Father’s Day 2025: পিতৃ দিৱসৰ তাৰিখ, ইতিহাস, তাৎপৰ্য আৰু গুৰুত্ব, জানোঁ আহক

পিতৃ দিৱস সেইসকল পিতৃৰ বাবে উৎসৰ্গিত যিসকলে প্ৰতিটো পৰিস্থিতিত আমাৰ লগত দৃঢ়তাৰে থিয় দিয়ে। ২০২৫ চনত ১৫ জুনত পিতৃ দিৱস পালন কৰা হ’ব। পিতৃ দিৱস হৈছে এক অকথিত অনুভৱ, যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিদিনে জীয়াই থাকে।

Fathers Day 2025: পিতৃ দিৱসৰ তাৰিখ, ইতিহাস, তাৎপৰ্য আৰু গুৰুত্ব, জানোঁ আহক

পিতৃ দিৱসৰ তাৰিখ

Published: 

14 Jun 2025 15:46 PM

পিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পিতৃ দিৱসত পিতৃত্ব, পিতৃত্ব বান্ধোন তথা সমাজত পিতাসমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদসূচক হিচাপে পালন কৰা হয়। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ দিৱস এক মাধ্যম। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয়। ভাৰতকে আদি কৰি পৃথিৱীৰ প্ৰায়বোৰ দেশে পিতৃ দিৱস জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰে।

পিতৃ দিৱস (Father’s Day 2025) সেইসকল পিতৃৰ বাবে উৎসৰ্গিত যিসকলে প্ৰতিটো পৰিস্থিতিত আমাৰ লগত দৃঢ়তাৰে থিয় দিয়ে। ২০২৫ চনত ১৫ জুনত পিতৃ দিৱস পালন কৰা হ’ব। পিতৃ দিৱস হৈছে এক অকথিত অনুভৱ, যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিদিনে জীয়াই থাকে। কেতিয়াবা দিয়া গালিবোৰত লুকাই থাকে প্ৰেম, মৌনতাৰ আঁৰত থাকে সমৰ্থন। আজি পিতৃ দিৱসৰ বিষয়ে আলোচনা কৰো আহক।

পিতৃ দিৱস কিয় পালন কৰা হয়?

আজিৰ ব্যস্ত পৃথিৱীত আমি প্ৰায়ে আওকাণ কৰোঁ যিসকল মানুহ আমাৰ পিছফালে থিয় হৈ নিজৰ মৌনতাৰে আমাৰ যুদ্ধত জয়ী হ’বলৈ প্ৰেৰণা আৰু শক্তি প্ৰদান কৰিছে। পিতৃ দিৱস সেই নীৰৱ সমৰ্থনক অনুভৱ কৰাৰ এক সুযোগ।

আপুনি জানি আচৰিত হ’ব যে এই দিনটো কেৱল নিজৰ পিতৃৰ বাবেই নহয়, কাৰোবাৰ জীৱনত পিতৃৰ ভূমিকা পালন কৰা সকলোবোৰ জ্যেষ্ঠ ভাই-ককাই, শিক্ষক বা যিকোনো পথ প্ৰদৰ্শক। তেওঁলোকৰ মৰম, যত্ন আৰু সমৰ্থনক সন্মান জনোৱাৰ দিন।

কেনেকৈ আৰম্ভ হৈছিল পিতৃ দিৱস?

১৯০৮ চনত আমেৰিকাৰ পশ্চিম বাৰ্জিনিয়াত প্ৰথম পিতৃ দিৱস পালন কৰা হৈছিল। ইয়াৰ লগত এটা কাহিনী জৰিত হৈ আছে। এবাৰ কয়লা খনিৰ এটাত বিস্ফোৰণৰ পিছত ৩৬১ জন পুৰুষৰ মৃত্যু হৈছিল, যাৰ অধিকাংশই আছিল একো একোজন পিতৃ। সেইসকল ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে স্থানীয় গীৰ্জাত এখন বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন হয়। কিন্তু এই নিয়ম বেছিদিন নচলিল।

এনে পৰিস্থিতিত পিতৃ দিৱসক ধাৰালৈ অনাৰ কৃতিত্ব ৱাশ্বিংটন ষ্টেটৰ ছ’নোৰা স্মাৰ্ট ডডক দিব লাগিব। মাতৃ দিৱসৰ পৰা অনুপ্ৰাণিত হৈ সোণোৰাই নিজৰ পিতৃ উইলিয়াম জেকচন স্মাৰ্টক সন্মান জনাব বিচাৰিছিল। পত্নীৰ মৃত্যুৰ পিছত দেউতাকে অকলে ছটা সন্তানক ডাঙৰ-দীঘল কৰিছিল। সোণোৰাই অনুভৱ কৰিলে যে মাতৃৰ বাবে যেনেকৈ মাতৃ দিৱস আছে, পিতৃৰ বাবেও এটা দিন থাকিব লাগে। জুন মাহত পিতৃৰ জন্মদিনত এই দিৱস পালন কৰাৰ প্ৰস্তাৱ দিছিল আৰু এইদৰে ১৯১০ চনৰ ১৯ ​​জুনত প্ৰথমবাৰৰ বাবে পিতৃ দিৱস পালন কৰা হৈছিল।

২০২৫ চনত পিতৃ দিৱস কেতিয়া?

এইবাৰ ১৫ জুন দেওবাৰে পিতৃ দিৱস পালন কৰা হ’ব। এই তাৰিখটো প্ৰতি বছৰে সলনি হয় কাৰণ ইয়াক নিৰ্দিষ্ট দিনত নহয়, জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়। ভাৰত, আমেৰিকা, ব্ৰিটেইনৰ দৰে বহু দেশত একেলগে উদযাপন কৰা হয়। পিতৃৰ প্ৰতি থকা অনুভৱ প্ৰকাশ কৰাৰ বাবে এইটো দিন বিশেষ।

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?