শীতকালত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ সঠিক উপায় কি? জানক

অত্যধিক ডিটক্স খাদ্যৰ ফলত স্বাস্থ্যজনিত সমস্যা আৰু পুষ্টিৰ অভাৱ হ’ব পাৰে। কিন্তু জীৱনশৈলীত প্ৰয়োজনীয় পৰিৱৰ্তন কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাব পাৰি। শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰাবলৈ কি কি উপায় গ্ৰহণ কৰিব পাৰে ? জানক

শীতকালত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ সঠিক উপায় কি? জানক

প্ৰতীকী ফটো

Updated On: 

08 Jan 2025 | 05:52 PM

সুস্থ জীৱন যাপনৰ বাবে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাটো অতি প্ৰয়োজন । ৰোগৰ পৰা হাত সাৰিবলৈও প্ৰত্যেকে সময়ে সময়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা উচিত। আচলতে শৰীৰৰ বিষাক্ত পদাৰ্শ আঁতৰাবলৈ ইণ্টাৰনেটত বহুতো পদ্ধতি আৰু পানীয় উপলব্ধ। কিন্তু শৰীৰে স্বাভাৱিকভাৱে নিজৰ শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰাব লাগে ।

উইচ নিউ ৱেলনেছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া কৰণ খুৰানাই কয় যে, আজিকালি ডিটক্স ডায়েট আৰু ক্লিনজৰ ট্ৰেণ্ড চলি আছে, যিয়ে দ্ৰুত ওজন হ্ৰাস কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে । কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায়। ইয়াৰ উপৰিও অত্যধিক ডিটক্স খাদ্যৰ ফলত স্বাস্থ্যজনিত সমস্যা আৰু পুষ্টিৰ অভাৱ হ’ব পাৰে। কিন্তু জীৱনশৈলীত প্ৰয়োজনীয় পৰিৱৰ্তন কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাব পাৰি।

শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰাবলৈ কি কি উপায় গ্ৰহণ কৰিব পাৰে ?

  • শৰীৰত সঠিক পৰিমাণৰ পানী থাকিলে বৃক্ক ভালদৰে কাম কৰাত সহায় কৰে। লগতে খাদ্য়ৰ তালিকাত হাইড্ৰেটিং খাদ্যও অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ উপৰিও বনৌষধি চাহও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি।
  • প্ৰটিন আৰু আঁহযুক্ত খাদ্যই পাচনতন্ত্ৰ উন্নত কৰে। এইবোৰে শৰীৰক অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যোগান ধৰে। খাদ্যত ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰক। ইয়াৰ লগে লগে শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ কোনো অভাৱ নহ’ব ।
  • সুস্থ হৈ থাকিবলৈ আৰু শৰীৰৰ পৰা স্বাভাৱিকভাৱে বিষাক্ত পদাৰ্থ আঁতৰাবলৈ নিয়মিত ব্যায়াম কৰাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। যোগাসন আৰু খোজ কঢ়াৰ অভ্যাস কৰিলে ৰক্ত সঞ্চালন ভাল হৈ থাকে ।
  • ভাল টোপনিয়েও শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ৭-৮ ঘণ্টাৰ গভীৰ টোপনিয়ে শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক ।
  • প্ৰচেছড খাদ্য আৰু অতিমাত্ৰা চুগাৰ থকা সামগ্ৰীয়ে স্বাস্থ্যৰ ক্ষতি কৰে। যাৰ ফলত লিভাৰত অধিক চাপ পৰে। এইবোৰ বস্তুৰ পৰিৱৰ্তে প্ৰাকৃতিক বস্তু খাওক।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...