পুৱা উঠিয়েই ভাগৰুৱা অনুভৱ কৰে নেকি? আঁৰত থাকিব পাৰে এই ৫টা চিন্তনীয় কাৰণ

পুৱা অহৰহ ভাগৰুৱা অৱস্থা শৰীৰৰ ভিতৰত কোনো সমস্যাৰ লক্ষণ হ’ব পাৰে। গতিকে ভৱিষ্যতে হ’ব পৰা অধিক জটিলতা ৰোধ কৰিবলৈ এই সমস্যাসমূহৰ কাৰণ আগতীয়াকৈ বুজি লোৱা উচিত। পুৱা সাৰ পোৱাৰ লগে লগে ভাগৰুৱা হোৱাৰ কাৰণ আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে জানো আহক।

পুৱা উঠিয়েই ভাগৰুৱা অনুভৱ কৰে নেকি? আঁৰত থাকিব পাৰে এই ৫টা চিন্তনীয় কাৰণ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

11 Jan 2026 | 05:19 PM

শীতকালত বহুলোকে পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত দেহ গধুৰ তথা ভাগৰুৱা অনুভৱ কৰে। কিছু লোকৰ মূৰ গধুৰ হোৱা বা বিষ, শৰীৰৰ বিষৰ দৰে সমস্যা দেখা যায়। ঠাণ্ডা দিনত সাধাৰণতে দৈনন্দিন ৰুটিনত ব্যাঘাত জন্মা, দীঘলীয়া সময় শুই থকা, সূৰ্যৰ কম পোহৰ আদি কাৰণত দেহৰ কিছু পৰিৱৰ্তন পৰিলক্ষিত হয়। পিছে এই সমস্যাসমূহ যদি দৈনিক ঘটে, তেতিয়া স্বাভাৱিক বুলি আওকাণ কৰা উচিত নহয়। পুৱা অহৰহ ভাগৰুৱা অৱস্থা শৰীৰৰ ভিতৰত কোনো সমস্যাৰ লক্ষণ হ’ব পাৰে।

গতিকে ভৱিষ্যতে হ’ব পৰা অধিক জটিলতা ৰোধ কৰিবলৈ এই সমস্যাসমূহৰ কাৰণ আগতীয়াকৈ বুজি লোৱা উচিত। পুৱা সাৰ পোৱাৰ লগে লগে ভাগৰুৱা হোৱাৰ কাৰণ আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে অন্বেষণ কৰোঁ আহক।

পুৱা ভাগৰ লগাৰ কাৰণসমূহঃ

টোপনিৰ মানদণ্ড নিম্ন হোৱা

দেৰিকৈ শোৱা, ম’বাইলৰ ব্যৱহাৰ আৰু মাজনিশা বাৰে বাৰে টোপনি ভাঙিলে শৰীৰে সঠিক বিশ্ৰাম নাপায়। ইয়াৰ ফলত পুৱা ভাগৰ লাগে।

পানীৰ অভাৱ (Dehydration)

শীতকালত পিয়াহ কমকৈ লাগে বাবে বহুতে পানী কমকৈ খায়। পানীৰ অভাৱ হ’লে পেশীবোৰ দুৰ্বল হৈ পৰে আৰু শৰীৰত এলেহুৱা ভাৱ আহে।

ভিটামিন-D ৰ অভাৱ

ঠাণ্ডাৰ দিনত ৰ’দ কমকৈ পোৱা যায়। ভিটামিন-D ৰ অভাৱ হ’লে শক্তিৰ মাত্ৰা কমি যায় আৰু শৰীৰ সোনকালে ভাগৰি পৰে।

মানসিক চাপ

অত্যাধিক চিন্তা বা মানসিক চাপৰ বাবে মগজুৱে জিৰণি নাপায়, যিটো পুৱাৰ ভাগৰৰ এক ডাঙৰ কাৰণ।

শাৰীৰিক সক্ৰিয়তাৰ অভাৱ

ব্যায়াম নকৰা আৰু বেছি সময় বিচনাত পৰি থকাৰ ফলত পেশীবোৰ সক্ৰিয় হৈ নাথাকে আৰু শৰীৰটো অৱশ হৈ পৰে।

নিজক কিদৰে সক্ৰিয় কৰি ৰাখিবঃ

সদায় এটা নিৰ্দিষ্ট সময়ত শোৱা আৰু পুৱা সোনকালে উঠাৰ অভ্যাস কৰক।

পিয়াহ নালাগিলেও দিনটোত সঠিক পৰিমাণৰ পানী খাব লাগে।

দিনৰ ভাগত কিছু সময় ৰ’দত বহিলে ভিটামিন-D পোৱা যায় আৰু মনটো সতেজ থাকে।

পুৱা উঠি কিছু সময় খোজ কঢ়া বা পাতল ব্যায়াম কৰিলে শৰীৰত শক্তি আহে।

সুষম আহাৰ গ্ৰহণ কৰক আৰু বেছি তেল-মচলাযুক্ত খাদ্য পৰিহাৰ কৰক।

মনত ৰাখিব এনে কিছু কথাঃ

পুৱা শুই উঠিয়েই কুহুমীয়া গৰম পানী খাব।

নিশা দেৰিলৈকে নোশোৱাকৈ নাথাকিব।

অত্যাধিক কেফেইন (চাহ-কফি) সেৱনৰ পৰা বিৰত থাকক।

যদি এই সমস্যা ধাৰাবাহিকভাৱে থাকে, চিকিৎসকৰ পৰামৰ্শ লওক।

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ