19 Jan 2026 | 07:31 PM

মানুহৰ প্ৰস্ৰাৱৰ দ্বাৰা বহু ৰোগৰ সংকেত পোৱা যায়। কেতিয়াবা প্ৰস্ৰাৱ (Urine)ৰ লগত ফেন অহা সাধাৰণ কথা। কিন্তু প্ৰস্ৰাৱৰ লগত যদি বেছিকৈ ফেন আহে তেন্তে ইয়াৰ আঁৰত আন কাৰণো থাকিব পাৰে। যদি আপুনি বহু হেঁচা দি প্ৰস্ৰাৱ কৰে আৰু ফেন ওলাই, তেন্তে সেই ফেন কিছু সময় পাছত নোহোৱা হৈ যায়। এয়া কোনো চিন্তাৰ কাৰণ নহয়। কিন্তু সাধাৰণভাৱে প্ৰস্ৰাৱ কৰাৰ পাছত যদি বেছিকৈ ফেন ওলাই আৰু বহু সময়লৈকে ফেনখিনি থাকে ই ৰোগৰ লক্ষণ হ’ব পাৰে।

এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ ইউনিট হেড ডাঃ এল এইচ ঘোটেকাৰে। তেওঁ কয় যে, কেতিয়াবা প্ৰস্ৰাৱ কৰাৰ সময়ত টয়লেট চিটৰ পৃষ্ঠভাগ সম্পূৰ্ণ ফেনেৰে ভৰি পৰা সাধাৰণ কথা, কিন্তু যদি বাৰে বাৰে এনে হয় তেন্তে ই চিন্তাৰ কাৰণ হ’ব পাৰে। প্ৰস্ৰাৱখিনিত অধিক ফেন থকাৰ লগতে যদি বগা হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

কাৰণ কি

যদি প্ৰায়ে প্ৰস্ৰাৱ কৰোতে ফেন ওলাই আৰু সময়ৰ লগে লগে এই ফেন বেছি হয় তেন্তে এয়া উচ্চ প্ৰটিনৰ মাত্ৰা (প্ৰটিন ইউৰিয়া)ৰ লক্ষণ হ’ব পাৰে। যেতিয়া প্ৰস্ৰাৱত বেছি প্ৰটিন আহে তাৰ অৰ্থ বৃক্কৰ ক্ষতিৰ কাৰণ হ’ব পাৰে। ইয়াৰোপৰি ডায়েবেটিছ বা লুপাছৰ লক্ষণ হ’ব পাৰে। ইয়াৰ উপৰিও ই ক্ৰনিক কিডনী ডিজিজ (CKD)ৰ লক্ষণ হ’ব পাৰে।

ডায়েবেটিছৰ লক্ষণ নেকি?

ডাঃ ঘোটেকাৰে কয় যে ফেনাযুক্ত প্ৰস্ৰাৱ কেতিয়াবা ডায়েবেটিছ সম্পৰ্কীয় বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। যেতিয়া আপোনাৰ তেজত চেনিৰ মাত্ৰা সঘনাই বা দীৰ্ঘ সময়ৰ বাবে বেছি হৈ থাকে তেন্তে ই বৃক্কৰ কিছু অংশ ক্ষতি কৰিব পাৰে। এনে অৱস্থাত তেজৰ পৰা গ্লুকজ আৰু প্ৰটিন ফিল্টাৰ কৰাৰ ক্ষমতা প্ৰভাৱিত হয়। ইয়াৰ ফলত প্ৰস্ৰাৱত ফেন আহিব পাৰে। যদি দীৰ্ঘসময় ধৰি প্ৰস্ৰাৱৰ পৰা ফেন আহে তেন্তে ইয়াৰ অৰ্থ দীৰ্ঘসময় ধৰি আপোনাৰ ব্লাড চুগাৰ বৃদ্ধি হৈ আছে। যাক নিয়ন্ত্ৰণ কৰা দৰকাৰ।

তেওঁ আৰু কয়, কিছুমান ক্ষেত্ৰত শৰীৰত পানীৰ অভাৱৰ ফলতো ফেন আহিব পাৰে। কিন্তু প্ৰস্ৰাৱৰ ৰং হালধীয়া হ’ব লাগে। এনে অৱস্থাত ৭-৮ গিলাচ পানী খোৱা আৰম্ভ কৰিব লাগে। যদি দীৰ্ঘদিন ধৰি এনে লক্ষণ দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

 

অন্য খবৰ পঢ়কঃ ৩০ বছৰৰ পাছত কিয় বৃদ্ধি পাই ওজন? জানক ইয়াৰ আঁৰৰ কাৰণ…

ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...