Winter travel : কিয় শীতকাল ভ্ৰমণৰ বাবে সৰ্বোত্তম ? জানক এইকেইটা বিশেষ কাৰণ…

বাৰিষা কালত আপুনি পৰিকল্পনা কৰাৰ ধৰণে ভ্ৰমণ কৰিব নোৱাৰিব পাৰে । যেনে-বাৰিষাৰ সময়ত হোৱা অত্যাধিক বৰষুণ, ভূমিস্খলন, বান আদি আপোনাৰ পৰিকল্পনাত বাধা হিচাপে থিয় দিয়ে । আজিৰ এই প্ৰতিবেদনত শীতকাল ভ্ৰমণৰ উপযোগী হোৱাৰ পাঁচটা কাৰণ উল্লেখ কৰা হৈছে ।

Winter travel : কিয় শীতকাল ভ্ৰমণৰ বাবে সৰ্বোত্তম ? জানক এইকেইটা বিশেষ কাৰণ...

শীতকালত কিয় ভ্ৰমণৰ পৰিকল্পনা কৰিব লাগে ?

Updated On: 

16 Dec 2024 | 06:33 PM

শীতকালত প্ৰায় সংখ্যক লোকেই ভ্ৰমণৰ বাবে পৰিকল্পনা কৰে । ভাৰতবৰ্ষত এনে কিছুমান শিল ষ্টেচন আছে যিবোৰ এই সময়ছোৱাত বৰফে ঢাক খাই থাকে । এই সময়ছোৱাত যদি এই ঠাইবোৰ ভ্ৰমণ কৰা যায় তেন্তে এক সুকীয়া আমেজ পোৱা যায় । শীতকালটো ভ্ৰমণৰ উপযোগী হোৱাৰ কাৰণ বহুত আছে । ইফালে বাৰিষাৰ সময়ছোৱাত ভ্ৰমণত বিভিন্ন সমস্যা সৃষ্টি হয় । বিশেষকৈ বেয়া বতৰে ভ্ৰমণৰ পৰিকল্পনাত বাধা হিচাপে থিয় দিয়ে ।

বাৰিষা কালত আপুনি পৰিকল্পনা কৰাৰ ধৰণে ভ্ৰমণ কৰিব নোৱাৰিব পাৰে । যেনে-বাৰিষাৰ সময়ত হোৱা অত্যাধিক বৰষুণ, ভূমিস্খলন, বান আদি আপোনাৰ পৰিকল্পনাত বাধা হিচাপে থিয় দিয়ে । একেদৰে বেয়া বতৰৰ বাবে বিমান বাতিল, ৰে’ল চলাচল বাতিল আদিয়ে আপোনাৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে । আজিৰ এই প্ৰতিবেদনত শীতকাল ভ্ৰমণৰ উপযোগী হোৱাৰ পাঁচটা কাৰণ উল্লেখ কৰা হৈছে ।

যদি আপুনি বৰফ পৰা ঠাইলৈ ভ্ৰমণৰ পৰিকল্পনা কৰে, তেন্তে ভাৰতত বহু ধুনীয়া হিল ষ্টেচন আছে, য’ত অসুবিধা নোহোৱাকৈ শীতকালত ভ্ৰমণ কৰিব পাৰে । বাৰিষা কালত এই ঠাইবোৰ বিপদজনক হৈ পৰে । শীতকালত কালত এই ঠাইবোৰ ভ্ৰমণ কৰিলে তুষাৰপাতৰ আমেজ লোৱাৰ সমান্তৰালভাৱে ভ্ৰমণৰ পৰিকল্পনা বাতিল হোৱাৰ কোনো সম্ভাৱনা নাথাকে ।

ভাৰত এনে এখন দেশ য’ত একেলগে বহুতো ঋতু উপভোগ কৰিব পাৰি। ইয়াৰ অৰ্থ হ’ল যদি আপুনি কোনো শীতল ঠাইলৈ যাব বিচাৰে তেন্তে আপুনি পাহাৰীয়া ষ্টেচনলৈ যাব পাৰে । আনহাতে যদি আপুনি বিল চাব বিচাৰে তেন্তে আপুনি গোৱা বা আন্দামান নিকোবৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। এই সময়ছোৱাত ভাৰতৰ যিকোনো ঠাই ভ্ৰমণৰ পৰিকল্পনা কৰিছে বতৰৰ সমৰ্থন লাভ কৰা যায় ।

শীতকালত ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সঁচা অৰ্থত অন্বেষণ কৰাৰ সুযোগ লাভ কৰা যায় । আচলতে এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত বহুতো উৎসৱ পালন কৰা হয়। এনে পৰিস্থিতিত এই সময়ছোৱাত পৰ্যটকসকলে বহু ধৰণৰ পৰম্পৰাৰ বিষয়ে জানিব পাৰে। ভাৰতৰ বিভিন্ন ঠাইৰ জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱাৰো সুযোগ লাভ কৰিব । এই সময়ছোৱাত অৰুণাচল প্ৰদেশৰ টাৱাং বা জিৰো ভেলীৰ দৰে অফবিট ঠাইবোৰ ভ্ৰমণৰ বাবে উপযোগী… ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...