চুলিৰ বাবে কণীৰ বগা অংশ ভালে নে কুহুম ভাল ? জানক ইয়াৰ সম্পূৰ্ণ উপকাৰিতা…

কণীত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে চুলিক ডাঠ, মজবুত আৰু চিকচিকিয়া কৰি তোলাত সহায় কৰে। কণীত প্ৰটিন, বায়’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে চুলিৰ শিপাক পুষ্টি প্ৰদান কৰাত সহায় কৰে ।

চুলিৰ বাবে কণীৰ বগা অংশ ভালে নে কুহুম ভাল ? জানক ইয়াৰ সম্পূৰ্ণ উপকাৰিতা...

চুলিৰ বাবে কণীৰ উপকাৰিতা

Updated On: 

05 Jan 2025 10:33 AM

চুলিৰ যত্ন আৰু বৃদ্ধিৰ বাবে প্ৰাকৃতিকভাৱে যত্ন লোৱাটো অতি প্ৰয়োজন । চুলিৰ যত্ন লোৱাৰ বাবে কণী উপকাৰী হিচাপে বিবেচিত হৈ আহিছে । কণীত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে চুলিক ডাঠ, মজবুত আৰু চিকচিকিয়া কৰি তোলাত সহায় কৰে। কণীত প্ৰটিন, বায়’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে চুলিৰ শিপাক পুষ্টি প্ৰদান কৰাত সহায় কৰে । লগতে মূৰৰ ছাল সুস্থ কৰি ৰাখে আৰু চুলি সৰা ৰোধ কৰে। জানোঁ আহক চুলিৰ বাবে কণী কিমান উপকাৰী ।

কণীৰ কুহুমত বায়’টিন, ভিটামিন এ, ডি আৰু ই, ফ’লেট, আৰু ফেটি এচিড থাকে, যিয়ে চুলিক পুষ্টি প্ৰদান কৰে । কণীৰ কুহুমত থকা ফেটি এচিড আৰু কলেষ্টেৰলে চুলিক হাইড্ৰেট আৰু মইশ্ব’ৰাইজ কৰে। ই চুলিক কোমল আৰু চিকচিকিয়া কৰাত সহায় কৰে। ইয়াত থকা বায়’টিন আৰু প্ৰ’টিনে মূৰৰ ছালখন সুস্থ কৰি তোলে, যাৰ ফলত চুলিৰ বৃদ্ধি ত্বৰান্বিত হয়।

কণীৰ বগা অংশত প্ৰটিনৰ পৰিমাণ অতি বেছি, যাৰ বাবে দুৰ্বল আৰু পাতল চুলি মজবুত হয়। কণীৰ বগা অংশই অতিৰিক্ত তেল আঁতৰোৱাত সহায় কৰে, যাৰ ফলত মূৰৰ ছাল পৰিষ্কাৰ হয় । লগতে প্ৰটিনে চুলিৰ শিপাবোৰক শক্তি প্ৰদান কৰে আৰু চুলি সৰা সমস্যা দূৰ কৰে । ইয়াত থকা পুষ্টিকৰ উপাদানে চুলি দীঘল কৰাত সহায় কৰে।

যদি আপোনাৰ চুলি শুকান আৰু ক্ষতিগ্ৰস্ত হয়, তেন্তে কণীৰ কুহুম অধিক উপকাৰী হ’ব। ই চুলিক পুষ্টি আৰু আৰ্দ্ৰতা প্ৰদান কৰিব। যদি আপোনাৰ চুলি তেলীয়া বা পাতল হয়, তেন্তে কণীৰ বগা অংশ অধিক ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব। ইয়াৰ ফলত অতিৰিক্ত তেল আঁতৰি চুলি মজবুত হ’ব। যদি আপুনি আপোনাৰ চুলিক সম্পূৰ্ণ পুষ্টি দিব বিচাৰে তেন্তে গোটা কণী ব্যৱহাৰ কৰিব পাৰে।

১-২টা কণীৰ কুহুমত ১ চামুচ নাৰিকল তেল বা অলিভ অইল মিহলাই লওক। চুলি আৰু মূৰৰ ছালত লগালে ৩০ মিনিটৰ পিছত ধুই পেলাব। ইফালে, ১-২ টা কণীৰ বগা অংশৰ লগত নেমুৰ ৰস মিহলাই লওক। মূৰৰ ছালত লগালে ২০ মিনিটৰ পিছত ধুই পেলাব। ইয়াৰ উপৰিও গোটা কণীও দিব পাৰে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?