Fatty Liver Cause: সুৰাপান নকৰা লোকসকলৰ কিয় ফেটি লিভাৰ হয়? জানক ৫টা কাৰণ…

Fatty Liver Cause: আজিকালি বহু মানুহে ফেটি লিভাৰৰ সমস্যাত ভোগে। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে প্ৰায় সকলোৱে এই সমস্যাত ভোগা দেখা যায়। সুৰাপান নকৰা লোকসকলৰ কিয় এই সমস্যা হয় সেয়া জনা দৰকাৰ।

Fatty Liver Cause: সুৰাপান নকৰা লোকসকলৰ কিয় ফেটি লিভাৰ হয়? জানক ৫টা কাৰণ...

ফেটি লিভাৰ

Published: 

25 Nov 2025 | 06:44 PM

আজিকালি বহু মানুহে ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা যায়। আগতে সুৰাপান কৰাসকলৰ ফেটি লিভাৰ হৈছিল। কিন্তু আজিকালি সুৰাপান নকৰা লোকসকলৰো এই সমস্যা দেখা যায়। জীৱনশৈলী, খাদ্যভাস পৰিৱৰ্তন আদিৰ ফলত ফেটি লিভাৰ হ’ব পাৰে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে প্ৰায় বহুতে এই ৰোগত আক্ৰান্ত। গতিকে  সুৰাপান নকৰা লোকসকলৰ ফেটি লিভাৰ হোৱাৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হল-

বেছি মিঠাঃ বেঠি মিঠা খোৱা যকৃতৰ বাবে বেয়া। মিঠা বস্তু, বিস্কুট, মিঠা পানীয়, চোডা, চেনি থকা জুচ আদিয়ে যকৃতৰ অনিষ্ট কৰিব পাৰে। বেছি চেনি শৰীৰত গৈ চৰ্বিত পৰিণত হয়। ইয়াৰ ফলত সুৰাপান নকৰা লোকসকলৰ যকৃত নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

বেছি চৰ্বি আৰু তেলযুক্ত খাদ্যঃ বেছি চৰ্বি আৰু তেলযুক্ত খাদ্যই যকৃত নষ্ট কৰিব পাৰে। বিভিন্ন ধৰণৰ ফাষ্ট ফুড যেনে পিজ্জা, বাৰ্গাৰ , চাওমিন আদি লিভাৰৰ বাবে বেয়া। এয়া সহজে হজম নহয় আৰু ইয়াৰ ফলত ফেটি লিভাৰ হ’ব পাৰে।

ৰেড মীটঃ ৰেড মীটত ছেচুৰেটেড ফেট বেছি থাকে যাৰ বাবে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি প্ৰচেচড মাংস লিভাৰৰ বাবে বেয়া।

নিমখঃ বেছি নিমখ খোৱা যকৃতৰ বাবে বেয়া। নিমখীয়া বিস্কুট, চিপছ, বিভিন্ন ধৰণৰ ভুজিয়া আদিত যথেষ্ঠ পৰিমাণৰ নিমথ থাকে। ই আপোনাৰ যকৃতক প্ৰভাৱিত কৰিব পাৰে।

ৰিফাইন কাৰ্বোহাইড্ৰেট- বগা ব্ৰেড, বগা চাউল, পেষ্ট্ৰী আদিত ফাইবাৰ কম থাকে। ইয়াৰ ফলত ব্লাড চুগাৰ বৃদ্ধি পাব পাৰে। এনে অৱস্থাত যকৃতত চৰ্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

 

উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ হ’ব সৰ্বনাশ! ভুলতো দুবাৰকৈ গৰম কৰি নাখাব এইসমূহ খাদ্য, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...